পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৭

গৈছিল কাজৰীৰ বুকুত অভিমান, অবিশ্বাস আৰু অক্ষমনীয় অপৰাধীৰ প্ৰতি ঘৃণাৰ সৌধ। সেই বছৰ তাইৰ মেট্ৰিকৰ ৰিজাল্ট বেয়া হৈছিল। “ৱৰ্থলেছ গাৰ্ল, গুড ফৰ নাথিং” বুলি তাইক গালি দিয়া দেউতাকলৈ ফ্লাৱাৰ ভে’চটো দলিয়াই তাই ওলাই আহিছিল।

 তেতিয়াও জীয়াই আছিল নেকি কাজৰীৰ বুকুত দেউতাকৰ স্নেহ ঘূৰাই পাব বুলি আশাৰ চাকি গছি? হয় আছিল, ভাবিছিল কাজৰীয়ে মাকৰ মৃত্যুৰ পাছত দেউতাক উভতি আহিব, নিজৰ ভুলবোৰ শুধৰাব, তাইৰ কাৰণে, একমাত্ৰ সন্তানৰ কাৰণে!

 কিন্তু কাজৰীক চূড়ান্তভাবে হতাশ কৰি মাকৰ মৃত্যুৰ পাছতো তাইৰ বুকুৰ ঘৃণাৰ সৌধটো ভাঙিবলৈ দেউতাক জনাৰ্দন পূজাৰীয়ে কোনো যত্ন নকৰিলে।

 কাজৰীৰ মোবাইলৰ স্ক্ৰীণখনৰ ঈষৎ নীলা পোহৰটো জ্বলি উঠিল।

 সৰুতে কাজৰীক মাকে সাধু শুনাইছিল, শুনাইছিল বীৰ বীৰাংগনাৰ জীৱন গাঁথা, ইতিহাসৰ পাতৰ পৰা জীৱন্ত হৈ ধৰা দিছিল অনেক চৰিত্ৰই। যিদিনা কাজৰীয়ে তাইৰ দেউতাকে ব্যৱসায়ত লাভ হোৱাৰ অংক কৰি নিজৰ ৰাইভেল পাৰ্টী অন্য এক ব্যৱসায়ীৰ পুতেকৰ লগত তাইৰ বিয়াৰ কথা আলোচনা কৰা বুলি গম পাইছিল, সেইদিনা কিয় জানো তাইৰ মাকে হাইস্কুলত থাকোঁতেই শুনোৱা ইতিহাসৰ সেই নাৰী চৰিত্ৰ বোৰৰ লগত নিজকে ৰিজাই চাবৰ মন গৈছিল। একোজন ৰজাৰ প্ৰভুত্ব বিস্তাৰৰ অংকটোত বলি হয় একোগৰাকী ৰাজকুঁৱৰী, ৰাজ্য জয়ৰ হিচাপ নিকাচত ব্যস্ত থকা ৰজাই কেতিয়াবা সুধি চাইছিল জানো কুঁৱৰীয়ে কি বিচাৰে? কেনেবাকৈ কুঁৱৰীৰ হৃদয়ত ঠাই পাইছে নেকি প্ৰতিপদৰ জোনৰ সৈতে কথকতা কৰা কোনো পেশীবহুল ডেকাই! কাজৰীৰ মনলৈ আহিছিল ৰমণী গাভৰুৰ কথাবোৰ।

 কি কৰিছিল ৰমণীয়ে? স্বৰ্গদেৱে যেতিয়া মোগলৰ হাতত গতাই দিছিল, তেতিয়া কি কৰিছিল সেই দুৰ্ভগীয়া কন্যাই? মোমায়েকৰ ৰাজ্য হাত কৰাৰ ষড়যন্ত্ৰৰ কথা গম পাই সকীয়াই দিয়াৰ পাছতো শুনিছিলনে মোমায়েকে তেওঁৰ কথা?

 আৰু কাজৰীয়ে? দেউতাকে এবাৰলৈও ভাবি চাইছিল জানো কাজৰীৰ হৃদয়খনে কি বিচাৰে? মাক গুচি যোৱাৰ পাছৰেপৰা তাইৰ ঘৰখনত সোমালেই উশাহ ল’ব নোৱাৰা যেন অনুভৱ হয়। দেউতাক মাহটোৰ বিশ দিন ঘৰত নাথাকে বুলিয়েই ক’ব পাৰি। থকা কেইদিন তেওঁক লগ কৰিবলৈ হৰেক ৰকমৰ মানুহ আহে। মদ মাংসৰে আপ্যায়িত হোৱা সেই সন্ধিয়া বোৰত কাজৰীয়ে গোপন অভিসন্ধিবোৰৰ উমান পায়। দেউতাকে হয়তো ভবাই নাছিল যে তেওঁৰ ছোৱালী ইমানখনি কথা বুজিব পৰাকৈ ডাঙৰ হৈ উঠিছে বুলি। কেনেকৈ জানিব! সন্তানৰ উশাহ নিশাহৰ সৈতে জড়িত পিতৃয়েহে উমান পাব সন্তানৰ পৰিপক্কতাৰ।

 কাজৰীৰ দেউতাকে কাজৰীক নোসোধাকৈ তাইৰ বিবাহৰ সম্পৰ্ক ঠিক কৰিছিলে। এই সকলোবোৰ কথাই কাজৰীয়ে গম পাই আছিল। কিন্তু তাই একো মতা নাছিল মুখেৰে। কিয়নো তাৰো আগতেই তাই সাক্ষ্য হৈছিল আন এক ষড়যন্ত্ৰৰ, স্থানীয় বিধায়ক জনক দেউতাকে ফোনত কোৱা কথাকেইটাৰ, ডি এছ পি বহ্নিমান বৰুৱাৰ দৰেই সুকুমাৰ কলিতাৰো গতি লগোৱাৰ কথা!

 এই শেষ নিশা গাৰুত মূৰ থৈ কাজৰীৰ দুচকু সজল হৈ আহিল।

 কিয় এনেকুৱা হ’ল! তাইতো কেতিয়াও তুলি ল’ব খোজা নাছিল গাণ্ডীৱ! কাইলৈ হয়তো তাইৰ চকুৰ সমুখত তাই দিয়া প্ৰমাণৰ ভিত্তিতেই দেউতাকক পুলিচে উঠাই লৈ যাব, সেই দেউতাকক যাৰ বাবেই তাই শৈশৱৰেপৰা কেৱল মিছা প্ৰত্যাশা, অপূৰ্ণ প্ৰতিশ্ৰুতিৰ সৈতে সহবাস কৰি আহিলে।

 উজাগৰে থাকি কাজৰীয়ে শেষ নিশাটো পাৰ কৰিলে।

 কেইমাহমান আগতে জিলাখনৰ উপকণ্ঠ অঞ্চলটোত এটা খবৰ বনজুইৰ দৰে বিয়পি পৰিছিল। কেইবাটাও লাভজনক ব্যৱসায়ৰ স্বত্বাধিকাৰী, ভূ-মাফিয়া, চোৰাং কাঠ আৰু কয়লাৰ বেহা চলোৱা জনাৰ্দন পূজাৰীয়ে ৰজাঘৰৰ কৃপাদৃষ্টিত অনেক ভুৱা নথি – পত্ৰৰে ছলে বলে কৌশলে দখল কৰা নৈপৰীয়া মাৰ্টিটুকুৰাত এটা ‘মিনি চিমেন্ট প্লেণ্ট’ আৰু শিলৰ কুৱেৰী আৰম্ভ কৰিবলৈ লৈছিল। জনবসতিপূৰ্ণ নৈ-পৰীয়া ঠাইকণত এই উদ্যোগ গঢ়াৰ জৰিয়তে গোটেই অঞ্চলটোৰ পৰিবেশক বিপন্ন কৰাৰ এই খবৰটোৱে ৰাইজক জোকাৰি যোৱাৰ লগতে সম সাময়িকভাৱে চুই গৈছিল তিনিগৰাকী নাৰীক; ঘটনাৰ লগত

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড