সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৪

মদাহীৰ জীয়েক

নমি গগৈ

 বছেৰেকীয়া পৰীক্ষালৈ বেছি দিন নাই। ঘৰৰ মূল দুৱাৰখন খুলিয়েই ভৰি দিয়া কোঠাটোত এজনীয়া বিছনাখনৰ সমান আহল বহল ডেস্ক-বেঞ্চযোৰত বহি ছোৱালীজনীয়ে বিজ্ঞানৰ কিতাপৰ পাঠ এটা পঢ়ি আছে। ছোৱালীজনীৰ ককা-আইতাকে জুহালৰ কাষত হাত সেকি বহি আছে আৰু তাইৰ মাক পাকঘৰত ৰাতিৰ সাজৰ যোগাৰত ব্যস্ত হৈ পৰিছে। সোমবাৰৰ নিশা । আঠ বজাৰ লগে লগে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া নাটখনিৰ বাবে ছোৱালীজনীয়ে পঢ়াৰ মাজে মাজে কাণ উনাইছে। তাই ঘড়ী চাব নাজানে বাবেই এনেদৰে কাণ উনাবলগীয়া হৈছে। তাইৰ মাকে আঠ বজাৰ আগে আগে ৰেডিঅটো অন কৰে। “এয়া আকাশবাণী ডিব্ৰুগড়। আপোনালোকে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ পাঁচশ ঊনত্ৰিশ দশমিক একৰ জৰিয়তে। আমাৰ আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ...।” ছোৱালীজনীয়ে ততাতৈয়াকৈ কিতাপখন সামৰি ভিতৰৰ কোঠালৈ লৰ মাৰিলে। ঠিক আগৰ সোমবাৰবোৰৰ দৰে।

 নাটখন আৰম্ভ হৈছিলহে এথোন। ধমহকৈ ঘৰৰ মূল দুৱাৰখনত শব্দ এটা হ’ল। ছোৱালীজনীৰ বুকুখনতো জোৰেৰে ঢুককৈ শব্দ এটা হ'ল। তাই খৰধৰকৈ আহি আকৌ পঢ়া মেজত বহিলহি।মাকে দুৱাৰখন খুলি দিলেহি। পিছলৈ নোচোৱাকৈয়ে ছোৱালীজনীয়ে গম পালে দুৱাৰখন খুলি দিয়েই মাক লৰালৰিকৈ আকৌ পাকঘৰত সোমালগৈ আৰু কম বতাহত হালিজালি থকা পাটি দৈ গছজোপাৰ দৰে হালিজালি ৰৈ আছে তাইৰ দেউতাক । থৰকৰক অৱস্থাৰে কোনোমতে পৰি নোযোৱাকৈ ৰৈ থকা মানুহজন তাইক চেৰাই ভিতৰৰ কোঠালৈ সোমাই যাওক। প্ৰায়েই কৰাৰ দৰে তাই আজিও প্ৰাৰ্থনা কৰিলে। নগ’ল। মানুহজনে থৰকৰক খোজবোৰ কিতাপ মেলি বহি থকা ছোৱালীজনীৰ ফালে আগবঢ়ালে। লাহেকৈ হাউলি দি মানুহজনে ছোৱালীজনীৰ কান্ধৰ ওপৰেদি তাইনো কি পঢ়িছে চালে। ভেকেটাভেকেট গোন্ধটোৱে ছোৱালীজনীক মুখখন সোপা দিবলৈ বাধ্য কৰিলে। অলপদেৰি চাই থাকি মানুহজন শোৱনিকোঠাত সোমালগৈ। লাহেকৈ কিতাপখন জপাই থৈ ছোৱালীজনীয়ে মাকৰ ওচৰৰ পৰা ৰেডিঅটো নি ককাক আইতাকৰ কোঠাত সোমাল। ভাত খাবৰ পৰত খাবলৈ বুলি বহিবলৈ লৈ মাকক ভাতৰ পাতত নেদেখি তাই মাকহঁতৰ শোৱনি কোঠালৈ বুলি পোনালে। মাকে দেউতাকৰ জোতাযোৰ খুলি আছিল প্ৰায়ে তাই দেখাৰ দৰেই। তাই দুৱাৰ মুখৰ পৰাই আঁতৰি আহিল। তাই জানে ককাক,আইতাকৰ লগতে তাইৰ খোৱা হ'লেহে মাকে খাবলৈ বহিব। আৰু শোৱনি কোঠাৰ চাপৰ মেজখনৰ ওপৰত ঢাকি থ'ব দেউতাকলৈ বুলি ভাতৰ কাঁ‌হীখন। অজানিতে ছোৱালীজনীৰ মুখেৰে হুমুনিয়াহ এটা সৰে। তাইৰ মনটোত বেয়া লগা কিবা এটা ভাৱে প্ৰায়ে ক্ৰিয়া কৰি থাকে। যিটো বেয়া লগাৰ কথা কাকো ক'ব নোৱাৰে তাই। এনেয়েও বয়সতকৈ সোনকালে তাইৰ মনটো ডাঙৰ হৈছে বুলি কৈ থাকে আইতাকহঁতে। বাহিৰা কিতাপ সোপাই হেনো তাইৰ মগজুটো খাইছে। কেনেকৈ বুজাব তাই যে এই কিতাপবোৰে তাইক কিমান সংগ দিছে। কিমানলৈ আৱৰি ৰাখিছে তাইক।

 পুৱা পঢ়িবলৈ বহি ছোৱালীজনীৰ কাণত পৰিল মাক দেউতাকৰ চেপা কণ্ঠৰ তৰ্কাতৰ্কি। প্ৰায়ে শুনাৰ দৰে। মাকে দেউতাকক মদ নাখাবলৈ বুজায় আৰু দেউতাকে খাই খাই মৰি যাম বুলি ওভতি ধৰে। কথাবোৰে ছোৱালীজনীৰ মূৰত পাক ঘূৰণি খাই ধৰে। কিছু কথা তাই বুজে আৰু কিছু কথা তাই নুবুজাকৈ মূৰৰ ওপৰেদি যায়গৈ। এটা সময়ত মাক দেউতাকৰ চেপা মাত দুটা নোহোৱা হয়। দেউতাক দোকানলৈ যায় , মাকে ককাক আইতাকৰ সতে তাইক ভাত দিয়ে। ভাত খাই উঠি ককাকে ৰেডিঅটো পকায়। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰে আধুনিক গীতৰ অনুষ্ঠান “গীতাঞ্জলি।” ছোৱালীজনীৰ স্কুল যাবলৈ খৰধৰ লাগে। সোনকালে গা ধুই সাজু হয় মানে লগৰীয়াৰ দলটোৱে তাইক মাতি থাকেহি পদূলিৰ পৰা। ছোৱালীজনী স্কুললৈ যোৱাৰ পাছতেই তাইৰ মাক পথাৰলৈ যায়। দাৱনীবোৰলৈ জলপানৰ টোপোলাটো লৈ। বাওঁহাতত ধান কাটিবলৈ পিন্ধা

চাইকেলৰ টিউবেৰে সজা ৰবৰৰ আঙুলি আৰু এটা পুৰণা হাত দীঘল চোলাৰ লগতে কাঁ‌চিখন আৰু সোঁহাতেৰে জলপানৰ

অৰ্দ্ধ-আকাশ : ৰচনা সমগ্ৰ, প্ৰথম খণ্ড