পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১৩

অণুগল্প

নেন্‌চি ভঁৰালী মালি

 ৰহস্য
 ককালখনত হাত দি কুজিহৈ অহা পকা চুলিৰ বুঢ়ি জনী দেখি আমাৰ চুপাটোৰ সকলোৱে আচৰিত হৈছিল যদিও লগত যি বাৰ্তা আনিছিল সেয়া আছিল ভয়ংকৰ। চুপাটোত থকা প্ৰতিগৰাকি মাঁ‌-দেউতা হেনো নিজৰ পোনাহঁতক এৰি এইমুহুৰ্ততে যাব লাগিব। এয়া হেনো সৰগৰ পৰা অহা আদেশ নহলে প্ৰলয় হব। মা-দেউতাহঁতক বগা সাজ পিন্ধাই বুঢ়িজনীয়ে আকাশৰ ফালে উৰাই লৈ গল। আমি সকলোৱে কান্দি কান্দি পিছে পিছে দৌৰিলো। মোৰ ১৫ দিনিয়া সৰু ভাইটোক কোলাত লৈ দৌৰি যাওঁতে সি পিছলি গৈ সাগৰত পৰিল। মই পাগলৰ দৰে কান্দি কান্দি মাক মাতিলো। মায়ে কলে ঐ উঠ উঠ বেলি দুপৰ হল। উফ ৰক্ষা সপোন আছিল। কিন্তু একেটাই সপোন মই চাৰিবাৰকৈ দেখাৰ ৰহস্যনো কি?

 পৰাচিত
 সৰুতেই মাক ঢুকুৱাৰ বাবেই পাহিক দেউতাক কুশলে মাক কাজলৰ মৰমকনও দি আহিছে। ২২ বছৰ বয়সতে ঘটিল ঘটনাটো। পুৱা চাহৰ টেবুলত বহি থাকোতে মুৰ ঘূৰাই পৰাত দেউতাকে ডাক্তৰৰ পৰা জানিলে যে পাহি অন্তসত্বা,তায়েই শেষত কলে যে ভালপোৱা লৰাজনো পাহিৰ পৰা দুৰত গুছি গল এটা এডেন্তত। এইহেন এটা জটিল সময়ত দেউতাকে পাহিৰ মুৰটো পিহি কলে যে আজিৰ পৰা কেচুৱা আৰু তোৰ দুয়োৰে যত্নৰ দৰকাৰ হব। হাঁহি হাঁহি কলে মই ককা হম। পাহি দেউতাকক সাবতি কান্দি থাকোতে দেউতাকেও চকু মুদি ক্ষমা খুজিলে মামণি চৌধুৰিক। কলেজৰ দিনত কুশল আৰু মামণিৰ প্ৰেমৰ চিহ্নটিক কুশলৰ কথাতেই মামণিয়ে কান্দি কান্দি নষ্ট কৰিব লগা হৈছিল। এয়া তাৰেই পৰাচিত।

 জীৱন
 ‘জীৱন জীৱন বৰ অনুপম’ নামটো দেখিয়েই কিতাপখন কিনিলে জয়াই। বৃদ্ধাশ্ৰমত আহি পঢ়িব লৈ তাই ভাবত বিভোৰ হল। বিয়াৰ আগত দেউতাক,দাদাক সকলোৰে শাসনত জেলত থকাৰ দৰেই জীৱন কটাইছিল। বিয়াৰ পিছত অলপ স্বাধীন হব বুলি ভাবি য়ে বিয়াত বহিছিল পিছে শাহু আৰু গিৰিয়েকচোন আৰু এখোপ ওপৰত। জীয়াই জীয়াই মৰাশৰ দৰে হৈ পৰা জয়াই যেতিয়া কন্যা সন্তান এটি জন্ম দিছিল তাই প্ৰতিজ্ঞাবদ্ধ হৈছিল যে জীয়েকক তাইৰ দৰে গঢ় নিদিয়ে। পিছে সেইকণ আশাও ভাঙি চুৰমাৰ হল যেতিয়া নিজৰ জীয়েকেই মাকক কয় “মাঁ‌ তুমি একেবাৰেই অল্ড ফেচন, please মোৰ লগত লাগি নাথাকিবা।”

 নিষিদ্ধ
 কেনেকৈ হল নাজানো। হয়তু দুৰ্গা পুজা চাই উভতি অহা সময়ত গাড়ীৰ আগত পৰিব লওতেই থাপ মাৰি ধৰোতে,হয়তু মোৰ জ্বৰত মৰমৰ ভাত মুঠি খুৱাই দিওতে,হয়তু মোৰ প্ৰতিতো ভুল সুধৰাই দিয়া সময়ত। ভাল লগাবোৰ,প্ৰেমবোৰ আজি ৪ বছৰ হল। কিন্তু সমাজে জানিলে আমাক হয়তু মাৰি পেলাব। এই প্ৰেমৰ পৰিণতি ভয়ংকৰ বুলি মগজুই কৈছিল যদিও অন্তৰে নামানিলে। ঘৰখনে লেইলেই-চেই-চেই কৰাৰ আগতেই বুজাপৰাৰ মাজেৰেই আমি দুয়ো বিচ্ছেদৰ চাদৰখন মেৰিয়াই ললো।

কিয়নো আমি দুয়ো ছোৱালী।

অৰ্দ্ধ-আকাশ : ৰচনা সমগ্ৰ, প্ৰথম খণ্ড