পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১২

 বাইদেউ তিতা কেৰেলা ল’ব নেকি? পাচলি দিয়া ল’ৰাটোৰ মাতত তাই একপ্ৰকাৰ উচপ খাই উঠিল।
 অ অ ল’ম আৰু কি আনিছা বাৰু?
 সদায় থকাবোৰেই আৰু বাইদেউ কেৰেলা আপুনি ভাল পাই যে। কৈ সি জুখিবলৈ পাল্লাখন উলিয়াই ল’লে।
 পিছে বাইদেউ পাৰ্টি এটা হ’ব লাগে আৰু।
 কিহৰ পাৰ্টি অ?
 কিহৰ মানে আমি গম নাপাওঁ নেকি? আপোনাৰ নাম পেপাৰত ওলাইছে। দাদাই কালি বজাৰত পাই কৈছে নহয়। মোৰ মানুহজনীয়ে এইবোৰ পঢ়া পেপাৰ এখন নি দিলোঁ আপোনাৰ গল্প ওলোৱা বৰ ভাল পালে।
 দাদা মানে?
 উদয় দা আকৌ বৰ স্ফুৰ্তি কালি মোক বিশটকা এটা বেছিকৈ দি আহিছে মিঠা ই খাবি বুলি।
 হয় নেকি? তই বহ মই চাহ একাপ বাকিছোঁ। আনন্দ নে বেজাৰত সৰো সৰো দুটোপাল চকুলো লুকুৱাবলৈ তাই দৌৰি অহাদি পাকঘৰত সোমাল। ডাইনিঙৰ চকীখনত খামুচি ধৰি তাই উচুপি উঠিল। চিনাকি একেবাৰে আপোন মানুহজনৰ পৰা কালিৰে পৰা আশা কৰি থকা শুভেচ্ছাটো এনেকৈ তাইৰ সন্মুখত ধৰা দিব বুলি ভাৱিছিলনে ভাগিৰথীয়ে। পাচলিৰ দোকানৰ ল’ৰাটোৰ সন্মুখত উৎসাহিত হৈ পৰা মানুহজন ঘৰ আহি এনেকুৱা এটা ৰূপ ধাৰণ কৰিলে কিয়? কৰবাত ভাগিৰথীৰো ভুল হৈছে নেকি? অভিমানী মানুহটোক তাই বাৰু বেছি দূৰলৈ আতঁৰাই দিছে নেকি?

 বাইদেউ বেছি একো নিদিব মই ভাত খাই আহিছোঁ। বাহিৰৰ পৰা পাচলি দিয়া ল’ৰাটোৱে চিঞৰিলে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড