পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১১

 দুচকু ভৰি আহিল তেওঁৰ। প্ৰথম সন্তান জন্মৰ আনন্দত তেওঁ যিদৰে আত্মহাৰা হৈছিল দিন যোৱাৰ ল’গে মৌমনৰ মাজত দেখা দিয়া কিছু অস্বাভাৱিকতাই তেওঁক চিন্তাত পেলাইছিল। দ্বিতীয়বাৰত এহাল যঁজা সন্তান অহাৰ পিছত মৌমনৰ মাজত আৰু পৰিবৰ্তন আহিব ধৰিছিল। পে স্কুলখনৰ পৰা যেতিয়া মৌমনৰ কথাবোৰ লৈ দৈনিক অভিযোগ আহিব ধৰিলে তেওঁ সজাগ হ’ল। দেউতাকৰ পৰা বৰ বিশেষ গুৰুত্ব নোপোৱা আৰু মাকেও এহাল সন্তান লৈ ব্যস্ত হৈ থকাৰ মাজত মৌমন জেদী হৈ উঠিছিল, অকলশৰীয়া হৈ পৰা লৰাটোৰ তেওঁ এক বিশ্বস্ত বন্ধু হৈ পৰিছিল। মানসিক ভাৱে কিছু পিছ পৰা মৌমনক তেওঁ মৰমেৰে আকোঁৱালি লৈ থাকোঁতে কেতিয়ানো সি ডেকা এটা হ’ল, কেতিয়ানো সি মাকে মনে মনে লিখি থকা লিখাবোৰ পঢ়ি তাৰ গূঢ়াৰ্থ বুজিব পৰা হ’ল তেওঁ গমেই নাপালে। সি তাৰ ফেচবুকৰ ৱালত মাকৰ লিখাবোৰ শ্বেয়াৰ কৰিব ধৰিলে। ভৱাতকৈয়ো বেছি সমাদৰ পাব ধৰিলে তেওঁৰ লিখাবোৰে। মৌমনে ৰাতি মাক শোৱালৈ ৰৈ থাকিব। কমেন্টবোৰ পঢ়ি শুনাব আৰু দাবী কৰিব কাইলৈয়ো কিবা এটা লাগিব। কাহানিও ভবা নাছিল তেওঁ এই অনুভৱবোৰ যে এদিন মানুহৰ মাজলৈ যাব মানুহৰ মাজত ইমান সমাদৰ পাব। ফেচবুকৰ বহল ক্ষেত্ৰখনত লাহে লাহে ভাগিৰথী যেতিয়া নিজেই সোমাই পৰিল তেওঁৰ দুখবোৰ কমি আহিব ধৰিলে, প্ৰথমতে স্মাৰ্টফোনটো ল’বলৈ তেওঁ থেৰোঁগেৰোঁ কৰিছিল কিন্তু মৌমনে দুমাহৰ টিউচন কৰি পোৱা পইচাৰে কিনা মবাইলটো ল’বলৈ তেওঁ একপ্ৰকাৰ বাধ্য হৈছিল। তাৰ পিছৰ পৰা লাহে লাহে দুই এটা কথা শিকিছে যদিও এতিয়াও আয়ত্বলৈ আহিব বহু বাকী। যিদিনাই তাইৰ লিখনি ওলাই ফেচবুকত সিদিনাই সৰু কথা এটিক লৈয়ে উদয়ে কটু কথা শুনায়, আওপকীয়াকৈ মানুহৰ আগত ফেচবুকৰ সমালোচনা কৰে। ৰাতিপুৱাৰ চাহকাপ দিয়া দেৰি হ’লে ভোৰভোৰাই ৰাতি এপৰলৈ মবাইল টিপিব আৰু এতিয়া পুৱাৰ চাহ আঠটাত।

 খাবলৈ মন গ’লে নিজে বনাব লাগে মৌমনে উত্তৰটো দিহে আঁতৰি যায়। কেতিয়াও দুয়োৰে ৰাহি যোৰা নাহে বাপেক পুতেকৰ। ভাগিৰথীয়ে একো উত্তৰ নিদিয়ে লিখি তেওঁ যিমান সুখ পায় এইবোৰ গালিয়ে তাত একো পাত্তাই নাপায়। বন্ধুবোৰ দিনে দিনে বাঢ়ি গৈ আছে অনুৰোধবোৰ প্ৰফাইলত গৈ গৈ মৌমনে মাকক দেখুৱায়। মাকে চালি জাৰি চাই দিব লাগে।

 মা এইটো টাইমলাইনত নহয় ইনবক্সত লিখা।

 মা এইটো ইডিট কৰাচোন।

 মা এই কমেন্টটোত কি ৰিপ্লাই দিম?

 ৰাতি ভাত খোৱাৰ পিছত মাক পুতেকৰ এই মধুৰ সময়খিনিও অন্য এক সন্তুষ্টি ভাগিৰথীৰ বাবে। উদয় আৰু তেওঁৰ কাজিয়া পেচাল নাই কিন্তু কোনো কথাতে তাইক উৎসাহ নিদিয়া, প্ৰশংসা নকৰা , কোনো ঘৰুৱা কামত সহযোগ নকৰা, কিবা এটা খোৱাৰ ঊনৈশ বিশ হলেই মানুহৰ আগত গালি পাৰিবলৈ। কুণ্ঠাবোধ নকৰা মানুহজনৰ লগত নজনাকৈ যি মানসিক দূৰত্ব আহিল সেই দূৰত্ব দিনে দিনে বাঢ়ি গৈ আছে। আৰু আজি আহত হৈছে ভাগিৰথী। আজি প্ৰথম বাতৰি কাকতত তেওঁৰ গল্পটো প্ৰকাশ হোৱাৰ পিছতো নিৰ্বিকাৰ হৈ ৰ’ল উদয়। বাই শাহুৱেক। কেইজনীয়ে কৰি কৰি উৎসাহ দিছে।

 অ’ৰ পৰা ত’ৰ পৰা ফোনবোৰ আহিল আৰু তাই প্ৰজ্বলিত মুখেৰে ধন্যবাদ কৈ থাকিল তাতো ভোৰ ভোৰাই উঠিল উদয়ে। ইটো সিটো খুঁত উলিয়াই গালি পৰা সময়কণতো দুখৰ সলনি সুখে তাইক মেৰিয়াই ৰাখিলে। মানুহজনৰ সমস্যাটো ক’ত তাই ভাৱি থাকিল? আজি প্ৰকাশ হোৱা গল্পটো তাইৰ সম্পূৰ্ণ নিজক লৈ লিখিছিল। প্ৰতিটো চৰিত্ৰৰ মাজত তাই নিজৰ দুৰ্বলতাবোৰ আঙুলিয়াই গৈছিল ,এজনী ভাল মাতৃ, পত্নী, বোৱাৰী হ’ব খুজি তাই কৰি যোৱা ত্যাগখিনি লিখিছিল। ভাবিছিল গল্পটো উদয়ে পঢ়ক বুজক তাইক কিহৰ বাবে ভাগিৰথী এই পৃথিৱীত নিজক খাপ খুৱাই ল’ব লগা হৈছে। কিন্তু পঢ়া দূৰৈৰ কথা কিবা এটা কোৱাৰো প্ৰয়োজন তেওঁ অনুভৱ নকৰিলে।

 ৰাতিপুৱা শুই উঠিয়েই উশাহ লবলৈকো যেন সময় নাই কেৱল ধপলিয়াই ইটো ৰুমৰ পৰা সিটোলৈ কাম আৰু কাম ভাগিৰথীৰ বাবে আৰু উদয়ৰ বাবে বহি বহি কাকত চোৱা, ইটো দেৰি হ’ল সিটো নহ’ল বুলি অভিযোগ কৰি থকা। মৌমন কলেজলৈ ওলাই যোৱাৰ পিছত চাহ একাপ লৈ ভাগিৰথী বাৰাণ্ডাত বহিল ,এইকণ সময় নিজৰ তাইৰ নিজৰ মতে খৰচ কৰি সুখী হয়। মনটোক নিজৰ মতে গতি ল’বলৈকো যেন এইকণ সময়ৰ দৰকাৰ। কি হেৰুৱালে এইবোৰ ভাবি ভাগিৰথী অকণো দুখী নহয় কি পালে এয়াহে জুকিয়াই সুখী হয় তাই।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড