হাতৰ ঘড়ীটোলৈ চালে সি। ছয় বাজোঁ বাজোঁ।
খৰধৰকৈ ওলাই আহিল সি।
পশ্চিমৰ কমলা বুলিয়া আকাশত বেলিটো তেতিয়া ডুব যাবলৈ যাে জা কৰিছে।
(১৩)
: ইয়’ৰ কফি মেম।
দুকাপ কেপুচীন’ ৱেইটাৰজনে ঘূৰণীয়া টেবুলখনত থৈ গ’ল।
: কফি লওক অনিৰুদ্ধ দা।
: হুম৷
কফিকাপ হাতত তুলি ললে অনিৰুদ্ধই।
ছি ছি ডি ৰ ঘূৰণীয়া দুজনীয়া টেবুলখনত মুখামুখিকৈ বহিছে অনিৰুদ্ধ আৰু শ্যামলিমাই।
এবুকু সাহস, অদম্য উৎসাহ, দুচকুত দুৰন্ত সপােন, আৰু প্ৰচুৰ কর্মোদ্যমেৰে ভৰপূৰ এজনী হাঁহি মুখীয়া ছােৱালী শ্যামলিমা।
শ্যামলিমাৰ পিন্ধনত গ্ৰে ৰঙী ক্র’প টপ, হাই ৱেষ্ট কাফ লেংথ জিনছ। কেঁকোৰা চুটি চুলিখিনি ওখ পনিতেইল কৰি নিয়াৰিকৈ বান্ধি লৈছে। মাজে মাজে অবাধ্য হৈ লতাৰ দৰে সন্মুখৰ চুটি চুলিখিনি চকুৱে মুখে পৰিছেহি।
মন্ত্রী দেউতাকৰ আলাসৰ জী... শ্যামলীমা।
মাক দেউতাকৰ অতিপাত মৰম, অনুশাসনৰ বন্ধনৰ মাজত হেনাে তাই শাসৰুদ্ধ অনুভৱ কৰে।
অনিৰুদ্ধৰ আগত প্রায়ে অভিযােগ তুলিছিল তাই। নিজকে হেনাে বিচাৰি নাপায় তাই ঘৰখনৰ ভিতৰত।
“দেয়াৰ ইছ ন প্চে টু গ্রও হিয়েৰ।”
“মই নিজকে বিচাৰি পাব খােজো অনিৰুদ্ধ দা। মই মােৰ মাজত থকা পূর্ণাঙ্গ মইজনীক বিচাৰি চাব খােজো। অকণাে ভয় শংকা নােহােৱাকৈ পাত পাতকৈ ঘূৰি চাব খােজো এই ধুনীয়া পৃথিৱী।
অবাক লাগি চাইছিল সি তাইৰ উদ্দীপ্ত মুখখনলৈ। তাইৰ মুখখনত জিলিকি উঠা দেখিছিল সি আকাশ স্পর্শ কৰাৰ উদ্দীপনা।
নিজৰ ঘৰখনৰ মৰম, আলাস, আৰামদায়ক পৰিৱেশৰ আৱেষ্টনীৰ পৰা ওলাই আহি জার্নেলীজমৰ কণ্টকময় পথত বুকুত অদম্য সাহস, আৰু দুচকুত দৃঢ়তা লৈ নামি পৰিছে তাই মাক, দেউতাকৰ বাধা নমনাকৈ।
জার্নেলীজম.... তাইৰ হবি। তাই প্রথম প্রেম।
নিজৰ সপােনৰ পম খেদি মুম্বাইত আহি নিজৰ ভাল লগা পথ তাই নিজেই বাছি লৈছে।
অনুৰাগৰ বন্দুকৰ নলীৰ আগত দেউতাকৰ বুকু দেখি থৰথৰাই কঁপি ভয়ার্ত চাৱনিৰে চাই থকা সেই সৰু ছােৱালীজনী আজি ভৰ যৌৱনা আৰু অত্যন্ত সাহসী।
অন্যায়, অনীতি, দুর্নীতি, শােষণ তাই ঘৃণা কৰে। এইবােৰ যদি কেনেবাকৈ চক্ষুপাত হয়, নিজৰ দেউতাক, খুড়াকহঁতৰ বিপক্ষেও কলম টোৱাবলৈ সাহস কৰে শ্যামলিমাই।
তুমি কিবা কবা শ্যামলী?
: কথা থাকিলেহে অকল তােমাক লগ কৰিব পাৰি নেকি অনিৰুদ্ধ দা?
: তেনেকুৱা কথা নহয়। তুমিতাে অবাবত সময় খৰচ কৰা ছােৱালী নহয়।নবী মুম্বাইৰ পৰা ইমান দূৰলৈ আহিছা মােক লগ পাবলৈ... কথা নিশ্চয় আছে। কাম কেনেকুৱা চলিছে তােমাৰ ?
: কাম চলি আছে বাৰু...তুমি জানাই দেখােন। ...নতুন ইনভেষ্টিগেছন এটাও আৰম্ভ হব।
শেষৰ ফালে কথাখিনি সামান্য স্তিমিত কণ্ঠৰে কলে তাই।
:কিবা প্রয়ােজন হলে মােক নােকোৱাকৈ নাথাকিবা।
কথাষাৰ কৈ সামান্য অন্যমনস্কতাৰে অনিৰুদ্ধই কফি কাপত পুনৰ মনােযােগ দিলে।