পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৯৪

 ⵓশুনা ক্লাছৰ শেষত তুমি মোক লগ কৰিবা। মই কেণ্টিনতে থাকিম। কথা অলপ আছে তোমাৰ লগত।- মানসৰ কথা শুনি তাই কি ক’ব ভাবি নাপালে। কোবাকুবিকৈ আঁতৰি গ'ল মানসৰ ওচৰৰ পৰা। হাজাৰ চেষ্টা কৰিও মানসে কিয় লগ কৰিব ক’লে নুবুজিলে তাই। কিন্তু সেইদিনা কলেজত অলপো মন বহোৱাব নোৱাৰিলে। ক্লাছৰ শেষত তাইৰ দুভৰি কেণ্টিনৰ ফালে আগবাঢ়িছিল যদিও কেণ্টিন পোৱাৰ আগতেই তাই ঘূৰি আহিছিল। সাহস হোৱা নাছিল পুনৰ মানসৰ সন্মুখলৈ যাবলৈ। তাইৰ দৰে এজনী ছোৱালী মানসৰ দৰে সুন্দৰ ল'ৰা এটাৰ লগত কেণ্টিনত বহাটো যেন বহুত দোষণীয় কথা হ'ব, তেনেদৰে ভাবিছিল কৃষ্ণাই। ঘৰলৈ আহিও কৃষ্ণাই খাব, শুব নোৱাৰিছিল। মানসৰ ধুনীয়া মুখখনে তাইক অনবৰতে আমনি কৰি আছিল। আন দহ জনী ছোৱালীৰ দৰে তাইৰো যে এখন মৰমেৰে ভৰা হৃদয় আছে প্ৰথম বাৰলৈ উপলব্ধি কৰিছিল তাই। ভাল পাই। পেলাইছিল মানসক। তাইৰ হৃদয়ে তোলপাৰ লগাইছিল মানসৰ সান্নিধ্য পাবলৈ। তাৰ পিছৰ পৰা কলেজত মানসক লুকাই চোৰকৈ চাইছিল। চকুত চকু পৰিলে তলমূৰ কৰিছিল তাই। মানসে তাইক কিবা ক'ব বিচাৰিছিল। কিন্তু তাই সদায় আঁতৰি ফুৰিছিল মানসৰ পৰা। মানসক তাইৰ কাষলৈ অহা কোনো সুযোগ দিব বিচৰা নাছিল কৃষ্ণাই। কাৰণ তাই জানিছিল মানসে তাইক কেতিয়াও ভাল পাব নোৱাৰে আৰু তাই যদি তাৰ ওচৰত দুৰ্বল হৈ পৰে। সি যদি গম পাই যায় তাইৰ মনৰ কথা। যদি তাইক অপমানিত কৰে , প্ৰত্যাখ্যান কৰে তাইৰ ভালপোৱাক। তাই কেতিয়াও সহ্য কৰিব নোৱাৰিব। সকলোৱে কৰা অপমান তাই সহিব কিন্তু প্ৰিয়জনে যদি অপমান কৰে তাই তাতকৈ মৰি থকাই শ্ৰেয় বুলি ভাবে। কলেজত দুবছৰ পাৰ হ'ল। উচ্চ মাধ্যমিক পৰীক্ষাৰ শেষত কলেজ বন্ধ হ'ল। কৃষ্ণাৰ মনটোও ভাল নলগা হ'ল মানসক নেদেখাকৈ। এদিন খুৰাক ক'ৰবাত যাব লগীয়া হোৱাত তাই বজাৰলৈ গৈছিল ঘৰৰ প্ৰয়োজনীয় দুই এটা বস্তু কিনিবলৈ বুলি। বজাৰৰ পৰা ঘূৰি আহোতে সন্ধিয়া লাগিছিল। তিনিআলিটো ঘূৰোতে ল'ৰাকেইটামানে তাইক আগুচি ধৰিলে। অশীল শব্দৰে তাইক কিবাকিবি ক'লে। দুহাতেৰে কাণ দুখন ধৰি তাই চিঞৰি উঠিল। কোনোবা এটাই তাইৰ ডিঙিৰ পৰা দুপাট্টা খন টানি লৈ গ'ল। কৃষ্ণাই চিঞৰি চিঞৰি কান্দিলে। কিন্তু তাইৰ চিঞৰ যেন কাৰে কাণত নোসোমাল। দুটা ল'ৰাই তাইক হেঁচা মাৰি ধৰিবলৈ উদ্যত হৈছিল আৰু সেই সময়তে কোনো বাইক আৰোহীৰ লাইটৰ পোহৰত ল'ৰাকেইটা আঁতৰি গৈছিল। কৃষ্ণই হুকহুকাই কান্দি পেলাইছিল। বাইক আৰোহীজনে বাইকৰ পৰা নামি আহি আঁতৰত পৰি থকা দুপাট্টা খন তাইৰ গাত মেৰিয়াই দিছিল।

 ⵓএইদৰে অকলে ঘূৰি নুফুৰিব। দিন কাল বেয়া। - মাতটো শুনি কৃষ্ণই আৰোহীজনৰ মুখলৈ চাইছিল। চাৎ কৈ বিজুলী এচমকাহে যেন তাইৰ গাত পৰিছিল।

 „”মানস!

 ⵓতুমি!! - তাইক দেখি মানসো আচৰিত হৈছিল। সিয়ো হয়টো ভবা নাছিল সেইজনী কৃষ্ণা হ'ব। একো নাভাবি কৃষ্ণাই মানসৰ দুবাহুত সোমাই পৰিছিল। আৰু মানসেও তাইক সাৱটি ধৰিছিল জোৰেৰে।

 ⵓকৃষ্ণা, আজি মই তোমাক কমেই যে মই তোমাক ভালপাওঁ। প্ৰথম দেখাতেই তোমাক ভাল লাগি গৈছিল মোৰ। কিমান বাৰ যে চেষ্টা কৰিলোঁ তোমাক ক'ম বুলি। কিন্তু মোক এবাৰৰ কোৱাৰ সুযোগ নিদিলা তুমি।-মানসৰ মাতটো ক্ৰমান্বয়ে থোকাথুকি হৈ পৰিছিল। কৃষ্ণাই মানসৰ দুবাহুৰ পৰা ওলাই আহিছিল। নিজৰ কাণ দুখনকে যে তাই বিশ্বাস কৰিব পৰা নাই। কি কৈছে মানসে এইবোৰ!

 ⵓকিন্তু মোৰ দৰে কলি এজনীক...

 ⵓচুপ, একো নকবা। তোমাৰ বাহ্যিক শৰীৰটো নহয় তোমাৰ হৃদয়খনকহে ভালপাওঁ মই। তুমি চিৰদিনৰ বাবে মোৰ হ’বা নে কৃষ্ণা? হিয়া উজাৰি ভাল পাবা নে মোক? -কৃষ্ণাই আৰু একো ক'ব নোৱাৰিলে। সাৱতি ধৰিলে মানসক। সেই মুহূৰ্তত কৃষৰ মুখখন উজ্জ্বলি উঠিছিল। সেইদিনাহে যেন তাই এগৰাকী প্ৰকৃত নাৰীলৈ পৰ্যবসিত হৈছিল। আন্ধাৰৰ শেষত জোনাক নামি আহিছিল তাইৰ জীৱনলৈ। ক'ৰবাৰ পৰা ৰিণি ৰিণি ভাহি আছিল বাঁহীৰ এটি মিঠা সুৰ।