পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 ⵓপখিলী অ পখিলী ক’ত আছ তই? - সেইয়া খুৰাকৰ মাত। তেওঁ তাইক পখিলী বুলি মাতে। লৰালৰিকৈ দুচকুৰে বাগৰি অহা চকুৰ পানী খিনি মোহাৰি ললে তাই।

 ⵓঅ পখিলী তই ইয়াতহে বহি আছ! গোটেই খন তোক বিচাৰি চলাথ কৰিলোঁ।

 ⵓখুৰা কিয় বিচাৰিছিল নো মোক! - খুৰাক আহি তাইৰ কাষতে বহা দেখি তাই সুধিলে।

 ⵓতোৰ বাবে বস্তু এটা আছে, চকু মুদ তেতিয়াহে পাবি।


 ⵓকি বস্তু নো কওক না!

 ⵓচকু মুদ চোন প্ৰথমে। -তাই হাত দুখনেৰে নিজৰ চকু দুটা হেঁচি ধৰিলে। খুৰাকে পলিথিনৰ পেকেট এটা তাইলৈ আগবঢ়াই দিলে। চকু মেলি তাই খুৰাকৰ মুখলৈ চালে।

 ⵓখোল আক! কি চাই আছ এনেকৈ?

 ⵓখুৰা! - পলিথিনৰ পেকেটটোৰ ভিতৰত স্কুলৰ ইউনিফৰ্ম যোৰ দেখি আনন্দত চিঞৰি উঠিল তাই।

 ⵓতোৰ বাবে। তই নক'লেও মই জানো এযোৰ ইউনিৰ্ফমেৰে তোৰ দিগদাৰ হয় স্কুল যাবলৈ। কাইলৈ জন্মাষ্টমী , তোৰ জন্মদিন। সেয়ে এইযোৰ আনি দিছে। ধুনীয়াকৈ স্কুল গৈ ভালকৈ পঢ়া শুনা কৰিবি। -খুৰাকৰ কথা শুনি দুচকু চলচলিয়া হৈ পৰিল কৃষ্ণাৰ। তাইৰ জন্মদিন, অথচ নিজৰে মনত নাই। প্ৰতিবাৰেই খুৰাকে তাইক কিবা এটা উপহাৰ দিয়ে। কিন্তু এইবাৰৰ এই উপহাৰটোৱে যেন তাইক জীৱনৰ সকলোখিনি সুখেই দিলে। কিন্তু পুৱাই ওলাই গৈ গধূলি ঘৰ সোমাৱা খুৰাকেতো নাজানে খুৰীয়েকে যে তাইক সদায় স্কুল যাবলৈ নিদিয়ে।

 ⵓকি ভাবি আছ পখিলী! ব’ল ভিতৰলৈ সন্ধ্যা লাগিল। পুখুৰীৰ পাৰত নাথাকিবি।

 ⵓআপুনি বলক খুৰা মই গৈ আছো।-বুকুতে ইউনিফৰ্মযোৰ সুমুৱাই এখোজ দুখোজকৈ তাই ভিতৰলৈ আহিল। মনতে প্ৰতিজ্ঞা কৰিলে তাই। স্কুল সদায় যাবলৈ নাপালেও ঘৰতে মনপুতি পঢ়িব। তাইৰ ওপৰত থকা খুৰাকৰ আস্থা তাই কেতিয়াও নাভাঙে।

 কৃষ্ণা এদিন গাভৰু হ'ল। বহুত কষ্টৰে ঘৰৰ সমস্ত কামৰ উপৰিও ৰাতি ৰাতি কিতাপ পঢ়ি ৪ টা বিষয়ত লেটাৰ মাৰ্কচ পাই তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল।খুৰীয়েকে তাইক আৰু দেখিব নোৱাৰা হ'ল। খুৰাক কিন্তু বহুত সুখী আছিল কৃষ্ণাৰ এই সাফল্যত। খুৰাকে তাইক ওচৰৰে কলেজ খনত নাম লগাই দিলে।কলেজত পঢ়িবলৈ পাই তাই জীৱনটো নতুনকৈ আৰম্ভ কৰিম বুলি মনতে প্ৰতিজ্ঞা কৰিছিল। কিন্তু কলেজত সকলোৱে তাইৰ পৰা দূৰত্ব বজাই ৰাখিছিল। কোনো লগ নাছিল তাইৰ , অকলশৰে তলমূৰ কৰি কলেজলৈ গৈছিল আৰু আহিছিল। সকলোৰে লগত মিলিজুলি থাকিব বিচাৰিছিল যদিও তাইৰ লগত যেন কোনো সহজ হ'ব পৰা নাছিল। কেতিয়াবা বহুত দুখ লাগিছিল তাইৰ। ঘৰলৈ আহি গাৰুটোক সাৱটি কান্দি পেলাইছিল। কিয় তাইৰ দেহৰ এই কলা ৰঙটো তাইৰ জীৱনত অভিশাপ হৈ থিয় দিলে। এই ৰঙটোৱেই তাইক গোটেই জীৱন জ্বলা-কলা খুৱাইছে। তাইৰ ছাল খন কলা হোৱাটো কিবা তাইৰ দোষ নে! কিয় কোনো এজনে বুজি নাপাই এই কথা! কিয় আজিলৈকে কোনো এজনী বান্ধৱীনাই তাইৰ। কেতিয়াবা নিজৰ ছালখন কাটি পেলাবলৈ মন যায়। কিন্তু খুৰাকৰ মুখলৈ চাই একো কৰিব নোৱাৰে। তেওঁ যে তাইক বহুত মৰম কৰে। সকলো ক্ষেত্ৰতে তাইক সঁহাৰি জনাই , তাইৰ হৈ মাত মাতে। সেইদিনা কিমান তাৰিখ আছিল কৃষ্ণাৰ মনত নাই, ক্লাছলৈ দেৰি হোৱাৰ বাবে কোবাকুবিকৈ তাই কলেজৰ গেটেদি সোমাই গৈছিল। হঠাৎ কাৰোবাৰ গাত খুন্দা খাই কাল খাই পৰিল তাই। উঠিবলৈ লওতেই হাত এখন আগবঢ়াই দিছিল তাইলৈ। তাই ওপৰলৈ মুখ কৰি চালে। কলেজৰ আটাইতকৈ ধুনীয়া ল'ৰাজন মানস প্ৰতীম হাজৰিকা। তাৰ চকুৱে চকুৱে পৰাত তলমূৰ কৰিলে কৃষ্ণাই। তাৰ হাতত হাতখন দিও বুলি ভাবিও নিজেই উঠিলে তাই।

 ⵓধন্যবাদ।-তলমূৰ কৰিয়ে কৈ তাই আগবাঢ়িল।

 ⵓৰ’বা চোন।- মানসৰ কথাত ৰৈ দিলে কৃষ্ণাই। বুকুৰ ভিতৰখন ধান বনা দি বান্ধিছে। মূৰৰ পৰা ভৰিলৈকে অজানা শিহঁৰণ কিছুমান বৈ গ'ল তাইৰ শৰীৰত। কোনো দিন কোনো ল'ৰাৰ লগত কথা পাতি নোপোৱা কৃষ্ণাৰ এনে অনুভূতি জীৱনত প্ৰথম বাৰৰ বাবে অনুভৱ কৰিলে তাই। তাই বাবে সপোনৰো অগোচৰ আছিল যে তাইৰ দৰে এজনী কুৎসিত ছোৱালীৰ লগত কোনোবা ল'ৰাই কথা পাতিব।