পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯

অনুৰাগক চিনি নােপােৱাকৈ থাকিব?

 : কিয় অনুৰাগ?

 : এক্সকিউজ মি মিছেছ দত্ত।

 : মােক চিনি পােৱা নাই বুলি ন’কবি এতিয়া অনুৰাগ।

 : ... মই সঁচাকৈয়ে বুজিব পৰা নাই মিছেছ দত্ত।

 এসােপা খং, দুখ, অভিমান, হতাশাই একেলগে ভিৰ কৰিলেহি তাইৰ দুচকুত।

 ইমান অভিনয় কিয় মােৰ ওচৰত?

 আৱেগ অনুভূতি বােৰ নােহােৱা হলেও ...শৈশৱৰ সেই নিস্পাপ মৰম আৰু বন্ধুত্বকো পাহৰি গলি নেকি অনুৰাগ? চিনি নােপােৱাৰ ভাও জুৰি ইমান দুখ কেনেকৈ দিব পাৰিছ? ইমান নিষ্ঠুৰ কিয় হৈছ অনুৰাগ ?

 অদিতি অবাক হৈ চাই ৰৈছে অমৃতাৰ মুখখনলৈ। এয়া কি কৈছে অমৃতাই? তাই ঠিকেই আছেতাে? অনুৰাগৰ কথাই সদায় ভাবি ভাবি এতিয়া যাকে তাকে অনুৰাগ হেন দেখিছে নেকি বাৰু! শংকিত হৈ উঠিল তাই মনে মনে। ঔষধ খাইছেনে তাই ভালকৈ। ডক্তৰ তৃশা কুপ্পীকাৰৰ ওচৰত ডিপ্ৰেছনৰ ট্রিটমেন্ট লৈ আছে সেই কথা অদিতিয়ে ভালকৈয়ে জানে।

 : অমৃতা এইবােৰ কি কৈ আছা? আমি অনিৰুদ্ধ বৰুৱাৰ অফিচ ৰুমত বহি আছোঁ।

 চেপা কণ্ঠৰে অদিতিয়ে টেবুলখনৰ তলেৰে অমৃতাৰ হাতত চিকুট এটা মাৰি কলে। অদিতিয়ে কাণে কাণে তাইক কিবা বুজাব চেষ্টা কৰিছে।

 অনুৰাগে জানি বুজিয়ে তাইৰ দুচকুলৈ চোৱা নাই। তাইৰ দুচকুৰ অভিমান ভৰা চাৱনি অনুভৱ কৰিব পাৰিছে সি। তাই চাগে মনত খুব কষ্ট পাইছে। কিন্তু সি যে নিৰূপায়। একেবাৰেই নিৰূপায়। তাইৰ জীৱনত তাৰ আগমনে সকলাে উলট পালত কৰি দিব পাৰে। ভাঙি দিব পাৰে তাইৰ সুখৰ সংসাৰ।

 তথাপিও মাজে মাজে চাওঁ নাচাওকৈ চাইছে তাইলৈ। খং, অভিমানত আৰক্তিম মুখখনিলৈ ... ভৰি অহা চকুযুৰীলৈ ... ইমান ধুনীয়া, ইমান মৰমলগা কিয় এই অমৃতাজনী !!

 তাৰ দৃষ্টি বাগৰি যায় অমৃতাৰ শিৰত জিলিকা ৰঙা পলাশৰ ৰংটোলৈ।

 মুহূর্ততে অমৃতাৰ প্ৰতি মৰমত পমি আহিব খােজা মনটোক সংযম কৰিলে সি... মুখখনৰ মাংসপেশী কঠিন হৈ আহিল, এক ধৰণৰ কঠোৰভাবে আৱৰি ধৰিলে তাৰ মুখমণ্ডল।

 : মিছেছ দত্ত। মই অনুৰাগ নহওঁ। চৰি। আপােনাৰ হয়তাে কিবা ভুল ধাৰণা হৈছে।

 : ভুল?

 : .......

 : অনুৰাগ বৰুৱাক চিনাত এই জনমত মােৰ কেতিয়াও ভুল হব নােৱাৰে।

 তীব্র খঙত ৰক্তিম হৈ অহা মুখখন আৰু বিশ্বাসত অটল চকুযুৰীলৈ চাই ৰল সি অলপ সময়। কব নােৱাৰাকৈয়ে এক আনন্দাভূতিয়ে আৱৰি ধৰিছে তাক। বুকুখনাে বিষাই উঠিছে একে সময়তে তাৰ। ক’বলৈ মন গৈছে, “ মইয়াে তােক এই জনমত কি, অহা সাত জনমটো পাহৰিব নােৱাৰিম অমৃতা। কেতিয়াও। কেতিয়াও নােৱাৰিম।”

 মনৰ কথাবােৰ গুজৰি গুমৰি মনতে অব্যক্ত হৈ ৰ’ল।

 : অমৃতা প্লিজ বিহেভ। হি ইজ নত অনুৰাগ।

 : য়া। তুমি ঠিকেই কৈছা অদিতি। হি ইজ নট অনুৰাগ। মােৰ অনুৰাগ ইমান নিষ্ঠুৰ নহয়। হব নােৱাৰে। অনুৰাগৰ সত্বা, কেঁচা অনুভূতিবােৰক মাৰি পেলাই থিয় হােৱা অনিৰুদ্ধ বৰুৱা হয় এখেত। অনলি অনিৰুদ্ধ বৰুৱা।

 অবাক হৈ শুনি ৰ’ল সি। আস অমৃতা। তুমি সঠিক বিশ্লেষণ কৰিছা। মই অনুৰাগ নহওঁ৷ তােমাৰ অৱর্তমানত অনুৰাগ নামৰ সহজ সৰল সত্বাক মাৰি কঠিন খােলাৰ মাজত আৱদ্ধ কৰি মই এতিয়া মাথাে অনিৰুদ্ধ বৰুৱা।

 গধুৰ হৈ আহিল অমৃতাৰ চকুযুৰী। এপলক মাৰােতেই সৰসৰাই বাগৰি আহিল অবাধ্য অশ্রু।

 ঘপহকৈ উঠি থিয় হ’ল অমৃতা।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড