পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৮৫


 স্কুলৰ বছেৰেকীয়া পৰীক্ষা হৈ গল। ককাইদেউ ফেইল হ'ল আৰু মই শ্ৰেণীৰ ভিতৰত প্ৰথম হৈ পাছ কৰিলোঁ। ককাইদেউ আৰু মোৰ মাজত এতিয়া কেৱল দুটা শ্ৰেণীৰ অন্তৰ। ককাইদেউক জেৰা কৰাৰ তীব্ৰ ইচ্ছা এটা জাগি উঠিল – “আপোনাৰ ঘোৰ তপস্যা কিয় অথলে গল? মোলৈ চাওঁকচোন, মই খেলা - ধূলা কৰিও দেখোন প্ৰথম হৈ পাছ কৰিলোঁ।”

 কিন্তু ককাইদেউ ইমান দুঃখী আৰু উদাস মনেৰে বহি আছিল যে তেওঁৰ কটা ঘাটুকুৰাত নিমখ চটিয়াই দিয়াৰ কথা ভবাটোও পাপ যেন অনুভৱ হ'ল।

 হয়, তেওঁলৈ মোৰ বেয়া লাগিছিল; কিন্তু এই ভাবি ভালো লাগিছিল যে এতিয়া আৰু মোৰ ওপৰত হুকুম চলোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই।

 গতিকে আগতকৈও মন – প্ৰাণ খুলি মই খেলা - ধূলাত মগ্ন হবলৈ ধৰিলোঁ। মনস্থ কৰিলোঁ, ককাইদেৱে যদি পুনৰ মোক তিৰস্কাৰ কৰিবলৈ ধৰে, মই স্পষ্টকৈ কৈ দিম – “আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো কিয় পাছ কৰিব নোৱাৰিলে? মই দেখোন খেলা - ধূলা কৰিও ভালকৈ পাছ কৰিলো!“

 যদিও বা ককাইদেউক টান সুৰেৰে কথা কোৱাটো মোৰ বাবে কোনোকালেই সম্ভৱ হৈ নুঠিল, তথাপি মোৰ চাল - চলন দেখি ককাইদেৱে সহজেই বুজি উঠিছিল যে তেওঁৰ প্ৰতি থকা ভয় মোৰ মনৰ পৰা সমূলঞ্চে নোহোৱা হৈ গৈছে।

 এদিন পুৱাৰবেলা মই টাংগুটি খেলি আহাৰ খোৱাৰ সময়ৰ ঠিক আগে আগে কোঠাত সোমাইছিলোঁগৈ৷ ককাইদেউৰ তিৰস্কাৰৰ বৰ্ষণ আৰম্ভ হৈ গ'ল – “এই বছৰ পাছ কৰিলা, তাকো প্ৰথম হৈ, তুমিতো এজন পণ্ডিত হৈ গ'লা নহয়নে? কিন্তু মোৰ ভাই, তুমি পাহৰি গৈছা যে অহংকাৰেই পতনৰ মূল। বুৰঞ্জীত নিশ্চয় পঢ়িছা ৰাৱণৰ অৱস্থা কি হৈছিল তেওঁৰ চৰিত্ৰৰ পৰা কি শিক্ষা ল'লা? নে এনেয়ে পঢ়িব লাগে বাবে পঢ়িলা? কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাটো মূল কথা নহয়; প্ৰকৃত কথা হৈছে বুদ্ধিৰ বিকাশ। কিতাপৰ প্ৰতিটো পাঠে দিয়া উপদেশসমূহক গুৰুত্ব দিবা। ৰাৱণ সমগ্ৰ ভূ - মণ্ডলৰ স্বামী আছিল। এনে একোজন ৰজাক চক্ৰৱৰ্তী আখ্যা দিয়া হৈছিল ইংৰাজসকলেও নিজ ৰাজ্যৰ পৰিসৰ বিস্তাৰ কৰি গৈ আছে, সেইবুলি তেওঁলোকে চক্ৰৱৰ্তী আখ্যা নাপায়। এতিয়াও বহু ৰাষ্ট্ৰই ইংৰাজৰ বশ্যতা স্বীকাৰ নকৰে, স্বাধীন হৈ থাকিবলৈ বিচাৰে। ৰাৱণ এজন চক্ৰবৰ্তী ৰজা আছিল। কিমানজন দেৱতা যে তেওঁৰ দাস হৈ আছিল! আনকি অগ্নি আৰু জল দেৱতাও ৰাৱণৰ গোলাম হৈছিল। তেনেহেন ৰজাৰ শেষত কি হ'লগৈ? অহংকাৰে তেওঁৰ পতন মাতি আনিলে আৰু মৃত্যুৰ সময়ত তেওঁৰ মুখত এচলু পানী দিবলৈও কোনো আগবাঢ়ি নাহিল। গতিকে অহংকাৰ নকৰিবা, নিজৰে সৰ্বনাশ হব। তুমিতো মাত্ৰ এক শ্ৰেণী ওপৰলৈ গৈছা, তাতেই তোমাৰ গৌৰৱত বুকু ফুলি উঠিছে। তুমি এটা কথা ভালদৰে বুজি লোৱা যে তুমি কোনো পৰিশ্ৰমৰ ফলত পাছ কৰা নাই; অন্ধ এজনৰ হাতত ভাগ্যক্ৰমে লাখুটি এডাল লাগিছে মাত্ৰ। সেইবুলি লাখুটিডাল বাৰে বাৰে তেওঁৰ হাততেই লাগিব বুলি ভাবি লোৱাটো এক মূৰ্খামি। কেতিয়াবা টাংগুটি খেলোঁতে গুটিটো ভুলকৈ মাৰিলেও ভাগ্যবশতঃ সঠিক ঠাইতে পৰেগৈ। সেইবুলি সেইজনক নিপুণ খেলুৱৈ বুলিব পাৰি জানো??

 মই পাছ কৰিব নোৱাৰা কথাটোত বৰকৈ লাগি নাথাকিবা। মোৰ ক্লাছ পালেগৈ গম পাবা, যেতিয়া এলজেব্ৰা আৰু জ্যামিতিয়ে চুলি এডাল এডাল কৰিব আৰু ইংলেণ্ডৰ ইতিহাসে নিদ্ৰা হৰণ কৰিব! ৰজা - মহাৰজাসকলৰ নাম মনত ৰখা ইমান সহজ নহয় বোপা। এজন দুজন নহয়, আঠজন হেনৰীৰ কোনজনৰ শাসন কালত কোনখন যুদ্ধ হৈছিল, সেয়া মনত ৰখা কি ইমান সহজ বুলি ভাবিছা? সপ্তম হেনৰীৰ ঠাইত অষ্টম হেনৰী লিখি দিয়া, বচ!! গ'ল সকলো নম্বৰ! কিবা বুজি পালানে? এক দৰ্জন জেমচ, এক দৰ্জন উইলিয়ামচ, এক দৰ্জন চাৰ্লচ...উস!! কি বিড়ম্বনা!! এই দুৰ্ভগীয়াহঁতৰ কপাল চোৱাচোন। নতুন নাম একোটাও যে নিজৰ বুলি নাপাইছিল। একেটা নামৰ পাছত ২য়, ৩য়, ৪ৰ্থ, ৫ম যোগ দিয়েই কাম সামৰিছিল। মোক সোধা হ'লে কেইলাখমান নাম ময়েই কৈ দিব পাৰিলোহেঁতেন।

 আৰু জ্যামিতি?? জ্যামিতিৰ কথা একমাত্ৰ ভগৱানে বুজিলেহে বুজা। ক খ গৰ ঠাইত ক গ খ লিখি দিয়া আৰু চব নম্বৰ তৎক্ষণাত অন্তৰ্ধান! এই দয়া-মায়া নোহোৱা নিৰীক্ষকসকলক কোনে বুজাবলৈ যাব যে ভাত দাইল ৰুটি খোৱা আৰু ভাত ৰুটি দাইল খোৱাৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁলোকৰ কি আহে যায়? কিতাপত যি লিখা আছে, সেয়াহে তেওঁলোকে দেখে আৰু বিচাৰে যে ছাত্ৰসকলে হুবহু সেয়াই বহীত তুলি ধৰক। এই অত্যাচাৰৰ নামকে শিক্ষা বোলা হয়। নাজানোঁ আঁতিগুৰি