পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭২

স্বাধীন

মৃদুস্মিতা বৰবৰা

 তিনি দিন থকাকৈ অহা আইতাক কালি যোৱাৰ পৰা অকণমানি জীউৰ উৎপাত বোৰ মাকে সহ্য কৰিব পৰা নাই.. অকণমান কথাতে খং উঠিছে, উচুপি কান্দিছে, মাজতে চিঞৰিছে, মুঠতে গোটেই ঘৰখনতে সি এটা হুলস্থুলীয়া পৰিৱেশ কৰি আছে... সকলো খঙৰ গুৰি কথা যে, মৰমৰ আইতাকক মিচ কৰাটো সেইয়া অনিতাইও বুজি পাইছে...তাক কোনোপধ্যেই সৈমান কৰিব নোৱাৰি এবাৰ ফোনটোকে লগাই দিলে আইতাকলৈ... আইতাকেও নিজৰ ঘৰুৱা কামৰ মাজতে তাৰ লগত ফোনতে দহ মিনিট মান সময় কথা পাতিলে... উৎপাত কৰি থকা ল'ৰাটো ফোনটো থৈয়ে এটা শান্ত ল'ৰা হৈ পৰিল.. যিদৰে আইতাক অহাৰ আগতে সি আছিল, ঠিক তেনেকুৱা.. অনিতাইও স্বস্তিৰ নিশ্বাস পেলাই তাক শুৱাই ল'লে....

 সন্ধিয়াও সম্পূৰ্ণ জেণ্টল হৈ থকা জীউক লাহেকৈ অনিতাই সুধিলে, “আইতাৰ লগত কি কি কথা পাতিলা? তেতিয়াহে অনিতাৰ ভয় লাগি গ'ল... থুলমূলকৈ আইতাকৰ লগত পতা কথা খিনি কোৱাত তেওঁ বুজিলে যে, জীউৰ মন ভাল কৰিব পৰাকৈ আইতাকে দিয়া টোপটো আছিল যে, জীউ এইবাৰ স্বাধীনতা দিৱসত কৰ্ট ফিল্ডত হোৱা পতাকা উত্তোলনলৈ যাব... স্বচক্ষে উপভোগ কৰিব পতাকা উত্তোলনৰ শুভ মুহূৰ্ত্ত খিনি... মুঠতে পৰহিলৈ আঁহি থকা স্বাধীনতা দিৱস সি উদযাপন কৰিব...

 অলপ ক্ষোভ আৰু অলপ খং মনত লৈ অনিতাই শাহুৱেকলৈ ফোন কৰিলে...“কিয় তাক লগাই ল'লে মা? ইমান ভয়ানক দিনটোত কেনেকৈ পতাকা উত্তোলনলৈ নিম তাক?” বুলি কোৱা কথাখিনিত শাহুৱেকে বিশেষ গুৰুত্ব দিয়া যেন অনিতাৰ নালাগিল... অনিতাৰ শহুৰেক স্বাধীনতা সংগ্ৰামী আছিল.. সেয়ে স্বাধীন ভাৰতৰ স্বাধীনতাত অৱদান যুগুৱা শহুৰেকৰ পত্নীয়ে স্বাধীনতা দিৱসলৈ কিহৰ ভয় কৰিব! কিয় মানিব কোনোবা নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰা দিয়া অসম বন্ধ?? চাৰি কুৰি চাৰি বছৰীয়া শাহুৱেকে কথাবোৰ নিজৰ মতে বুজি ভালপায়... ব্ৰিটিছৰ আমোলাৰ পৰা স্বাধীন কৰা দেশখনত যে নিজৰেই জাতি ভাইয়ে স্বাধীনতা দিৱস বৰ্জন কৰিছে, কিদৰে বুজায় সেইয়া... কিন্তু অনিতাই কি কৰিব এতিয়া! দুৰ্গা পূজাত পিন্ধা বগা কুটো বিচাৰি থকা অবুজন আৰু জেদী ল’ৰাটোক কিদৰে বুজায়, কিমান ভয়াবহ আজিকালিৰ স্বাধীনতা দিৱস! কেই বছৰ মানৰ আগতে কিমান ৰক্তাক্ত হৈ পৰিছিল কিমান ঠাই... কেনেকে বুজাব সেই অমানবীয় কাণ্ডবোৰ এই সাত বছৰীয়া ল'ৰাটোক... জীউৰ দেউতাক অৰ্থাৎ অনুজ অহালৈ অনিতাই অপেক্ষা কৰিলে...

 পিছদিনা ৰাতিপুৱাই অনিতাৰ বায়েকৰ জীয়েক মৌ আহিল দিনটো থকাকৈ... নৱম শ্ৰেণীৰ মৌ বায়েকক জীউৱে বৰ ভাল পায়... ৰাতিপুৱাই উঠি বাঁহৰ কামি চাচি, কাগজত ৰং কৰি বনোৱা পতাকাখন দেখুৱাই মৌক জীউৱে বুজালে, আগতে কিদৰে আইতাকহঁতে স্বাধীনতা দিৱসত বগা কাপোৰ পিন্ধি ক'ৰ্ট ফিল্ডলৈ গৈছিল... বেলুন কিনিছিল... কিদৰে ফুৰ্তি কৰিছিল... সি কালি আইতাকৰ লগত দহ মিনিট ধৰি পতা কথাখিনি আজি সি বিছ মিনিট ধৰি বায়েকক কলে... তাৰ ককাক যে ডাঙৰ হিৰ আছিল আৰু দেশৰ বাবে কাম কৰিছিল , যুদ্ধ কৰিছিল তাকো কৈ সি ফুটনি মাৰিলে... সকলোখিনি কামৰ ফাকে ফাকে উপভোগ কৰি থকা অনিতাৰহে চিন্তা বাঢ়ি গ'ল অসমীয়া নিউজটো দেখি... ছয়টা সংগঠনে কাইলে অসম বন্ধৰ আহ্বান দিছে... হওঁতে জীউৰ লগতে তাইৰো মনটো উৰা মাৰিছিল, তাহাতৰ দিনৰ মৰ্টন, বুট খাই খাই গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস উদযাপন কৰা দিনবোৰলৈ... কোন মাক দেউতাকৰনো মন নাযায়, সেইবোৰ দিন নিজৰ ল'ৰা-ছোৱালিক লৈ পালন কৰিবলৈ... দেশৰ হৈ যুদ্ধ কৰি নাপালেও দেশপ্ৰেমৰ ভাৱটো