পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৬৩

লোতক বৈ আহিল। নন্দিনীৰ আত্মাই যেন সহায় বিচাৰিহে অতদিনে তাইক এনেদৰে ভয় খুৱাই আছিল। আচলতে এই ডায়েৰীখন নীহাৰিকাই পঢ়ি কথাবোৰ জানিব পৰাটোৱেই নন্দিনীৰ আত্মাই বিচাৰিছিল ছাগৈ। আজি ইমান দিনে সংঘটিত হৈ থকা কাণ্ডবোৰৰ ৰহস্য যেন খোল খাই গ'ল তাহাঁতৰ আগত। কিন্তু মাধুৰ্য্যৰ আত্মহত্যাৰ কথাটোৱেহে আউল লগালে নীহাৰিকা আৰু সমৰৰ মনত। মৃত্যুৰ আগমুহূৰ্ত্তত নন্দিনীয়ে লিখি যোৱা এটি কথাই তাহাঁতৰ মনত সন্দেহৰ উদ্ৰেক ঘটালে।

 “ মই জানো মাধুৰ্য তুমি নিজক কেতিয়াও মাৰিব নোৱাৰা, কোনোবাই হত্যা কৰিছে তোমাক নিশ্চয়। কিন্তু তুমি যেতিয়া এই পৃথিৱীত নায়েই মই কি কৰিম থাকি? জীৱিত অৱস্থাত অন্ততঃ মই বেলেগৰ হ'ব নোৱাৰোঁ। মই আহি আছে। তোমাৰ ওচৰলৈ। জীৱিত কালত একেলগ হ'ব নোৱাৰিলোঁ কি হ'ল, মৃত্যুৰ পাছত লগ হ'ম আমি।”

 মাধুৰ্য্যৰ আত্মহত্যাৰ বিষয়ে নীহাৰিকাহঁতৰ মনতো সন্দেহৰ উদ্ৰেক হ'ল। তাইৰ এনে লাগিল যেন মাধুৰ্য্যৰ অতৃপ্ত আত্মাও ঘূৰি ফুৰিছে এই ঘৰৰ আশে-পাশে নহ'লেনো তাই শিলিখাজোপাৰ তলত প্ৰায়ে কোনোবা এজনক ৰৈ থকা দেখিবলৈ পায় নে?

 অৱশ্যে এই প্ৰশ্নটোৰ উত্তৰ কেৱল মাত্ৰ এজন ব্যক্তিয়েহে দিব পাৰিব, সেইজন হ’ল এই ঘৰৰ মালী যাদৱ খুড়া। গতিকে পাছদিনা তাহাঁত যাদৱৰ ওচৰলৈ যাবলৈ সিদ্ধান্ত লৈ বৰুৱাকো কথাবোৰ ক’বলৈ তেওঁৰ ওচৰলৈ গ'ল।

 পিছদিনা প্ৰভাততে বাকী সকলো কাম বাদ দি নীহাৰিকা, সমৰ আৰু প্ৰশান্ত বৰুৱা যাদৱৰ ঘৰ ওলালেগৈ। বৰুৱাই গাঁৱৰ চৌদিশে টিউশ্যনৰ বাবে ঘূৰি ফুৰিব লাগে বাবে গাঁওখনৰ প্ৰতিটো চুক-কোণ ভালকৈ চিনি পায় তেওঁ। চলিহাৰ ঘৰৰ পৰা মাত্ৰ ২ কি.মি মান দূৰৈত অৱস্থিত যাদৱৰ ঘৰলৈ তিনিও খোজকাঢ়িয়ে গ'ল। অৱশ্যে গোটেই ৰাস্তাটো তেওঁলোকক যেন কোনোবাই অনুসৰণ কৰি গ'ল, এনে অনুভৱ হ'ল নীহাৰিকাৰ।

 পুৱাৰ কোমল ৰ'দজাকে আহি গছে বনে পৰি থকা নিয়ৰৰ টোপালবোৰ জিলিকাই তুলিছে। ঘৰবোৰৰ আগফালে ৰ'দ লৈ বুঢ়া মানুহবোৰে চাহৰ জুতি লৈ আছে। সকলোৱেই কিন্তু সমৰক ‘ডাক্টৰ বাবু ক'লৈ যায়’ বুলি মাতষাৰ লগাইছে। কোনো কোনোৱে পদূলি মুখলৈকে ওলাই আহি সমৰক মাতিছে, কোনো কোনোৱে চাহ একাপ খাই যাবলৈও জোৰ কৰিছে। মানুহবোৰৰ সৰলতাত আপ্লুত হৈ পৰিছে নীহাৰিকা। এনেদৰে আজি প্ৰথম তাই ওলাই আহিছে গাঁৱৰ মানুহখিনিৰ ওচৰলৈ। কিন্তু সকলোকে বৰ পুৰণি চিনাকি যেন লাগিছে তাইৰ।

 অলপ দূৰ খোজ কঢ়াৰ পাছত এটা সৰু লুঙলুঙীয়া বাট দেখি বৰুৱাই ক'লে—
 ⵓএই বাটেৰেই তাহাঁতৰ ঘৰৰ ফালে যায় নেকি! কাৰোবাক সুধি লওঁ ৰবা।

 চাইকেল চলাই পাৰ হৈ যোৱা ল'ৰা এটাক ৰখাই তেওঁলোকে সুধিলে যাদৱৰ ঘৰৰ ঠিকনা। সেই লুঙলুঙীয়া বাটটোৰ ফালেই আঙুলিয়াই দেখালে ল'ৰাটোৱে। অযথা সময় নষ্ট নকৰি তেওঁলোক খৰখোজেৰে আগবাঢ়িল। নীহাৰিকাই হাতত লৈ যোৱা নন্দিনীৰ ডায়েৰী খন জোৰেৰে খামোচ মাৰি ধৰিলে। প্ৰায় দহ মিনিট মানৰ পাছতে তেওঁলোকে থুপাথুপিকৈ থকা কিছুমান বাঁহৰ সৰু সৰু পঁজা লক্ষ্য কৰিলে। এজন আদহীয়া মানুহক দেখা পাই যাদৱৰ ঘৰৰ ঠিকনা সোধাত মানুহজনে দেখুৱাই দিয়া মতে তেওঁলোক গোবৰ মাটিৰে লিপি থোৱা সৰু অথচ পৰিপাটী এটা ঘৰত সোমালেগৈ। যাদৱৰ পত্নী মালতীয়ে তেওঁলোকক চোতালতে মূঢ়া তিনিটা পাৰি বহিবলৈ দিলে। নীহাৰিকাই যাদৱৰ ঘৰৰ চাৰিওদিশে চকু ফুৰাই বুজিলে যে যাদৱ মানুহজনৰ হাতত সঁচাই যাদু আছে। চলিহাৰ ঘৰটোৰ দৰেই তেওঁ নিজৰ ঘৰটোও বিভিন্ন গছ-ফুলেৰে শুৱনি কৰি ৰাখিছে।

 কিছু সময়ৰ পাছত যাদৱ আগ চোতাল পালেহি। দূৰৈৰ পৰাই সমৰহঁতক দেখি তেওঁ আচৰিত হ'ল। মনত খুদুৱনিৰ ভাৱ লৈ তাহাতৰ ওচৰ পালেহি তেওঁ। তামোল এখন পকটিয়াই তেওঁ সুধিলে-
 ⵓ ডাক্টৰ বাবু, কি সকামত আহিলা মোৰ ওচৰলৈ হয় নে?

 অন্য কথাৰ অৱতাৰণা নকৰাকৈ সমৰে চিধাই আচল কথাটো উলিয়ালে।
 ⵓ যাদৱ খুড়া আপোনাৰ পৰা আমাৰ কথা অলপ জানিবলগীয়া আছিল।
 ⵓ কি কথা কোৱাচোন?

 তেওঁ প্ৰশ্নবোধক চাৱনিৰে চাই ৰ'ল তাহাঁতলৈ।

 ইতিমধ্যে ডাঙৰ ডাঙৰ একোটা বাতিত চাহ আহি পাইছিল।