পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰতাপ চলিহাই জীয়েকৰ প্ৰেমৰ খবৰ পাইছিল গাঁৱৰ মানুহৰ পৰা।
 ⵓনীহা, ইমান মনোযোগেৰে কি পঢ়ি আছা?

 সমৰৰ মাতত উচপ খাই উঠিল নীহাৰিকা। ইমান সময়ে তাই ডায়ৰীখনৰ মাজত এনেদৰে বিলীন হৈ গৈছিল যে সমৰ কেতিয়া আহি পালেহি তাই গমেই নাপালে। সমৰক ডায়েৰীখন দেখুৱাই তাই চাহৰ ব্যৱস্থা কৰিবলৈ উঠি গ'ল। পাকঘৰটোত কাৰোবাৰ উপস্থিতিৰ উমান পালে তাই। কোনোবাই যেন তাইক চাই আছে এক নিৰ্দিষ্ট দূৰত্বৰ পৰা। কিয় জানো আজি নীহাৰিকাৰ ভয় নালাগিল অলপো।

 চাহকাপ খাই পুনৰ তাই ডায়েৰীখন মেলি ল'লে। সমৰকো কৈ গ'ল কথাবোৰ।

 প্ৰতাপ চলিহাৰ মূৰত বিনা মেঘে ব্ৰজ্ৰপাত পৰিছিল যিদিনা তেওঁ জীয়েকৰ প্ৰেমৰ বিষয়ে জানিব পাৰিছিল। তেওঁৰ জী নন্দিনী তেওঁতকৈ সকলো ক্ষেত্ৰতে বেলেগ আছিল যদিও তেওঁ সপোনতো ভবা নাছিল যে তাই কাৰোবাৰ প্ৰেমত পৰিব। প্ৰেমত পৰিব পৰাকৈ তাই ইমান মূৰ্খ বুলি তেওঁ কেতিয়াও ভবা নাছিল। আচলতে তাই প্ৰেমত পৰাতো দোষ নাছিল, দোষ আছিল মাধুৰ্য্যৰ প্ৰেমত পৰাতো। মাধুৰ্য্যৰ সকলোবোৰ গুণেই আছিল নন্দিনীৰ প্ৰেমিক হ'ব পৰাকৈ, আৰু চলিহাৰ ঘৰৰ জোঁৱাই হ'ব পৰাকৈ। মাত্ৰ এটা গুণৰেই অভাৱ আছিল তাৰ আৰু সেইটো হ'ল যে সি এক দুখীয়া পৰিয়ালৰ সন্তান আছিল। বিষ্ণুপুৰ অঞ্চলটোত চহকী লোকতকৈ দুখীয়া লোকৰ সংখ্যা বেছি আছিল আৰু দুখীয়া লোকসকল গাঁৱৰ ইটো প্ৰান্তত বাস কৰিছিল। তাতেই যাদৱৰ ঘৰো আছিল। গতিকে এনে এটা দুখীয়া পৰিয়ালৰ সন্তান মাধুৰ্য্যক নন্দিনীয়ে ভাল পাই বুলি জানি চলিহাই অপমানবোধ কৰিছিল সমাজৰ আগত। চলিহাৰ খং দুগুণে চৰিছিল যেতিয়া তেওঁ জানিছিল যে মাধুৰ্য তেওঁৰ কাঠৰ দোকানত কাম কৰা এজন কৰ্মচাৰীৰ পুত্ৰ।

 ইতিমধ্যে চলিহাৰ বন্ধুসকলেও ঘুনুক ঘানাককৈ কথাবোৰ গম পাই তেওঁক হাঁহিবলৈ লৈছিল। চৰম অপমানবোধ কৰি চলিহাইনন্দিনীক তাইৰ কোঠাতে বন্দী কৰি ৰাখিবলৈ লৈছিল দিনটোৰ চৌবিশ ঘণ্টাই। মাকেও একো মাত মাতিব পৰা নাছিল কাৰণ পতিব্ৰতা নাৰী গৰাকীয়ে নিজৰ স্বামীৰ বিপক্ষে মাত মাতিবলৈ কেতিয়াও শিকাই নাছিল। তেওঁ নন্দিনীক বুজাইছিল মাধুৰ্য্যক পাহৰি যাবলৈ, যিটো কাম তাইৰ বাবে অসম্ভৱ আছিল। তাইৰ ৰূমতেই তাইক বন্দী কৰি ৰাখি চলিহাই তাইক শাস্তি দিব বিচাৰিছিল। তাইৰ খোৱা-বোৱাৰ দায়িত্ব লৈছিল যাদৱৰ পত্নী মালতীয়ে। মাক, যাদৱ আৰু মালতী তিনিওকে চলিহাই কাঢ়া নিৰ্দেশ দিছিল তাইৰ লগত মাতবোল নকৰিবলৈ। তাইৰ পঢ়া-শুনাও তাতেই যতি পৰিছিল। চলিহাই ভাবিছিল খুউৱ বেছি এসপ্তাহ এনেদৰে থাকিলেই তাইৰ মগজুৰ পৰা মাধুৰ্য্যৰ ভূত নাইকিয়া হ'ব। পিছে এনেকুৱা একো নহ'ল। জেদী আৰু স্বাভিমানী নন্দিনী দেউতাকৰ এই আচৰণ দেখি আগতকৈও বেছি জেদী হৈ পৰিল। তাই মৰালৈকে মাধুৰ্য্যকেই ভাল পাই থাকিব বুলি সিদ্ধান্ত ল'লে। আৰু এনেদৰেই নিজৰ কোঠাত বন্দী হৈ তাই এমাহ পাৰ কৰি দিলে। মানসিক ভাৱে বিধ্বস্ত হৈ পৰিল তাই। মাধুৰ্য্যক এবাৰ চাবলৈ হাঁহাকাৰ কৰি ফুৰে তাই অথচ তাৰ খবৰ এটাও নাপায়। মাকেও তাইক মাতবোল কৰাতো দূৰৈৰ কথা দিনটোত এভুমুকি মাৰিও নাচায় তাইৰ ফালে। এইদৰেই দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি বন্দীশালত থাকি থাকি তাই আধামৰাৰ দৰে হৈ পৰিল। আৰু এনে এটা দিনতেই যাদৱৰ মুখেৰে তাই খবৰ পালে মাধুৰ্য্যই গাঁৱৰ মাজেৰে বৈ যোৱা নৈখনত পৰি আত্মহত্যা কৰিলে। দুখে-শোকে জৰ্জৰিত নন্দিনীয়ে কিন্তু কথাটো বিশ্বাস কৰিব নোৱাৰিলে। মাধুৰ্য্যৰ আত্মহত্যাৰ খবৰ জুইৰ দৰে বিয়পি পৰিল সৰু ঠাইখনত। আৰু মাকৰ মুখেৰেও নন্দিনীয়ে তাৰ মৃত্যুৰ খবৰ জানিব পাৰিলে। সকলোতেই এইটো কথাই প্ৰচাৰ হ’ল যে প্ৰেমত বিফল হৈ মাধুৰ্য্যই নদীত জঁপিয়াই মৃত্যুবৰণ কৰিলে।

 ইয়াৰ দুদিন মান পাছতেই চলিহাই নন্দিনীৰ কোঠালৈ গৈ তাইক তেওঁলোকে লোৱা এটা সিদ্ধান্তৰ কথা জনালে। তেওঁৰ বন্ধু এজনৰ পুত্ৰৰ লগত তাইৰ বিবাহৰ দিন পৰ্যন্ত তেওঁলোকে থিৰাং কৰিলে। তাইক তিনিদিন পাছত বিয়াৰ বাবে সাজু হৈ থাকিবলৈ কৈ চলিহাই নিজৰ বিজয়ত সেই ৰাতি স্ফুৰ্তি কৰিলে। আৰু মানসিক ভাৱে দুৰ্বল, মাধুৰ্য্যৰ মৃত্যুত বিচলিত হৈ পৰা নন্দিনীয়ে সেই ৰাতিয়েই তাইৰ কোঠাৰ চিলিং ফেনত উলমি আত্মহত্যা কৰে। আত্মহত্যা কৰাৰ আগত তাইৰ সকলো কথা লিখি ৰখা অতি গোপনীয় এই ডায়েৰীখন তাই টেবুলৰ গুপ্ত দ্ৰয়াৰটোত থৈ যায়।

 গোটেই কথাখিনি পঢ়ি বুজি পালে নীহাৰিকাই যে সেই তলা উলমি থকা ৰূমটোৱেই আচলতে নন্দিনীৰ ৰূম আছিল। আৰু ৰাতি বিকট শব্দ কৰি চলি থকা ফেনখনতেই চিপ লৈছিল নন্দিনীয়ে। নন্দিনীৰ কথাবোৰ জানি নীহাৰিকাৰ দুচকুৰে দুধাৰি