পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৮

 : এনেকৈ ইমান ঠাণ্ডাত আপুনি বাহিৰত অকলে অকলে বহি আছে যে?

 : দাদা, আপুনি মোতকৈ জ্যেষ্ঠ গতিকে মোক তুমি বুলিয়ে সম্বোধন কৰিব।

 : ঠিক আছে বাৰু, কিন্তু তুমি এনেকৈ কিয় মন মাৰি বহি আছা?

 : দাদা, মোৰ ভয় লাগে ভিতৰত। এই ঘৰটোত কিবা আছে জানেনে?

 : কিবা মানে?

 : ব’লকচোন ভিতৰলৈ, চাহ একাপ খাব মোৰ লগতে তেতিয়াই কম আপোনাক কথাবোৰ। সমৰে মোৰ কথাবোৰ বিশ্বাস নকৰে।

 : ব’লা বাৰু।

 দুয়োজনে হাতত দুকাপ চাহ লৈ বহি ল’লে। আৰু নীহাৰিকাই প্ৰথম দিনাৰে পৰা তাইৰ লগত ঘটি যোৱা ঘটনাবোৰ কৈ গ’ল বৰুৱাক। তেওঁ নীৰৱে শুনি গ’ল কথাবোৰ। তাইৰ কথা শেষ হোৱাত তেওঁ যথেষ্ট গম্ভীৰভাৱে ক’বলৈ ধৰিলে —

 : মোৰ পত্নী আগতে প্ৰায়ে আহিছিল মোৰ লগত থাকিবলৈ। কিন্তু এদিন তেওঁ ৰাতিপুৱা শুই উঠি মোক ক’লে যে ঘৰটোত আমাৰ বাদেও অন্য কোনোবা থাকে। তাই হেনো অকলে থকাৰ অৱস্থাত প্ৰায়ে বিভিন্ন ধৰণৰ অদ্ভুত শব্দ শুনা পায়। অৱশ্যে মই তাইৰ কথাত বৰ বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কাৰণ এই অলৌকিক বস্তুবোৰক মই বৰকৈ বিশ্বাস নকৰোঁ। তাই কিন্তু মোক সদায় কৈছিল ইয়াৰ পৰা গুছি যোৱাৰ কথা। কিন্তু কি কৰিম কোৱা, কলেজৰ চাকৰিতো এৰি দিব নোৱাৰোঁ আৰু ঘৰৰ পৰা অহা-যোৱা কৰিবলৈও মোৰ সুবিধা নহয়। আৰু ইয়াত থকাৰ অন্য কোনো ব্যৱস্থাও নাই গতিকে এই ঘৰটোৰ বাদে আমাৰ কোনো আশ্ৰয়স্থল নাই অ' এই ঠাইখনত।

 : তাৰমানে মই অনুভৱ কৰা কথাবোৰ মিছা নহয় দাদা?

 : একেবাৰে মিছা বুলি ক’ব নোৱাৰি। কাৰণ মই নিজেও কিছুমান অস্ফুট শব্দ শুনো কেতিয়াবা। গধূলি যেতিয়া ঘৰত সোমাওহি মোৰো গোটেই ঘৰটোৱেই কিবা জয়াল যেন লাগে। তথাপি গুৰুত্ব নিদিও কথাবোৰ। কিন্তু তুমি দিনটো অকলে থাকা আৰু তুমি বৰ বেছিকৈ কথাবোৰ চিন্তা কৰি থাকা সেইবাবেই ছাগৈ তোমাৰ লগত এই ঘটনাবোৰ বেছিকৈ হ’বলৈ ধৰিছে।

 : আপুনি ইয়াত কেতিয়াৰ পৰা আছে দাদা?

 : মোৰো পাঁচ বছৰমানহে হৈছে ইয়াত। কলেজত চাকৰি পোৱাৰ আগত মই আমাৰ ঘৰৰ ওচৰৰে স্কুল এখনত শিক্ষকতা কৰিছিলোঁ কিছু দিন। কি কৰিবা ঘৰুৱা অৱস্থা বৰ ভাল নহয় আৰু অন্য কোনো ঠাইত চাকৰিৰ সুবিধা কৰিব নোৱাৰিলোঁ। সেইবাবেই এই আওহতীয়া ঠাইখনলৈ গুছি আহিলোঁ, আৰু এতিয়া ছাত্ৰ-ছাত্ৰীবোৰৰ মোহ এৰিব নোৱাৰা হ’লোঁ।

 তাহাঁতে কথা পাতি ব্যস্ত হৈ থাকোতেই সমৰো সোমাই আহিল ভিতৰলৈ। সিও বৰুৱা দা আৰু নীহাৰিকাৰ পৰা গোটেই কথাবোৰ জানি ক’লে—

 : ময়ো কেতিয়াবা কিছুমান অনুভৱ নকৰা নহয়। পদূলিমুখত কেতিয়াবা ময়ো মানুহ এজন ৰৈ থকা দেখোঁ কিন্তু মই গুৰুত্ব দিয়া নাই আজিলৈকে। আচলতে কথাবোৰ বেলেগ ধৰণে ভবাই নাই। তুমিও বেছি ভাবিছা নীহা, ভূত বুলি একো বস্তু পৃথিৱীত নাই। ভয়েই ভূত, তুমি যথেষ্ট ভয় খাই আছা আৰু তোমাৰ মনটো দুৰ্বল হৈ আছে যে সেয়ে আচলতে তোমাৰ মনৰ ভ্ৰম কিছুমানকে তুমি সচাঁ বুলি ভাবিছা।

 সমৰে এতিয়াও কথাবোৰ বিশ্বাস নকৰা বাবে তাই হতাশ হ’ল। বৰুৱা দাই তাইক বৰ বেছিকৈ কথাবোৰ গুৰুত্ব নিদিবলৈ আৰু পাৰিলে দুদিনমানৰ বাবে ঘৰলৈ গৈ আহিবলৈ পৰামৰ্শ দি বিদায় ল’লে।

 একেবাৰে সাধাৰণ ভাৱে ৰাতিৰ ভাত সাঁজ ৰান্ধিলে তাই। মনটো কিবা খেলিমেলি হৈ আছে, একো খাবলৈও মন নাই তাইৰ। সমৰে দেখিছে তাইৰ মনটো সেমেকি আছে, কিবা যেন ভাবুক হৈ আছে ছোৱালীজনী। খাই বৈ সোনকালে আজৰি হৈ তাই বিছনাত পৰিলেগৈ। আবতৰীয়া বৰষুণ এজাকে বেছিকৈ শীত নমাইছে। বিজুলী গাজনিৰে পৰিৱেশটো আৰু বেছি জয়াল হৈ পৰিছে। অৱস শৰীৰ আৰু দুৰ্বল মনেৰে তাই অতি সোনকালেই নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল।

 প্ৰকৃতিৰ তাণ্ডৱ ক্ৰমে বাঢ়িবলৈ লৈছে। কিন্তু এই তাণ্ডৱৰ মাজতো দূৰৈৰ পৰা ফেচাঁৰ কুৰুলিৰ শব্দ ভাঁহি আহিছে। আৰু সেই কুৰুলিৰ মাজে মাজে কোনো নাৰীৰ হৃদয় বিদাৰক উচুপনিয়ে সমৰৰ বুকু কঁপাই তুলিছে। আজি ইমান দিনে সি

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড