পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৫৭


তাইৰ। নিজৰ বুকুৰ ধপধপনি নিজেই শুনিছে। এইবাৰ তাইৰ কান্ধত কাৰোবাৰ হিমশীতল স্পৰ্শ অনুভৱ কৰিলে তাই। ইমানেই শীতল সেই স্পৰ্শ যে তাইৰ গোটেই গা কঁপিবলৈ ধৰিলে। লাহে লাহে সেই স্পৰ্শটো কান্ধৰ পৰা তাইৰ ডিঙিৰ ওচৰ পালেহি। আৰু দুখন শীতল হাতে তাইৰ ডিঙিত প্ৰচণ্ডভাৱে চেপি ধৰিলে। তাই নিজকে সেই হাতৰ বান্ধোনৰ পৰা বচাবলৈ আপ্ৰাণ চেষ্টা চলালে, ভয়তে ভগৱানক স্মৰণ কৰি মনত থকা সকলো প্ৰাৰ্থনা আওৰাবলৈ ধৰিলে। ভগৱানৰ নাম লোৱাৰ লগে লগে তাইৰ ডিঙিৰ পৰা সেই হাতৰ বান্ধ নাইকিয়া হৈ গ'ল। এইবাৰ তাই পাছলৈ ঘূৰি চালে। দীঘল মেলা চুলিৰে কোনোবা এজনী তাইৰ চকুৰ পচাৰতে নাইকিয়া হৈ গ'ল। তায়ো পাছে পাছে ওলাই গ'ল, তাই নিজৰ কোঠাৰ বাহিৰলৈ ওলাই লক্ষ্য কৰিলে সেই বন্ধ হৈ থকা কোঠাৰ দুৱাৰখন আপোনা-আপুনি খোল খাই গৈছে আৰু কিছু সময়ৰ পাছত নিজেই বন্ধ হৈ গৈছে। নীহাৰিকাৰ আৰু বুজিবলৈ বাকী নাথাকিল আচলতে এই ঘটনাবোৰ কিয় ঘটি আছে! তাই বুজি পালে যে এই ঘৰটোত কোনোবা অশৰীৰী ঘৰ উপস্থিতি আছে। আৰু সেই অশৰীৰী আত্মাৰেই কাণ্ড তাইৰ লগত হৈ থকা ঘটনাবোৰ। কথাটো ভাবি বুকু কঁপি গ'ল তাইৰ।

 কিন্তু কথাটো সমৰে জানো বিশ্বাস কৰিব! সি তাইকেই গালি পাৰিব নিশ্চয় তথাপিও সমৰলৈ ফোন লগালে তাই। আৰ ফোনটো কাণত লৈয়েই তাই বাৰাণ্ডা পালেগৈ। ফোনটো বাজি বাজি বন্ধ হৈ গ'ল। সি কোনো ৰোগীৰ লগত ব্যস্ত হৈ আছে ছাগৈ। তাই অলপ সময় বাৰাণ্ডাৰ গ্ৰীলতে ভেঁজা দি ঘৰটোৰ চাৰিওফালে ভালকৈ লক্ষ্য কৰিবলৈ ধৰিলে। কিবা জয়াল যেন লাগিল তাইৰ সকলোবোৰ। চাৰিওদিশে চকু ফুৰাই থাকোতেই এক নিৰ্দিষ্ট ঠাইত তাইৰ দৃষ্টি ৰৈ গ'ল। সেই শিলিখাজোপাৰ তলত যেন কোনোবা ৰৈ আছে। হয়, তাইৰ ফালে পিঠি দি কোনোবা এজন ৰৈ আছে। এখুজি দুখুজিকৈ তাই সেইফালে আগবাঢ়িল। মানুহজনৰ ওচৰ পাই তাই মাত লগালে-

 : কোন আপুনি?

 ঘূৰি চালে মানুহজনে, তাই আগতে ক’তো দেখা নাই মানুহজনক। তেওঁৰ চকু দুটা অসম্ভৱ ধৰণে ৰঙা পৰি আছে। তেওঁ সেহাই সেহাই ক'লে—

 : মই এই ঘৰখনৰ বাহিৰখন তদাৰক কৰোঁ। এই ফুল, গছ-গছনি ইত্যাদিবোৰ চোৱা-চিতা কৰোঁ।

 : কিন্তু সমৰে কৈছিল যে আপুনি ৰাতিপুৱা বৰ সোনকালে আহে।

 : অ' ৰাতিপুৱা কোনো সাৰ নাপাঁওতেই মই কামবোৰ কৰি ভাল পাও। কিন্তু কেতিয়াবা এনেকৈ দূৰৈৰ পৰাই চাই যাঁওহি।

 মানুহজনৰ কথাবোৰ শুনি আচৰিত হ'ল নীহাৰিকা। আৰু এটা কথা তাই ভাবি পাৰ নাপালে যে ইমান কম বয়সীয়া মানুহজনক সমৰে কিয় মালী খুড়া বুলি কৈছিল।

 তাইক কথাষাৰ কৈয়ে মানুহজন জপং জপংকৈ খোজ দি গেট খুলি ওলাই গুছি গ'ল। তেওঁ দূৰৈত অদৃশ্য হোৱালৈকে তাই চায়েই থাকিল।

 গধূলি সমৰলৈ বাট চাই বাৰাণ্ডাৰ চকীখনতে বহি থাকিল তাই। ডিচেম্বৰ মাহৰ শীতৰ এটি সেমেকা সন্ধিয়া। তাতে ডাৱৰীয়া বতৰটোৱে শীতৰ প্ৰকোপ আৰু বঢ়াইছে। তথাপিও তাই বাহিৰতে বহি আছে, ভিতৰত সোমাই থাকিলে উশাহটো বন্ধ হৈ যোৱাৰ উপক্ৰম হয়। বন্ধ হৈ থকা লোহাৰ গেটখনত তাইৰ দৃষ্টি নিৱদ্ধ হৈ আছে। এনেতে কুঁৱলীৰ ঘন চাদৰখন ফালি দীঘল পদূলিটোৰে কোনোবা এজন আহি থকা তাই দেখা পালে। সমৰ বুলি ভাবি তাই মনতে অলপ সকাহ পালে। সমৰ নহয়,অন্য এজন মানুহহে ওচৰ চাপি আহিল, ভালকৈ চালে তাই মানুহজনক কিন্তু চিনি নাপালে। এইবাৰ তেখেত বাৰাণ্ডাত উঠি তাইৰ কাষেৰে পাৰ হৈ গ'ল। তাই বুজি পালে যে সেইজনেই বৰুৱা দা। খন্তেক পাছতে তেওঁ ঘূৰি আহি তাইক সুধিলে-

 : আপোনাৰ গা ঠিকেই আছে নে এতিয়া?

 তাই মূৰ তুলি চালে তেখেতলৈ। দেখাত সহজ সৰল যেন লগা মানুহজনক তাইৰ ভাল লাগিল।

 : অ’ ভাল পাইছে। আপুনি বৰুৱা দা নহয় জানো?

 : হয়, মই প্ৰশান্ত বৰুৱা। সমৰে কৈছে ছাগৈ মোৰ কথা।

 : হয় কৈছিলে এঁও।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড