পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৫৬


সমৰৰ উষ্ণ নিশ্বাস তাইৰ কাণত পৰিছেহি আৰু সেই নিশ্বাস ভেদি ভাহি আহিছে ফেঁচাৰ কুৰুলি আৰু লগতে এটা চিনাকি শব্দ- ‘ঘুৰৰৰৰ....ঘুৰৰৰৰ’।

 হয়, কালি ৰাতি শুনা শব্দটো তাই আজি আকৌ শুনা পাইছে। সমৰক জগাবলৈ তাই তাৰ গাত হেঁচুকিবলৈ ল'লে, কিন্তু আচৰিত ধৰণে হাত দুখন তাইৰ জঠৰ হৈ পৰিছে। সমৰক মাতিবলৈ লৈ বাৰম্বাৰ চেষ্টা কৰিও মুখেৰে মাতিব নোৱাৰিলে তাই। অগ্যতা তাই আজিও কালিৰ দৰেই মোবাইলৰ টৰ্চটো জ্বলাই খোজ দিলে সেই বিশেষ কোঠাটোলৈ। শব্দটো ক্ৰমান্বয়ে যেন বাঢ়ি বাঢ়ি গৈ আছে। তাই চুচুক-চামাককৈ খোজ দিছে। অকণো শব্দ নোহোৱাকৈ ৰূমৰ দুৱাৰখন ঠেলি দিলে তাই, তীব্ৰ গতিৰে চলি আছে ফেনখন। তাই কঁপা কঁপা হাতেৰে ফেনৰ চুইচ্চ বন্ধ কৰি ফেনখনলৈ চাই এটা বিকট চিঞৰ মাৰিলে আৰু খন্তেক পাছতেই দৌৰ দিলে তাহাঁতৰ কোঠাৰ দিশে। একোঁপে গৈ তাই সমৰক সাৱটি ধৰি ফোঁপাই ফোঁপাই তাক চিঞৰিবলৈ লাগিল। সমৰ সাৰ পাই তাইৰ এই অৱস্থা দেখি বিমোৰত পৰিল-

 : কি হ'ল তোমাৰ নীহা? ইমান ভয় খাইছা কিয়?

 সেপ ঢুকি তাই যেনেতেনে মাতটো উলিয়ালে-

 : সেইটো কোঠাৰ ফেনখনত ছোৱালী এজনী উলমি আছে সমৰ!! উস কি ভয়ানক!!!

 : কি কৈছা এইবোৰ?

 : অ’ ঠিকেই কৈছো। ছোৱালী এজনী.....ফেন খনত.....সিটো কোঠাৰ....

 : কি কৈছা তুমি এইবোৰ মই একো বুজা নাই নীহা। তুমি ঠিকেই আছাতো? আৰু এই মাজৰাতি তুমি সেই কোঠাটোলৈ কিয় গৈছিলা?

 :কালি ৰাতিও মই ফেন চলি থকাৰ শব্দ শুনি উঠি গৈছিলোঁ আৰু আজিও ফেনখন চলি থকাৰ শব্দ শুনি উঠি গৈছিলো ফেনখন বন্ধ কৰি থৈ আহিবলৈ।

 : তোমাৰ নিশ্চয়কৈ কিবা এটা হৈছে নীহা! তোমাৰ বাৰু জ্বৰে মূৰ পালেগৈ নেকি? আৰু তুমি ভ্ৰম বকিছা?

 :নহয় সমৰ, মই সম্পূৰ্ণ সুস্থ হৈ আছো চোৱা। মোৰ জ্বৰ নাই এতিয়া।

 : তেন্তে সেই অনবৰতে বন্ধ হৈ থকা কোঠাটোৰ ফেন চলাৰ শব্দ তুমি কিয় শুনিছা?

 : অনবৰতে বন্ধ হৈ থকা কোঠা মানে?

 : অ' নীহা, সেই কোঠাটোত আজি কিমান বছৰে তলা উলমি আছে। প্ৰতাপ চলিহাই সেইটো কোঠা কাকো খুলিবলৈ নিদিয়ে। আৰু তুমি কৈছা তাত ফেন চলি আছে, ছোৱালী এজনী উলমি আছে? তোমাৰ সঁচাই গা বেছিকৈ বেয়া বুজিলো মই, দুদিন মানৰ বাবে তুমি ঘৰলৈ যোৱাটোৱেই ভাল হ'ব।

 মই নাযাঁও তোমাক এনেকৈ এৰি থৈ। কিবা এটা আছে ইয়াত, মই বুজিছোঁ।

 : হ'ব হ'ব এতিয়া চুপচাপ শুই থাকা। আৰু ভয় লাগিলে মোক জগাবা, অকলে ওলাই যাব নালাগে।

 ইকাতি-সিকাতি কৰি ছটফটাই পাৰ কৰি দিলে নীহাৰিকাই গোটেই নিশাটো। হৈ যোৱা ঘটনাবোৰ এটা এটাকৈ তাইৰ মনৰ দাপোনত ভাঁহি থাকিল। তাই বুজিছে কিবা এটা ৰহস্য আছে এই সকলোবোৰ ঘটনাৰ আঁৰত। সমৰে তাইক ঘৰলৈ যোৱাৰ কথা কৈছে যদিও তাই ইয়াতে থাকি এই ৰহস্যৰ উদঘাটন কৰিব বুলি মনতে ঠিৰাং কৰিলে।

 পুৱা সমৰ হাস্পতাললৈ ওলাই যাঁওতে তাইক দঢ়াই দঢ়াই কৈ গ'ল বাহিৰলৈ নোলাবলৈ। তায়ো তাৰ কথামতেই সকলো কাম-বন কৰি আজৰি হৈ ভিতৰতে বহি থাকিল। হাতত আলোচনী এখন লৈ তাই চকী এখনতে হেলান দি বহিল যদিও অন্য কিবা অদ্ভুত শব্দ শুনে বুলি উমান লৈ থাকিল। এনেতে সেই বিশেষ কোঠাৰ দুৱাৰখন কেৰেককৈ খোলাৰ শব্দ হ'ল, যিখন দুৱাৰত তলা উলমি থাকে বুলি সমৰে কৈছিল। দুৱাৰখন খোলাৰ পাছতেই কাৰোবাৰ ভৰিৰ খোজৰ শব্দ শুনিলে তাই। কোনোবা যেন ওলাই আহিছে কোঠাৰ পৰা! লাহে লাহে খোজৰ শব্দ ওচৰ চাপি আহিল। একে ঠাইতে বহি আছে তাই সাৰ- সিকতি নোহোৱাৰ দৰে। এইবাৰ তাহাঁতৰ কোঠাৰ দুৱাৰখন খোল খাইছে, তাই দুৱাৰৰ ফালে পিঠি দি চকীখনত বহি আছে বাবে পাছফালে কি ঘটি আছে একো ধৰিব পৰা নাই। আৰু হাত ভৰিবোৰ এনেকুৱাকৈ জঠৰ লাগি গৈছে যে তাই অলপো

লৰচৰ কৰিব পৰা নাই। আগুৱাই আহিছে খোজৰ শব্দ আৰু তাইৰ ঠিক পাছতেই ৰৈ গৈছেহি। উশাহ বন্ধৰ উপক্ৰম হৈছে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড