পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৫


 ⵓ সমৰ, কোনো নথকা মানুহ ঘৰত ইমান ফুল, কোনে কৰে নো?

 ⵓ মালী এজন আহে ৰাতিপুৱাই তেঁৱেই কৰে এইবোৰ। প্ৰতাপ চলিহাৰ জীয়েকৰ ফুলত বৰ চখ আছিল। সেইবাবেই চলিহাই এতিয়াও ঘৰখন ফুলেৰে ভৰাই ৰাখিছে।

 ⵓ মই যে মালী জনক আজিলৈকে দেখা নাই কিয়?

 ⵓ তেঁও ৰাতিপুৱা কোনো সাৰ নাপাঁ‌ওতেই আহে। তেঁওক চাবলৈ হ'লে তুমি সোনকালে শুই উঠিব লাগিব।

 ⵓ আৰু এই যে বৰুৱা দা, তেওঁ কেতিয়াৰে পৰা আছে ইয়াত?

 ⵓ বৰুৱা দা থকা দিন হ'ল, তেওঁ ইয়াৰ পুৰণি বাসিন্দা। তেওঁৰ ঘৰ ইয়াৰ পৰা চল্লিশ কি.মি. মান দূৰৈত অৱস্থিত। অঞ্চলটোৰ একমাত্ৰ কলেজখনৰ ইংৰাজীৰ অধ্যাপক তেওঁ। অন্য কোনো ইংৰাজীৰ শিক্ষক নথকা বাবেই তেওঁক সকলো ছাত্ৰ- ছাত্ৰীয়ে বিচাৰে ইয়াত, টিউশ্যনো কৰে তেঁও। গতিকে তেওঁকো লগ পাবলৈ বৰ টান। আজি তোমাৰ ভাগ্যহে ভাল আছিল।

 দিনৰ ঘটনাতো মনত পৰি নীহাৰিকাৰ গাতো আকৌ শিঁ‌য়ৰি উঠিল।

 ⵓ নীহা, এতিয়া ব’লা ভিতৰলৈ ঠাণ্ডা সোমাব নহ'লে।

 ⵓ যোৱাচোন সমৰ চাহ একাপ কৰাগৈ, ময়ো গৈছো।

 সমৰ ভিতৰলৈ উঠি গ'ল, তাই অলপ সময় বাৰাণ্ডাতে বহি ৰ'ল। দীঘলীয়া পদূলিটোৰ একেবাৰে মূৰত থকা প্ৰকাণ্ড শিলিখা জোপালৈ তাই চাই পঠিয়ালে। কোনোবাই যেন তাহাঁতক লক্ষ্য কৰি আছে অথনিৰে পৰা। দুৰ্ঘোৰ আন্ধাৰৰ বাবে তাই একোকে নেদেখিলে, তথাপিও অনুভৱ হ’ল কোনোবা এজন আছে ৰৈ গছজোপাৰ তলত। কোন হ'ব পাৰে! এই ঠাণ্ডাত কোন এনেকৈ ৰৈ আছে! হঠাতে তাইৰ কি হ’ল জানো, দীঘল পদূলিটোৱেদি খোজকাঢ়ি তাই শিলিখা জোপাৰ তল পালেগৈ। বাৰাণ্ডাৰ চল্লিশ ৱাটৰ বাল্বৰ পোহৰে সেই ঠাইটুকুৰা পোহৰাব পৰা নাই। আন্ধাৰতে তাই অনুমান কৰিলে তাইৰ কাষতে কাৰোবাৰ উপস্থিতি।

 ⵓ কোন, কোন আছে ইয়াত?

 ⵓ ...................

 দুটা খোজৰ শব্দ শুনিলে তাই। যেন মানুহজন দুখোজ আঁতৰি গৈছে তাইৰ পৰা।

 ⵓ কোন আছে ক'ব নে?

 আকৌ দুটা খোজৰ শব্দ শুনি তাই সেইফালে মোবাইলৰ উৰ্চটো জ্বলাই দৃষ্টি প্ৰসাৰিত কৰিলে কিন্তু কাকো দেখা নাপালে।

 ⵓ কোন, লুকাইছে কিয়?

 এনেতে সমৰে তাইক বাৰাণ্ডাত দেখা নাপাই সিও শিলিখাজোপাৰ ওচৰ পালেহি।

 ⵓ কি হ’ল নীহা? আকৌ এনেকৈ আহিলা তুমি?

 ⵓ কোনোবা আছে এইখিনিত ৰৈ।

 ⵓ কোন?

 ⵓ কোন সুধিছোঁ‌ কিন্তু মুখৰ মাত নাই, ভৰিৰ খোজৰ শব্দ শুনিছোঁ‌ কিন্তু!

 ⵓ চোৰ ছাগৈ, চলিহাৰ বিশাল সম্পত্তিৰ ওপৰত বৰ চকু এই চোৰ বোৰৰ। তামোল নিবলৈ আহিছে ছাগৈ।

 ⵓ কিন্তু ছয় বজাতে চোৰ?

 ⵓ আহিব পাৰে, ইয়াত ছয় বজাতো ৰাতি দহ বজাৰ দৰেই। ব'লা ব’লা ভিতৰলৈ।

 নীহাৰিকাৰ কিন্তু কথাটো হজম নহ'ল। মনত খুদুৱনিৰ ভাব এটা লৈ তাই সমৰৰ পাছে পাছে খোজ দিলে ভিতৰলৈ। তাইৰ এনে লাগিল কোনোবাই যেন তাহাঁতক অনুসৰণ কৰিছে। তাই এবাৰ পাছলৈ ঘূৰি চাই দিলে আৰু কোনোবা এজন সাউতকৈ আঁতৰি যোৱা যেন অনুমান হ'ল তাইৰ।

(২)

 মাজনিশা বাৰ বাজিছে, দূৰৈৰ ক'ৰবাত ফেঁচা এটাই অতি কৰুণভাৱে কুকলিয়াবলৈ লাগিছে। সাৰ পাই গ'ল নীহাৰিকা।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড