পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৪

 : নীহা, কি চাই আছা আঁহা আকৌ।

 আগফালৰ বাৰাণ্ডাখনৰ পৰা যেন মাতটো ভাঁ‌হি আহিছে। দৌৰ মাৰি গ'ল সেইফালে তাই। বাৰাণ্ডাত কিছুপৰ ৰৈ তাই ইফাল-সিফালে আকৌ দৃষ্টি ঘূৰালে।

 : নীহা, নীহা, মোৰ পাছে পাছে আঁহা।

 কাণৰ কাষতে ফুচফুচাই কৈ যোৱা সমৰৰ কথাবোৰে তাইক অবাক কৰি তুলিছে। তাৰ মাতটো স্পষ্টকৈ শুনিছে তাই অথচ অদৃশ্য হৈ আছে সি। তাইৰ খঙে উঠিছে সমৰলৈ, এনেকৈ কিয় ধেমালি কৰিছে সি তাইক ভয় খুৱাবলৈ!

 : নীহা, কি কৰি আছা? আঁহা মোৰ সোণ, মোৰ পাছে পাছে আঁহা।

 সমৰৰ মৰমৰ মাতষাৰ শুনি মন্ত্ৰমুগ্ধ হৈ তাই মাতটোক অনুসৰণ কৰিলে। সোঁ-সোঁৱাই বতাহ এজাক বলি আছে, তাইৰ চাদৰৰ আঁচল উৰুৱাই নিছে বতাহজাকে। চৌপাশে আন্ধাৰ, কেৱল তাই খোজ কাঢ়ি গৈ থকা বাটতো সামান্য পোহৰেৰে উদ্ভাসিত হৈ উঠিছে। তাই একোৱেই মণিব পৰা নাই চকুৰে মাত্ৰ সমৰৰ মৰমসনা মাতটোক অনুসৰণ কৰি গৈ আছে তাই। তাইৰ অজানিতেই তাই গৈ গৈ ঘৰটোৰ পাছফালে থকা দ’ পুখুৰীটোৰ পাৰ পালেগৈ। কিবা এক অচিন শক্তিয়ে তাইক আকৰ্ষিত কৰি তুলিছে, নিজকে ৰখাব পৰা নাই তাই। সমৰক দেখা পোৱা নাই যদিও এনে লাগিছে সি যেন তাইক চাই আছে। ক'ৰবাৰ পৰা।

 : নীহা, আঁহা, আঁহা মই তোমালৈয়ে ৰৈ আছো।

 এইবাৰ মাতটো পুখুৰীটোৰ তলৰ পৰা অহা যেন লাগিল। তাই আকৌ কাণ উনাই শুনিলে।

 : কি ভাবি আছা, আঁহাচোন।  এইবাৰ তাই ৰব নোৱাৰিলে আৰু.....

 .......জলৌপ........

  পুখুৰীত জঁপিয়াই দিলে তাই।

 প্ৰায় এঘন্টামানৰ পাছত তাই নিজকে আৱিষ্কাৰ কৰিলে শোৱনি কোঠাৰ বিছনাত। অৱসভাৱে চকু দুটা মেলি তাই কাষতে সমৰক দেখা পাই আস্বস্ত হ'ল। সি পিছে চিঞৰি উঠিল–  : কি কাম কৰিবলৈ গৈছিলা তুমি? পুখুৰীত কিয় জাঁপ দিছিলা? বৰুৱা দাই নেদেখা হ'লে আজি........??? উফ মোৰ ভাবিয়েই ভয় লাগিছে।

 : বৰুৱা দা কোন?

 : আমাৰ ইটো ফালে থকা দাদা জন। তেওঁ তোমাক পুখুৰীত জঁপিওৱা দেখি দৌৰি গৈ তোমাক উঠাই আনিলেগৈ বুলিহে। নহ'লে ইমান দ’ পুখুৰীটোত....গা কঁপি গৈছে মোৰ অ' ভাবি। মইনো তোমাক কি দুখ দিলে যে এনেকুৱা কাম কৰিলা তুমি?

 : কিন্তু মই একো কৰা নাই। ইমান ৰাতিলৈকে তুমি অহা নাছিলা আৰু মোক তুমি মাতি থকাৰ বাবেহে মই গুছি গৈছিলো। পুখুৰীৰ তলৰ পৰাও তুমিয়েই মোক মাতি আছিলা।

 : এইবোৰ কি কৈছা তুমি? ৰাতি? এতিয়া দিনৰ বাৰ বাজিছে, বৰুৱা দাই মোক ফোন কৰাত দৌৰি আহিছো মই। আৰু মই তোমাক পুখুৰীৰ তলৰ পৰা কিয় মাতিম? তুমি ঠিকে আছাতো!

 মূৰটো আচন্দ্ৰাই কৰিলে নীহাৰিকাৰ। সমৰে যদি মাতি নিয়া নাছিল তাইক তেন্তে সেইটো কাৰ মাত আছিল! আৰু দিনতে চতুৰ্দিশে অন্ধকাৰ কিয় হৈ গৈছিল! গাটো অসম্ভৱ ধৰণে বেয়া লাগি গ'ল তাইৰ, এনেও জ্বৰ উঠিয়েই আছিল। ভয়ে লাগিছে যথেষ্ট ঘটি যোৱা ঘটনাটোৰ কথা ভাবি। সমৰৰ হাত দুখন ধৰি জোৰেৰে চকু মুদি দিলে তাই।

 দিনটোৰ বাকী সময়ছোৱা শুই শুয়েই কটাই দিলে নীহাৰিকাই। পিছে সপোনতো সেই পুখুৰীটোৱে, ফেন চলাৰ বিকট শব্দটোৱে পিছ নেৰিলে তাইৰ। সন্ধিয়া সমৰৰ লগত তাই বাৰাণ্ডাতে বহিল অলপ সময়। নাৰ্জী ফুলেৰে ভৰি আছে গোটেই চোতালখন। হিমশীতল বতাহজাকে ক'ৰবাৰ পৰা বোকোচাত কঢ়িয়াই আনিছে অচিন ফুলৰ সুবাস। বতৰতো ডাৱৰীয়া হোৱাৰ

বাবে ঠাণ্ডা পৰিছে যথেষ্ট তথাপিও ভাল লাগিছে তাইৰ বাহিৰত বহি থাকি।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড