পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৩

 সমৰে তাইক একো কাম কৰিবলৈ নিদি নিজেই কামত লাগি গ'ল। গৰম পানী কৰি দিলে তাইক, তাই একেবাৰে গাটো তিয়াই ল'লে। সমৰে চাহ কৰি নিজেও খালে, তাইকো একাপ দিলে। এইবাৰ সি কুকাৰত ভাত বহাই পাচলি কাটিবলৈ লাগিল। তাই ওচৰতে বহি তাৰ কামবোৰ লক্ষ্য কৰি থাকিল। যদিও তমোময় জ্বৰ তথাপি তাইৰ গাটো অলপো কিয় বেয়া লগা নাই তাই বুজি পোৱা নাই। বিয়াৰ আগতেতো সাধাৰণ পানী লগা এটা হ'লেই তাই বিছনা লয়।

 তাই সমৰক বিমুগ্ধ নেত্ৰেৰে চাই থাকিল। বিয়াৰ পাছত এয়াই তাইৰ প্ৰথম বেমাৰ হৈছে আৰু সমৰে তাইক ইমান শুশ্ৰুষা কৰিছে যে তাৰ প্ৰতি থকা তাইৰ মৰমবোৰ দুগুণে বাঢ়ি গৈছে। অতি সোনকালে সমৰে ভাত ৰন্ধা শেষ কৰি নাকে কাণে গুজি দহ বজাৰ আগে আগে হাস্পতাললৈ ওলাই গ'ল। যাঁওতে তাইক সঁ‌কীয়াই থৈ গ'ল সময়ত ভাত খাবলৈ আৰু বেছি জ্বৰ উঠিলে টেবলেট খাবলৈ। সি যোৱাৰ পাছত তিনি কোঠলীয়া সৰু ভাড়া ঘৰটোত অকলশৰীয়া হৈ পৰিল নীহাৰিকা। বিছনাতে পৰি আকাশ-পাতাল ভাবিবলৈ ধৰিলে তাই।

 সমৰৰ চাকৰিসূত্ৰে আহি তাহাঁ‌ত বিষ্ণুপুৰ নামৰ অঞ্চলটোৰ এই সৰু ভাড়া ঘৰটোত পৰহি সন্ধিয়া সময়ত সোমাইছেহি। বিয়াৰ আগৰে পৰাই সমৰ অৱশ্যে এই ঘৰটোতে আছিল। বিষ্ণুপুৰৰ একমাত্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সি চিকিৎসক হিচাপে আজি পাঁচ বছৰে সেৱা আগবঢ়াই আহিছে। থাকিবলৈ কোৱাৰ্টাৰ পাইছিল যদিও অৱস্থা তথৈবচ বাবে সি আগৰে পৰাই ভাড়াঘৰতে বাস কৰি আহিছে। আগতে এটা ৰূমতেই কাম চলি গৈছিল, এতিয়া দুটা ৰূম বঢ়াই লোৱা হ'ল। ঘৰলৈ ইয়াৰ পৰা দূৰত্ব ত্ৰিশ কিলোমিটাৰ, অহা যোৱা কৰিব পাৰিলেহেঁতেন যদিও কেতিয়াবা ৰাতি ৰোগীৰ অসুবিধা হ'ব বুলিয়েই সি ইয়াতেই থাকি লোৱাৰ সিদ্ধান্ত ল'লে। সৰুৰে পৰাই সমাজসেৱা কৰি ভাল পাইছিল সি, গতিকে এই সুযোগতো সি হাতৰ পৰা যাবলৈ নিদিলে।

 অঞ্চলটো বৰ বেছি আগবঢ়া নহয় বাবে ভাড়াঘৰৰ সুবিধা বৰ বিশেষ নাই। চহৰত নিগাজিকৈ থাকিবলৈ গুছি যোৱা প্ৰতিপত্তিশীল ব্যৱসায়ী প্ৰতাপ চলিহাই তেখেতৰ এই পুৰণি অসম আৰ্হিৰ ঘৰটোকে ভাড়ালৈ দিছে দূৰৈৰ পৰা চাকৰিসূত্ৰে থাকিবলৈ অহা মানুহৰ সুবিধাৰ বাবে। ঘৰটোৰ এফালে সমৰ আৰু নীহাৰিকা থাকে আৰু ইটো ফালে বিষ্ণুপুৰ কলেজৰ অধ্যাপক এজন থাকে। ডাঙৰ ঘৰটোৰ ভালেকেইটা ৰূমত প্ৰকাণ্ড তলা উলমি আছে।

 পৰহি সন্ধিয়া ঘৰৰ বাৰাণ্ডাত ভৰি দিঁ‌ওতেই নীহাৰিকাক এক অদ্ভুত শিহৰণে কঁপাই তুলিছিল। ঘৰটোৰ পদূলি মুখতে থকা প্ৰকাণ্ড গছ জোপাৰ পৰা তাইক যেন কোনোবাই অতি সন্তৰ্পণে লক্ষ্য কৰি আছিল। ঘিত্‌মিটীয়া আন্ধাৰৰ বাবে তাই পিছে। একো ধৰিব নোৱাৰিলে। তলাতো খুলিবলৈয়ো সমৰে অশেষ চেষ্টা কৰি প্ৰায় দহ মিনিট মান যুঁজাৰ পাছতহে সফল হৈছিল। আৰু দুৱাৰখন খোলাৰ ঠিক লগে লগেই দূৰণিত এটা ফেঁচাই অতি জোৰেৰে কুৰুলিয়াবলৈ লাগিছিল। কথাবোৰ পাহৰিবলৈ যত্ন কৰিছে যদিও একেবোৰ কথাই মনলৈ আহি আছে তাইৰ। ইফালে কালি ৰাতিৰ আৰু অলপ সময়ৰ আগত ঘটি যোৱা ঘটনাবোৰে কিহৰ ইংগিত দিছে তাই বুজিব পৰা নাই। এই কথাবোৰেই মন পাগুলি কেতিয়ানো টোপনিত ঢলি পৰিল তাই গমকে নাপালে।

 কাণৰ কাষতে কাৰোবাৰ গভীৰ নিশ্বাসৰ শব্দ শুনি সাৰ পাই গ'ল নীহাৰিকা। বিছনাত পৰি ভাৱৰ সাগৰত ডুবি থাকোতেই টোপনিত ঢলি পৰিছিল তাই। তন্দ্ৰালুস অৱস্থাৰে দুচকু নেমেলোঁতেই অনুভৱ কৰিলে তাই গাৰ নিচেই কাষতে কাৰোবাৰ অৱস্থিতি। ধীৰে ধীৰে অতি সন্তৰ্পণে চকুৰ পতা খোল খালে তাইৰ। সাউতকৈ যেন কোনোবা উন্মুক্ত খিৰীকিখনেৰে পাৰ হৈ গল। ঘোৰ অন্ধকাৰে আৱৰি ধৰিছে কোঠাটো। তাই আচৰিত হ'ল, গোটেই দিনটো তাই শুয়েই থাকিল নেকি! ঘড়ীটো চালে, কিন্তু বন্ধ হৈ আছে ঘড়ীটো। সামান্য ভয় অনুভৱ হ'ল তাইৰ, আন্ধাৰ হৈ গ'ল অথচ সমৰ আহি পোৱাহি নাই এতিয়ালৈকে। অৱশ্যে কেতিয়াবা পলম নোহোৱা নহয় হয় তাৰ, আঁহো বুলিও সোনকালে আহিব নোৱাৰা হয়। কেতিয়াবা ৰোগীৰ ঘৰলৈ গৈও সি স্বাস্থ্য পৰীক্ষা কৰি আহেগৈ। কিন্তু পলম হলে সি ফোন কৰি জনাই দিয়ে তাইক। এইবাৰ তাই ফোনটো চালে, চুইচ্চ অফ। অবাক হ’ল পুনৰ তাই, ফোনটো কেনেকৈ বন্ধ হৈ গ'ল! তাইতো ফুল চাৰ্জ দি থৈছিল। এইবাৰ চকু দুটা মোহাৰি তাই খিৰীকিৰে বাহিৰলৈ চাই পঠিয়ালে, সচাঁ‌ই আন্ধাৰ চৌপাশে।

 : নীহা, এইফালে আঁহা।

 সমৰৰ মাতটো ক’ৰবাৰ পৰা ভাঁ‌হি অহা শুনি তাই ইফালে সিফালে চালে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড