পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫২

হোৱা শব্দটোত উচপ খাই উঠিল। দুৱাৰখন খুলি তীব্ৰ গতিৰে চলি থকা ফেনখন দেখি তাই হতভম্ব হৈ পৰিলে। নিজৰ চকুকে যেন বিশ্বাস নকৰিব, এইমাত্ৰ কোঠাটো খুলি চাওতে ফেনখন বন্ধ হৈয়ে আছিল, তেন্তে কেনেকৈ চলিবলৈ ধৰিলে নিজে নিজে। ভাবি ভাবি তাইৰ নিজকে পাগল যেন লাগি গ'ল। তাইৰেই কিবা মনৰ ভ্ৰম হৈছে বুলি ভাবি ফেনৰ চুইচ্চটো বন্ধ কৰি দুৱাৰখনৰ খিলিটো ভালদৰে লগাই তাই নিজৰ কোঠালৈ খোজ দিলে। শব্দটোও নাইকিয়া হৈ গ'ল। শোৱনি কোঠাত সোমাই তাইৰ কিবা অস্বস্তি লাগিল। তাই যেন বেলেগ এখন পৃথিৱীৰ পৰা আহি সোমাইছেহি এইটো কোঠাত। বিছনাত পৰিলেহি তাই, গাটো অসম্ভৱ ধৰণে কঁপিবলৈ ধৰিলে। এতিয়াহে মন কৰিলে তাই যে ইমানপৰে পাতল নাইটীটো পিন্ধিয়েই তাই অন্য এটা কোঠাৰ পৰা আহিলেগৈ। কাষতে শুই থকা সমৰক জোৰেৰে সাৱটি তাই টোপনি যাবলৈ চেষ্টা কৰিলে। গাটো কঁপিয়েই থাকিল।

 পুৱা সাৰ পাঁওতে পলম হ'ল নীহাৰিকাৰ। ৰাতিৰ সেই ঘটনাটোৰ পাছত বহু পলমকৈহে চিলমিলকৈ টোপনি ধৰিছিল তাইৰ, সেইবাবেই দেৰিকৈ সাৰ পালে আজি। ইতিমধ্যে সমৰ বিছনাৰ পৰি উঠি গৈছে, সি ছাগৈ এতিয়ালৈ নিউজ পেপাৰ পঢ়াত ব্যস্ত হৈ পৰিছে। তাৰ এই স্বভাৱটোৱে অৱশ্যে তাইক কেতিয়াবা বিৰক্তও কৰি তোলে। সি বাতৰি পঢ়াত এনেদৰে মনোযোগ দিয়ে যে পৃথিৱী উলটি গলেও সি উমান নাপাব। আজি পিছে নীহাৰিকাই চকু মেলিয়েই অন্য এটা কথাহে ভাবিবলৈ লৈছে। কালি নিশাৰ সেই শব্দটোৱে তাইক আমনি কৰি আছেহি। সচাঁ‌ই ফেন চলাৰ শব্দ আছিল নে তাইৰ মনৰ ভ্ৰম আছিল তাই ভাবি উৱাদিহ নাপালে।

 বিছনাৰ পৰা লাহেকৈ নামি তাই মজিয়াত ভৰি দিলে। ঘড়ীটোৱে আঠ বজাৰ সংকেত দিছে। আজি দৌৰাদৌৰিকৈ কামবোৰ কৰিলেহে সমৰ সময়মতে অফিচ যাব পাৰিব। দিনটোৰ কামবোৰৰ পৰিকল্পনা এটা মনতে ভাবি ল'লে তাই। বিছনাৰ কাষতে থকা খিৰীকি খন খুলি দিলে তাই, পৰ্দাখনো কোঁ‌চাই দিলে। খোলা খিৰীকিৰে পুৱাৰ কোমল ৰ'দ এছাটি সোমাই আহি তাইৰ গালে-মুখে পৰিলেহি। বাহিৰত ফুলি উঠা বিভিন্ন ফুলবোৰৰ সুবাস তাইৰ নাকত লাগিছেহি। ভাল লাগি গ'ল তাইৰ মনটো, বুকুৰ ভিতৰলৈকে উজাই ল'লে ফুলৰ সুগন্ধ, দুচকু মুদি উপভোগ কৰিলে ৰ'দজাকৰ উত্তাপ।

 ‘কা...কা..কা..কা...' হঠাতে আটাহ পাৰি চিঞৰি উঠিল কাঁ‌উৰী এজাক। তাইৰ কৰ্ণকুহৰৰ পৰ্দাহে ফাটি যোৱাৰ উপক্ৰম হ'ল। ইমানেই ভয়ানক ভাৱে আৰ্তনাদ কৰিছে কাঁ‌উৰীজাকে যে তাই কাণত সোপা দিবলৈ বাধ্য হৈ পৰিল। এনে লাগিল তাইৰ যেন ধপধপাই চৰাই এজাক তাইৰ আগেদিয়ে উৰা মাৰি গ'ল। দুচকু জোৰেৰে মেলি তাই দূৰণিলৈ চাই পঠিয়ালে। ক'ৰপৰা কাউৰীজাকৰ চিঞৰ ভাহি আহিছে তাই কিন্তু ধৰিব নোৱাৰিলে। লাহেকৈ কাণৰ পৰা হাত দুখন আঁতৰালে তাই, শব্দটো নাই এতিয়া।

 : আজি ভাত খাবলৈ নাপাম নেকি?

 সমৰৰ মাতত উচপ খাই উঠিল তাই।

 : কি হ’ল উচপ খাই উঠিলা যে মোৰ মাত শুনি? কিবা নক'বলগীয়া কথা ক'লো নেকি মই?  : তুমি এইমাত্ৰ কাউৰীজাকৰ চিঞৰ শুনিলা? ইমান কৰণভাৱে চিঞৰিছিল।

 : কাউৰী? ক'ত, কেতিয়া শুনিলা? তুমি নাই শুনা নেকি?

 : ক'তা নাই শুনাচোন মই, আৰু এইটো অঞ্চলত কাউৰী আজিকালি দেখিবলৈকে নোহোৱাৰ দৰে হৈছে বুলি মানুহবোৰে কয়। তেন্তে তুমিনো কি শুনিলা তুমিহে জানা?

 : মই মিছাকৈ কিয় কম?

 : মিছাকৈ কোৱা নাই অ' সোণজনী। চাওঁ তোমাৰ কপালখন চুই চাওঁ।

 সমৰে তাইৰ কপালখনত হাত দি চাই তাইৰ ফালে অবাক হৈ চালে।

 : নীহা, তোমাৰ তমোময় জ্বৰ উঠি আছে অথচ তুমি গম পোৱা নাই?

 : জ্বৰ?

 নিজৰ কপালখন চুই নিজেই আচৰিত হ'ল নীহাৰিকা। ইমানেই গৰম যে হাতখন লগাবকে নোৱাৰি, অথচ তাইৰ কিন্তু

একোৱেই অনুভৱ হোৱা নাই।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড