পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫১

মাজনিশাৰ কুৰুলি

মূৰ্ছনা বড়া

(১)

 পুহমহীয়া ঠেটুৱৈ ধৰা জাৰ। কোমল লেপখন গাৰ পৰা সামান্য আঁতৰি যোৱাৰ বাবে বাঁও ভৰিটোত জাৰ অনুভৱ কৰি সাৰ পাই গ'ল নীহাৰিকাই। কোঁ‌চ খাই নিজৰ স্থানৰ পৰা আঁতৰি বিশৃংখল হৈ পৰা লেপখনক পুনৰ আগৰ স্থানলৈ আনি গাৰ কাষতে শুই থকা সমৰলৈ চালে তাই। পৰম প্ৰশান্তিত শুই থকা সমৰলৈ মৰম উপজি গ'ল। তাৰ কপালত চুমা এটা আঁকি তায়ো চকু দুটা মুদি পুনৰ টোপনি যাবলৈ চেষ্টা কৰিলে।

 ‘ঘুৰৰৰ.........ঘুৰৰৰৰৰ..........'

 হঠাতে হোৱা এটা বিকট শব্দত পুনৰ সাৰ পাই গ'ল নীহাৰিকাই। বিছনাতে বহি তাই কাণ উনাই শব্দটোৰ উমান ল’লে, কিন্তু ইতিমধ্যে শব্দটো বন্ধ হৈ গ'ল। এইবাৰ তাই বিছনাৰ কাষতে থকা টেবুলখনত থৈ দিয়া পানী গিলাছটো হাতত লৈ পানী এঢোক গিলি ল'লে। ঘড়ীটোলৈ মন কৰিলে তাই, নিশা দুই বাজিছে। পুনৰ তাই সমৰলৈ লক্ষ্য কৰিলে, সি গভীৰ নিদ্ৰাত মগ্ন। তাক মিছাতে জগাই আমনি দিবলৈ মন নগ'ল তাইৰ। সেইবাবে পুনৰ বিছনাত পৰি তাই টোপনিলৈ অপেক্ষা কৰিলে। পিছে তাইৰ কাণ দুখনে সেই শব্দটোৰ উমান ল'বলৈহে চেষ্টা কৰিবলৈ ধৰিলে। চকু দুটা মুদি আছে যদিও তাইৰ টোপনি নাই, এনেকৈ মাজনিশা সাৰ পাই গ'লে সাধাৰণতে তাইৰ টোপনি নাহে আৰু দুনাই। তাতে আজি হঠাতে ক'ৰবাৰ পৰা ভাহি অহা সেই শব্দটোও মনলৈ আহি থাকিল। বিশ মিনিট মান পাৰ হৈ গ'ল এনেদৰেই, তাইৰ চকু দুটা তন্দ্ৰাভাৱে আৱৰি ধৰিবলৈ ওতেই পুনৰ সেই বিকট শব্দটো তাইৰ কাণত পৰিলহি। একেজাপে সাৰ পাই উঠিল তাই।

 ‘ঘুৰৰৰৰ......ঘুৰৰৰ....' হয় তাই ঠিকেই শুনিছে। শব্দটো যেন ওচৰৰ কোনো ঠাইৰ পৰাই উফৰি আহিছে এনে লাগিল তাইৰ। অৱশ্যে জাৰকালিৰ নিৰ্জন নিশাবোৰত বহু দূৰৈৰ শব্দটোও ওচৰতে শুনা যেন লাগে। তাই ভালকৈ শুনিবলৈ চেষ্টা কৰিলে শব্দটো। কিন্তু শব্দটোৰ উৎস বহুত ভাবিও উলিয়াব নোৱাৰিলে। সমৰক জগাবলৈ লওতেই শব্দটো পুনৰ নাইকিয়া হৈ গ'ল। তায়ো তাক নজগাই পুনৰ বিছনাতে পৰি দিলে, অৱশ্যে তাইৰ চকুৰ পতাৰ পৰা নিদ্ৰাদেৱী কেতিয়াবাই উৰা মাৰিলে ক'ৰবালৈ।

 পাঁচ মিনিট পাৰ হ’ল কি নহ’ল পুনৰ বিকট শব্দটো তাইৰ কাণত পৰিলহি। এইবাৰ কিন্তু তাই বিছনাতেই পৰি থাকি শব্দটো শুনি থাকিল। শব্দটো এইবাৰ আৰু ওচৰৰ পৰা ভাহি অহাৰ দৰে লাগিল তাইৰ, আৰু আগতকৈ বেছি স্পষ্টকৈ শুনাৰ দৰে অনুভৱ হ'ল। তাইৰ এনে লাগিল শব্দটো যেন তাহঁতৰ কাষৰ ৰূমটোৰ পৰাই ছিটিকি আহিছে। হয়, একেবাৰে কাণৰ কাষতে যেন ঘূৰি আছে কিবা এটা। যেন কোনো প্ৰাচীন কালৰ বিকল হ'বলৈ ধৰা একোটা যন্ত্ৰহে।

 হাতত সাৰে ভৰিত সাৰে তাই বিছনাৰ পৰা নামিল এইবাৰ। সমৰক আমনি কৰিবলৈ মন নগ'ল, সেইবাবে নজগালে তাক। মোবাইলৰ উৰ্চটো জ্বলাই তাই তাহাঁতৰ কোঠাৰ দুৱাৰখন খুলি কাষৰ কোঠাটোৰ ফালে খোজ দিলে। আন্ধাৰে গিলি ৰাখিছে চৌপাশ। নিস্তব্ধ, নিৰ্জন নিশা তাৰ মাজে মাজে ‘ঘুৰৰৰৰ...ঘুৰৰৰৰ' বিকট শব্দটোৱে নিশাটো জয়াল কৰি তুলিছে। নীহাৰিকাৰ ভয়তো যথেষ্ট কম যদিও এই হাঁড় কঁ‌পোৱা জাৰতো তাই ঘামি যোৱা যেন অনুভৱ কৰিছে নিজেই। সেই নিৰ্দিষ্ট কোঠাটোৰ দুৱাৰখন সামান্য ফাঁ‌ক হৈ আছে, কিন্তু শুবলৈ যাওঁ‌তে নিজেই দুৱাৰখন বন্ধ কৰি থৈ যোৱাৰ কথা স্পষ্টকৈ মনত আছে তাইৰ। তাই দুৱাৰখন সম্পূৰ্ণকৈ খুলি দিলে, কেৰেককৈ শব্দ এটা হ'ল যেন গছৰ শুকান পাতত হে কোনোবাই ভৰি থলে। দুৱাৰ খুন খুলি দিয়াৰ লগে লগে এটা মেকুৰী তাইৰ মুখৰ আগেদিয়ে দৌৰ মাৰি পাৰ হৈ গ'ল। মেকুৰীটো ক'ত অদৃশ্য হৈ গ'ল তাই ধৰিব নোৱাৰিলে। মোবাইলৰ টৰ্চৰ পোহৰত তাই কোঠাটো ভালকৈ লক্ষ্য কৰিলে, ইতিমধ্যে শব্দটো যিহেতু বন্ধ

হৈ গৈছিল গতিকে তাই একোকে ধৰিব নোৱাৰিলে। দুৱাৰখন ভালকৈ জপাই তাই পুনৰ ঘূৰিবলৈ লওতেই কাণৰ কাষতে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড