পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৩

নােৱাৰ। তইতাে এজন প্রেমিক...দুৰ্ভগীয়া প্রেমিক।

 স্থিৰ হৈছিল সি।

 অমৃতাক বৈধৱ্যৰ যন্ত্রণা দিব নােৱাৰে সি।

 অমৃতাৰ চকুত চকুপানী চাব নােৱাৰে।

 সিদ্ধান্ত তৎক্ষণাত লৈছিল অনুৰাগে সেইমুহূর্ততে।

 আত্মসমর্পণ কৰাৰ পিছত জেলত কটাইছিল সি কেইবামাহাে। তেতিয়াই জেলত আগমন ঘটিছিল এজন অপ্রত্যাশিত লােকৰ...সেই একেজন মন্ত্রী বিষয়া যাৰ বুকুত বন্দুক তুলিছিল সি...আৰু লগত মন্ত্রী পত্নী।

 সেইদিনা কিয়জানাে তাৰ মনত এক অবুজ আনন্দৰ সঞ্চাৰ ঘটিছিল মন্ত্রী পত্নীৰ শিৰত নির্বিঘ্নে জিলিকি থকা সেন্দুৰকণতাে দেখি।

 সেইদিনাই সি বুজি উঠিছিল জীৱন লােৱাতকৈ জীৱন দিয়াৰ অনুভূতি কিমান সুখকৰ !

 মন্ত্রী আৰু মন্ত্রীপত্নী নিজৰ আত্মীয়তকৈও অধিক আত্মীয় হৈ উঠিছিল আৰু সলনি হৈ গৈছিল অনুৰাগৰ জীৱনৰ গতিপথ।

 অনুৰাগ বৰুৱাৰ ঠাইত নকৈ সৃষ্টি হল অনিৰুদ্ধ বৰুৱাৰ৷ বিজিনেছমেন অনিৰুদ্ধ বৰুৱা। অনুৰাগ বৰুৱাৰ পৰা অনিৰুদ্ধ বৰুৱালৈ পৰিবৰ্তনৰ এই যাত্রা সহজ নাছিল। সহজ সৰল অনুৰাগ বৰুৱাক মাৰি এজন বুদ্ধিমান বিজিনেছমেন অনিৰুদ্ধ বৰুৱা হৈ উঠিছে সি। সেই পৰিবৰ্তনৰ পথত অহা বহু অন্যায়, অনীতি, দুর্নীতি, শােষণ, নিষ্পেষন কষ্টৰে মুখামুখি হৈ আজি এই পর্যায় পাইছেহি।

 অনিৰুদ্ধ বৰুৱাৰ কঠিন খােলাটোৰ ভিতৰত থকা অনুৰাগজনৰ অস্তিত্ব কেতিয়াবাই শেষ কৰিছে সি। বিচাৰি পােৱা টান।

 বৰ্তমানৰ এই অনিৰুদ্ধ বৰুৱা আভিজাত্যৰ ৰঙেৰে ৰঙীন, ...এটি আৰামদায়ক জীৱনৰ অধিকাৰী সি। বিলাসী স্বপ্ন দেখাৰ ধৃষ্টতা নাই বুলি ভবা অনুৰাগ বৰুৱাৰ হাতত এতিয়া সর্বদা ওলমি থাকে আভিজাত্যৰ চাবি কাঠি।

 কিন্তু অনুৰাগ বৰুৱাৰ এই আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তন সকলােৰে জ্ঞাত নহয়। এতিয়াও তাক বিচাৰি ফুৰে উগ্রপন্থী দলৰ সদস্যই। দলৰ নেতাৰ নির্দেশ অনুসৰি তাক দেখিলেই গুলিয়াই দিব। সেয়াই অৰণ্যৰ নিয়ম।

 সকলাে সলনি হৈছিল।

 সলনি নহল মাথাে স্মৃতিবােৰ।আজিও সি মনৰ মনিকোঠত সযতনে বান্ধি ৰাখিছে অমৃতাৰ সৈতে কটোৱা শৈশৱ,কৈশােৰ, যৌৱনৰ সােণালী স্মৃতি।

 অমৃতাৰ প্ৰতি থকা সেই প্রেমৰ সুমধুৰ ৰাগ আজিও অক্ষুন্ন তাৰ হৃদয়ত সেয়ে হয়তাে কোনাে সুন্দৰী ৰমণীৰ দুচকুৰ প্ৰেমৰ মুক্ত আৱেদন নতুবা শৰীৰৰ ঔজ্জলতাই তাক আকর্ষণ নকৰে।

 মনৰ কাম বাসনাৰ ৰিপুৰ বহু উর্ধত তাৰ অতীতৰ প্ৰেমৰ প্ৰতি থকা এই ৰাগ।

 সি সর্বদাই মনত ৰাখিছে যােৱাৰ পৰত তাইৰ শিৰত জিলিকি থকা পলাশ ৰঙী সেন্দুৰ ৰং... সেই সেন্দুৰৰ ৰঙে তাক প্রতিজ্ঞাবদ্ধ কৰাইছে ...কেতিয়াও তাইৰ সন্মুখত নাহিবলৈ।

 সকলাে ঠিকেই চলি আছিল।

 কিন্তু... এটি মাত্র ক্ষনে যেন মন অস্থিৰ কৰি তুলিছে তাৰ। এটা প্রশ্নই তাক বাৰে বাৰে আমনি কৰিছে। অমৃতাই ঢলি পৰি বেহুচ হৈ যােৱাকৈ সদায় মদ খায়নে? নে সি ভবাতকৈ বহু বেছি আধুনিকতাৰ ৰং সানি লৈছে তাই!তাৰ কাণত অনুৰণিত হৈ ৰৈছে তাই অস্পষ্ট কৈ মতা “অনুৰাগ” নামটোৱে। তাই দেখিছিল নেকি তাক? চিনি পাইছিল নেকি?

 কিয় তাৰ এনেকুৱা লাগিছে যে সি তাইক লগ পােৱাটো অত্যন্ত জৰুৰী।

 নাই নাই। সি লগ কৰিব নােৱাৰে তাইক। তাইৰ শিৰৰ সেন্দুৰৰ খাতিৰত। তাইক লগ কৰি উলট-পালট কৰিব নােৱাৰে তাইৰ ঘৰ গৃহস্থি। সংযম কৰিব লাগিব সি নিজৰ মনৰ বাসনাক।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড