পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬

নহয়। তথাপি...আজি যদি বিচিত্ৰা থাকিলহেঁতেন!কঠালৰ পীৰাখনৰপৰা চুৰীখনলৈ গাঁৱৰ মাইকীমানুহখিনিয়ে যোগাৰ কৰিছে। তথাপি যেন খালী চৌপাশ। কান্দিবলৈ সুৰুঙা বিচাৰিলে কণে। মানুহবোৰ ঘৰঘৰি হোৱাৰ পিছত দমকলৰ পাৰত এসোঁ‌তা কান্দি আহিলেগৈ কণে।

 “বিচিত্ৰা,ফুল গাভৰু হ'ল অ।”

 কৰবাত যেন ফাঁ‌ট এটা। ধনটি আৰু ফুলৰ মাজত তফাৎ এটা আঁৰি লয় ধনটিৰ মাক-বাপেকে। আজলী ফুলে বুজি নাপায়। চকুত পৰে কণৰ। দুচকু সেমেকা তাৰ। তথাপি বাধা নিদিয়ে সি ধনটিৰ লগত হলিগলি নকৰিবলৈ। ধনটি ভৱিষ্যতে ফুলৰ পৰিচয় হ’ব সেই আশা দেখে সি। যদি তাৰ কিবা এটা হয়....? সৰু হৈ যায় সি ভায়েকৰ ওচৰতো। ফুলক দমকলৰ পাৰলৈ চোঁ‌চোৰাই নি পিটিছিলগৈ সি স্কুললৈ নগৈ খুৰীয়েকৰ ঘৰত কাম কৰি থকাৰ বাবে কণে। ফুল কলেজলৈ যাব দূৰ্বাৰ হেঁপাহ কণৰ। ফুলক লৈ দেখা সপোন সি মষিমূৰ কৰিব নোৱাৰে। পুৱাৰপৰা ৰাতিলৈ দৌৰিও যেন নাভাগৰে কণ। চাকিৰ পোহৰত পঢ়ি থকা ফুলৰ মুখত কণে জ্যোতি দেখে। তিৰবিৰাই থকা ফুলৰ মুখখন সি চাই থাকে। পঢ়াত বৰ এটা বেয়া নহয় বুলি বাটে-পথে লগ পোৱা মাষ্টৰে কয়। মেট্ৰিকৰ সময়ত টিউচন দিব লাগিব। বাপেকে নেদেখা জগতখন ফুলে দেখক। নিচিনা আখৰবোৰ তাই চিনক।

 তিনিবাৰ মাতিও সঁ‌হাৰি পোৱা নাই ফুলৰ। ভিতৰত চালেগৈ কণে। কেতিয়াবা ৰাতি দেৰিলৈকে পঢ়িলে আবেলি শোৱে। সেইভাজে শুলে তাই কণৰ মাততহে সাৰ পায়। ফুলৰ ফঁাকি কণৰ চকুত পৰিলেও সি নেদেখুৱালে ফুলক। আঁৰ চকুৰে চালে বাকচটোলৈ সি। পিছদিনা ফুল স্কুললৈ যোৱাৰ পিছত কণৰ অনুমানেই সঁচা। সি থোৱা ভাজটোৰপৰা ফটোখন ওপৰলৈ দাংখাই আছে।

 বাকচটো আজিকালি প্ৰায়ে খোল খায়। যেন দুয়ো সুবিধা বুজি বাট চায় এজনৰ অনুপস্থিতিলৈ। এদিন ধৰা পৰিল কণ। পিছুৱাই বেৰখনত আঁওজি ৰ'ল ফুল। স্পষ্টকৈয়ে দেখিলে তাই দেউতাকৰ চকুত চকুপানী।

 বুজি উঠিছে তাই দেউতাকক। কিমান ভালপালে মাকৰ স্মৃতি সামৰি থব পাৰে দেউতাকে? একোৱে সলনি হোৱা নাই ঘৰখনৰ সামগ্ৰী। মাকে যেনেকৈয়ে থৈ গৈছিল তেনেকৈয়ে আছে সকলোবোৰ। মাকৰ প্ৰতি টান থকা বাবেই এইখন ঘৰত মাহীমাক এজনী চপোৱাহি নাই দেউতাকে। দেউতাক বাহিৰলৈ উঠি গ'লে সাৰ পায় যায় ফুল। চোতালৰ মূৰৰ বাঁহৰ চাংখনত ওপৰমুৱা দেউতাকৰ বুকুৰ বেদনাবোৰ তাই বুজিবলৈ যত্ন কৰে। একেখিনি বেদনা দুখন বুকুৰ মাজত। অথচ কাকো খুলি ক'ব নোৱাৰাৰ যাতনাত দুয়ো নীৰবে কান্দে।

 ⵓ নাখাওঁ ফুল..মই আৰু মদ নাখাওঁ। তোক কষ্ট নিদিওঁ। কাওমাওকৈ ফুলৰ হাত দুখন জপটিয়াই ধৰিছে। ফুল যেন কণৰ জীনহয় মাকজনীহে। বিষে হেঁচা মাৰি ধৰা বুকুখন পিঁহি দিয়ে ফুলে। পৰীক্ষালৈ বেছি দিন নাই। কণে যাতনা সামৰিবলৈ চেষ্টা কৰে। তাই পঢ়ক বুলিয়ে ঘৰৰ পৰা ওলাই পথাৰত পৰি থাকেগৈ সি। সাৰি নাযায় ফুলৰ চকুৰপৰা। চহৰলৈ অহা-যোৱা কৰি দেউতাকক পৰীক্ষা কৰোৱা, যতন লোৱা তাৰ মাজতে ফুলে মেট্ৰিক পৰীক্ষা দিলে।

 ফুলৰ আফচোচ নাথাকিলেও কণৰ থাকি যায়। তাৰ বাবেই তাইৰ ভবাধৰণে ৰিজাল্ট নহ'ল। খবৰ লবলৈ অহা মানুহবোৰৰ বাবে চাহ আৰু খুৰমা যোগান ধৰিছিল কণে। মৰমতে দিছিল ফুলক প্ৰায়বোৰে এশ, দুশ টকা। খুৰাকেও দিছিল। ধনটিয়ে বা পাছ কৰিলে বুলি জপিয়াই তত পোৱা নাছিল।

 এনেকুৱা সময়বোৰতে বিচিত্ৰাৰ স্মৃতিয়ে খাই মাৰে তাক। বুকুখনত গেঙনি উঠে। ৰাতি উঠিব খুজোতেই ফুলে মাত দিয়ে...

 ⵓ আজিৰ দিনটোত মদ নাখাবি দেউতা।

 কণে যেন বুজি পায় তাৰ ফাঁ‌কি ধৰা পৰিছে ফুলৰ চকুত।

 দেউতাকৰ হেঁপাহবোৰ পূৰাবলৈ অনিচ্ছাস্বত্ত্বেও ফুল চহৰৰ কলেজত পঢ়িবলৈ যায়গৈ।

 ভাতকেইটা বাঢ়ি ফুলক মাতিবলৈ ৰৈ গ'ল কণ। তায়ো দেখোন গ'লগৈ মেচলৈ। মনটো সেমেকি গ'ল তাৰ। লিৰিকি বিদাৰি থাকিল কাঁ‌হীখন। ফুলে ঠিকেই কৈছিল তাই নাথাকিলে কণৰ উৰুঙা লাগিব। ঘৰখন নিজান। ধনটি এবাৰ আহিলেও

ভাল লাগিলেহেঁতেন। ঘীঁ‌, মঙহেৰে ভাত খোৱা ধনটিকনো এই লাই জাবৰি ভাত কি খাবলৈ মাতিব? খাবলৈ মন নগ'ল

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড