পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰি ৰৈছে পদূলিত। ফুল টোপনিত। গৰু-ছাগলীবোৰ এবাৰ চকু ফুৰাই আহিলেগৈ কণে পিছফালৰ দুৱাৰখনত দাং দি বিছনাত পৰিলগৈ সি।
 বিচিত্ৰা নোহোৱা হোৱা তিনিমাহেই হ’ল। এই তিনিমাহে সি এক পলো শান্তিত থাকিব পৰা নাই। বিচিত্ৰাক বাৰে বাৰে সুধিবৰ মন যায় তাৰ কিয় এনে কৰিলে তাই? গাঁৱৰ মানুহে সমিধান দিছিল তাক। পুলিচ লগাই বিচাৰিলে সন্ধান পাব সিহঁতৰ। নাই।নালাগে তাক জোৰ কৰি লোৱা সম্বন্ধ। পেটৰ সন্তান এৰি লোকৰ ঘৈণী হ’বলৈ যোৱা নাৰীতকৈ বিষাক্ত আছেনে? তথাপি মনে কয় তাৰ আহক এবাৰ তাই। সি ক্ষমা কৰি সামৰি ল'ব তাইক। তাই গুছি যোৱাৰ পিছত সকলো খেলিমেলি হ'বলৈ। ধৰিছে। শুকাই পৰা তাৰ মুখলৈ চাই বিজয়ে তাৰ হাতত তুলি দিয়া মদগিলাচ একেসোহাই গিলিছিল সি। কোনোদিন মদ নোখোৱা কণৰ মূৰটো ৰিমজিম ভাব এটাই হেঁচিছিল। আস্ কি আমেজ এই ৰাগীৰ। গিলাচে গিলাচে গিলিলে সি। পুৱাই কামলৈ আহোতে গিলি লোৱা মদৰ নিচাত সি যেন উৰি উৰিহে কাম কৰিব। থুৱাই দিয়ে সি বিচিত্ৰাৰ গাত। থুই তোৰ দৰে (অশীল) মাইকীৰ বাবে কিয় কান্দিছো মই। এই কণে আৰু নাকান্দে।
 নঙলাডালত বহি বাপেকলৈ মূৰ তুলি চাই থাকোতেই এন্ধাৰে চুলেহি। ভয় ভাব এটাই হেচি ধৰাত তাই খুৰীয়েকৰ কাষ পালেগৈ।
 ⵓ ফুল...অ ফুল....
নঙলামুখত সেয়া দেউতাক। দৌৰিছিল ফুলে। চাইকেলৰপৰা কথমপি নামিছে কণ। দোৰোলখোৱা জিভাৰে কিবাকিবি কৈছে সি। ভয় খাইছে ফুলে। দেউতাকৰ অকৰা খঙটো উঠিছে নেকি? দেউতাক দেখোন বাগৰি পৰিছে চাইকেলৰপৰা নামিব। খুজোতে.....
 ⵓ খুৰা.....
ওমান সন্মান সোপাকে খালি আমাৰ। এইবাৰ মদত ধৰিলি।
 ⵓ ধুই...তোক কোনে মাতিছে মোৰ ঘৰলৈ? তই ডাঙৰ অফিচাৰ। আমি কাঠফলা মিস্ত্ৰি। তই পঢ়া-শুনা কৰা ডাঙৰ মানুহ...মই চকু থাকিও অন্ধ মানুহ। যা...সব যা....মোক এৰি...বিচিত্ৰা গ'ল। তহঁতিও যা...অকল ফুল থাকিবি মোৰ লগত...ফু...ল....অ ফু..ল....মোৰ ফুল অ....তই মোক এৰি নাযাবি দেই মাৰৰ দৰে.....আহ মোক তুলি ধৰহিচোন। মই উঠিব পৰা নাই। আহ...আক...মোক ধৰ...এয়া তোলৈ বিস্কুট ...আহ ...মোক ধৰহি...
 অকণি হাতেৰে দেউতাকক তুলিবলৈ চেষ্টা কৰে ফুলে.....
 ⵓ বিছনাখনৰ খুটাটোত ধৰি থিয় দি আছে ফুল। হয়তো তাই মাতি আছিল তাক। মূৰটো টিং টিঙাই আছে কণৰ।
 ⵓতই উঠিলি ফুল?
 ⵓ অঁ দেউতা। হাঁহ-কুকুৰাৰ গঁড়াল মই খুলি দিছে। কণীও উলিয়াই আনিছো।
দেউতাকক যেন তাই খুঁতিয়াই চাইছেগৈ। আজিকালি সঘনে সলনি হয় দেউতাকৰ আচৰণ। ভয় খালেও তাই যেন বুজিছে দেউতাক তাইৰ আচল।
ৰঙা বগা পিঠিত লোৱা বেগটো পাই ফুলৰ বৰ আনন্দ। তাই তাতে কিতাপ, কলমবোৰ ভৰাই স্কুললৈ যোৱাৰ আখৰা কৰিছে।
 ⵓদেউতা তই মিছামিছি স্কুললৈ যা। মই মাষ্টৰ।
 এইবাৰ কণৰ পাল। কণে মাষ্টৰণীয়ে শিকাই দিয়াধৰণে পঢ়িছে।
 ⵓ ক ...খ...গ....
সঁচাসঁচি স্কুলৰ প্ৰথম দিন সেইটো। কণে পুৱাতেই বাসুদেৱ থানলৈ সেৱা আগবঢ়ালে। থাপনাখনত ফুলকো সেৱা কৰোৱালে। ভৰিত নতুন চেন্দেল। বেগত তামোল পান এযোৰ ভৰাই দিলে কণে। আগদিনা বেজীৰে চিলাই দিয়া দুখন বহী। পেঞ্চিল এডাল। আজিকালি তাহানি সিহঁতে ব্যৱহাৰ কৰা মাটিচিলেটত নিলিখে আজিকালিৰ ল'ৰা-ছোৱালীয়ে। বহীখনৰ ওপৰত একোণত কণে নিজেই লিখি দিলে....“ফুল শইকীয়া”।

 ⵓএইটো কি লিখিলি দেউতা?

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড