পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৮


 ⵓমানুহ চিনি নাপালি অ আই। তই মানুহ চিনি নাপালি। অসুৰটোৱে তোক তেনেই বখলিয়াই গ'ল।

 ⵓজয়কাই বাইদেউহঁতে গম পাইছে নেকি কথাবোৰ?

 ⵓলুকুৱাই নিজৰ কষ্ট বঢ়াইছ তই বিচিত্ৰা। মালিকে তাক দাবি দিলে সি নহা হ'ব। তই জানো থাকিব পাৰিবি তাৰ অবিহনে?

 ⵓজয়কাই মোক আপুনি এতিয়াও বিশ্বাসত লোৱা নাই নেকি?

 সেহাইছে বিচিত্ৰাই।

 ⵓৰুক্ম মোৰ বেয়া সময়ৰ সপোন জয়কাই। মোৰ ধুনীয়া সপোনটোৰ আগচোতালত এজনী ৰঙচঙীয়া পখিলা। তাই উৰি ফুৰে মনৰ উলাহত। ফুলৰ মৌ চুহি ধুনীয়াজনী হয় তাই। বৰ আলফুল তাইৰ পাখিবোৰ। কপাহ কোমল শৰীৰ। পাখিবোৰ কেনেবাকৈ নষ্ট হ'ব বুলি পখিলাজনীৰ কাষত পহৰাদাৰী।

 বুজি নাপায় জয়কায়ে বিচিত্ৰাৰ স্বগতোক্তি। এই ধুনীয়া সপোনটোৰ অনেক কথা। মই চুই থাকো। আপোনাক এই সপোনটোৰ কথা কম মই।

 শুনিছিল জয়কায়ে বিচিত্ৰাৰ মুখে জীয়াসাধু। অবাক হৈ চাই ৰৈছিল তেওঁ বিচিত্ৰাৰ মুখলৈ।

 ⵓমোৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হ'লেও এই ধুনীয়া সপোনটোৱে মোক খেদি ফুৰে বাবেই আপোনঘাটী হ'ব নোৱাৰো। টান নৰীয়া এটাও নহয় মোৰ।

 ⵓনকবা তেনেকৈ? সময় বেয়া আছিল তোমাৰ। ভগৱানে তোমাৰ মনত কুৰূপ দৃষ্টি দিছিল।

 ⵓতুমি মোক ঘিন কৰা নাই জয়কাই? তোমাৰ মোলৈ খং উঠা নাই?

 ⵓনাই বিচিত্ৰা। তৰপে তপে তুমি দুখৰ বোজা বহন কৰিছা। কান্দি কান্দি ভাগৰিছা। ইয়াৰ পিছতো যদি তোমাক ঘিন কৰো মই অমানুহ হ'ম।

 গাটো যেনেতেন তিয়াই ভিতৰ সোমালহি বিচিত্ৰা। চুনুৰ মাকে পৰ্দাখন সামান্য চপাই বিচিত্ৰালৈ চোৱা চকুত পৰিল তাইৰ। চুনু বাহিৰলৈ অহা নাই। হয়তো মাকে দিয়া নাই। চকুৰ আগতে সলনি হোৱা মানুহৰ মনবোৰলৈ যেন পুতৌ জাগে বিচিত্ৰাৰ। থাপনাখনত মূৰ দোৱালেগৈ তাই

 ...“প্ৰভু মোৰ ভুলৰ শাস্তি মই খুজিছিলো। শাস্তি মূৰ পাতি লৈছো।”

 বিষে কোপে জ্বৰ উঠিল তাইৰ। ধুনীয়া সপোনটোৰ সৈতে ওমলে তাই।

 ভয় বাঢ়ে বিচিত্ৰাৰ। তাই বাৰু এনেকৈয়ে শেষ হৈ যাব নেকি? ফুল আৰু কণক তাই লগ পাবনে? অভিমান এবোজাই তাইক চুৱেহি যেন....“এবাৰো বিচাৰি নাহিলি কিয় মোক কণ? এবাৰ যদি তই মোক ক্ষমা কৰিলিহেঁতেন সকলো আগৰদৰেই হৈ উঠিলহেঁতেন। বছৰ বছৰ বাগৰি গ'ল। প্ৰতিদিনে তহঁতৰ বাবে হাবিয়াস। নপৰেনে মনত তহঁতৰ? ফুল তই সঁচাকৈ পাহৰি গলিনেকি মোক। ঘুনুক-ঘানা কৈ গাঁৱত ওলোৱা খবৰবোৰ জানো তই পোৱা নাই কণ? তথাপি মন নাযায় এবাৰ মোক চাবলৈ? মই কৰা পাপৰ বাবে তহঁতি দিয়া অভিশাপ মোৰ দেহে দেহে লাগিছে। মই ইয়াতেই জাহ যাম। এবাৰ আহ মোক চাবলৈ। এবাৰ আহ তহঁত। ফুল, এবাৰ বুকুৰ মাজত সোমাহিচোন তই। নোহোৱা হৈ যাব সকলো আশা। এবাৰ...”

 মনত পুনৰাই বান্ধে বল। ধূপডাল ঘূৰাই পুৱামুৱাকৈ গুজি দিয়ে বিচিত্ৰাই। চুৱেটাৰ এটা গুঠিবলৈ ৰং মিলায় লয় তাই। সকলোৱে পাহৰিলেও নাপাহৰে তাইক ককায়েকে। ককায়েকে প্ৰতিশ্ৰুতি দিছিল মাক-দেউতাকক বিচিত্ৰাক নিঠৰুৱা নকৰো বুলি....সন্মুখত থিয় দি আছে ককায়েক।

 ককাইদেউ...

 ⵓতোৰ মুখে সঘনাই আমনি কৰে। গুছি আহিলো। তোৰ ভাড়াঘৰলৈকে গৈছিলো। ইয়াৰে ঠিকনা দিলে।

 কৈ যায় তাই এফালৰ পৰা ৰুক্মৰ স’তে সংসাৰ কৰি পোৱা তিক্ততাবোৰ। কৈ যায় ৰুক্মই তাইক দৈনন্দিন চেপি খোৱা অত্যাচাৰবোৰৰ কথা। কৈ যায় ৰুক্ম নতুন সংসাৰখনৰ কথা। কৈ যায় সি বাপেকী হোৱাৰ কথা....

 ⵓভুল কৰিলি তই বিচিত্ৰা। ভগৱান সদৃশ আপোনভোলা কণৰ বুকুত চুৰী বহোৱাই থৈ আহিলি। ফুলজনীক মাতৃহাৰা কৰি থৈ আহিলি। আমাক গাঁৱৰ মানুহৰ আগত মুখ উলিয়াব নোৱাৰা কৰি থৈ আহিলি। এয়া আমাৰ পৰিয়ালৰ সাতটা