পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৪


 ⵓতোৰদৰে ঘৰতে বহি থাকিবলৈ মোৰ সময় নাই নহয়।

 ⵓযদি খোৱা কোৱা মই এতিয়াও যোগাৰ কৰি দিম।

 ⵓখা খা তয়ে বহি বহি উদৰ পূৰাই খা। (অশ্লীল) মেচিন চলাই পইচা ঘটিবলৈ আহিছ। লোকৰ মেখেলা পেটিকোট চুই কেইটকা ঘটি দিছ মোক? মেচিনৰে সৈতে মানুহজনীৰো মূৰ ভাঙিম যিদিনা গম পাবি।

 ক'ব খুজিছিল বিচিত্ৰাই ..“মেখেলা, পেটিকোটৰ তলত তই সোমালিগৈ ৰুক্স। মোৰ সন্মুখত দপদপাই থকা তোৰ মতাগুণ সেইজনী মানুহৰ সন্মুখত কেনে মই জানো। ভিজা মেকুৰীটো হৈ পৰি থাক তই তাত। তোলৈ মোৰ পুতৌ জাগিছে। ৰুক্ম। কিমান আদৰ আৰু প্ৰস্তুতিৰে সন্তানক পৃথিৱীলৈ আদৰা হয়! অথচ তোৰ বুকুৱে ধৰফৰাইছে অনাগত ভৱিষ্যতক লৈ। সেই মানুহজনী অকলশৰীয়া হোৱাৰ সুযোগত তহঁতৰ মিলন। তাইৰ পেটত তোৰ সন্তান। অথচ তই মুকলি আকাশৰ তললৈ তাইক আনিব পৰা নাই। সেই মহিলাজনীক গোপনে বিয়া কৰাইছ অথচ প্ৰতিদিনে ভয়ত বিতত হৈছ। মোক ভয় কৰ তই। কিজানি মই পৰিস্থিতি বেয়া কৰো। কিজানি মই মৰি থাকো। ককাইদেউক লগ পোৱাৰেপৰা মোৰ জীৱনত নতুন আশাৰ সঞ্চাৰ হৈছে। আশ্বাস দি গৈছে ককাইদেৱে মোক। নতুন বিপদলৈ মই বাৰে বাৰে সাজু। তই পাতি লোৱা সংসাৰত মুকলিকৈ থাকিবগৈ পাৰ তই”।

 বিচিত্ৰাৰ আগেদি বৰ বৰ মাত মাতি ৰুক্মই খোজ দিয়ে বাটলৈ। পিছফালৰপৰা চাই পঠিয়ায় বিচিত্ৰাই।

 “যদি তই কলিহেঁতেন আনৰ সন্তান এটাকে তুলি লওঁ আহ বুলি! মাতৃত্বৰ সমস্ত মমতাৰে আৱৰিলোহেঁতেন সেই সন্তানক। যদি কলিহেঁতেন এবাৰ সেইনাৰীৰ মেৰপাকৰ পৰা উলিয়াইআন মোক বিচিত্ৰা সকলোতকৈ শক্তিশালী হৈ উঠিলহেঁতেন। এতিয়া মই ভিতৰি সকলোতকৈ দুৰ্বল। মই হাঁহিছে জয়কায়ে লৈ অহা বতৰাত। বগৰা বগৰি লাগি ভাগৰি পৰা মানুহজনী মই। এৰা আজি অতবছৰে মই দিব নোৱাৰা সুখ সেই মানুহজনীয়ে তোক দিছে তাতেই জিকি গ'ল তাই। মোক ফাকি দি দি গঢ়ি লোৱা তোৰ সংসাৰখন ধৰিবৰ বাবেই ফকিয়ে সৌধ সাজে মোৰ সন্মুখত। তই ক'ব নোৱাৰাকৈয়ে ধৰা পৰিলি বহুদিন আগতেই। মোৰ চকুলৈ চাব নোৱাৰাৰ সাহসে কেতিয়াবাই ধৰা পেলাইছো তোক।”

 ইমানদিনে প্ৰয়োজন হোৱা নাছিল আজি বিচিত্ৰাই লাভলিৰ মাকৰ পৰা সিহঁতৰ ফোনৰ নম্বৰটো টুকি থলে। বহু দূৰণিত থকা মানুহৰ মাত ফোনটোত শুনিবলৈ পোৱা কথাটোৱে বিচিত্ৰাৰ চকু কপালত তুলিছিল। পোনচাটেই মনলৈ আহিছিল তেতিয়া ফুলৰ মাত শুনিবলৈ পোৱা হ'লে বুলি। লাভলিয়েহে বুজাই দিলে তাইক। নিৰ্দিষ্ট নম্বৰৰ সহায়তহে সেই কাম সম্ভৱ হয়। কিলিলিং কিলিং কৈ ৰৈ ৰৈ বাজি থকা ফোনটোৰ মাতটো শুনিলে বিচিত্ৰাৰ বুকুখন এনেই বাজে। ককায়েকে কথা দিছে। তাইক। আহিব বিচিত্ৰাৰ কাষলৈ। ফোনৰ নম্বৰটো দিব লাগিব ককায়েকক। মাতটো শুনি থাকিলেও সকাহ পাব তাই।

 পিতৃত্বৰ গৌৰৱত তলবলাইছে চকু ৰুক্মৰ। বাৰে বাৰে সামান্য অজুহাতত বিচিত্ৰাৰ কাষৰপৰা আঁতৰি থাকিলেও পুনৰাই কাষ চাপে সি। বিষাইছে নেকি বুকুখন তাৰ? হৰিণীক সি কাঠৰ ফাৰ্ণিচাৰত কাম কৰি থাকোতেই লগ পাইছিল। বিষ মাৰিবলৈ মহেশৰ লগত মদ পিবলৈ যাওঁতে চিনাকি তাৰ। দহে ভিতৰি সি যেতিয়া বিচিত্ৰাই বাৰে বাৰে তাৰ সন্মুখত কণ আৰু ফুলৰ বাবে হুমুনিয়াহ কাঢ়ি ৰুক্মলৈ পিঠি দিয়ে। সি ঘৰ দুৱাৰ,পৰিয়াল,আত্মীয় স্বজন এৰি অচিন ঠাইখনত গেবাৰি খাটি উপাৰ্জন কৰাৰ মূল মানুহজনী বিচিত্ৰা। বিচিত্ৰাক পলুৱাই ননালৈকে অশান্তিত ভূগিছিল সি। কণৰ পত্নী হৈ থকা কথাটোৱে মানসিক অস্থিৰতাত ভূগাইছিল তাক। সকলো সহজ হৈ পৰিব লাগিছিল তেতিয়াই যেতিয়া বিচিত্ৰাক সি লৈ আহিল। নহ'ল সহজ। বিচিত্ৰা আৰু তাৰ মাজত বাঢ়িবলৈ ধৰা ব্যৱধানতে হৰিণীৰ বৰকৈ কাষ চাপি যায় সি। নাৰী যেন চুম্বক। বিচিত্ৰা ক্ষেত্ৰতে নাইবা হৰিণীৰ ক্ষেত্ৰতে হওক সি সেই চুম্বকৰ আকৰ্ষণত আকৰ্ষিত হ'ল। যিমানেই আঁতৰি আহিব খোজে মন মগজু ভাৰাক্ৰান্ত হৈ উঠে তাৰ। অস্থিৰতাই বেঁচে তাক। সাৰি যায় সি। কোনোটোৱেই সৰল সমিধান নহয়। কোনো সামাজিক ৰীতি নীতিৰ অবিহনে বিচিত্ৰাৰ সৈতে পতা সংসাৰখন টেঙা লাগিবলৈ ধৰাৰ সময়তেই হৰিণী নামৰ মানুহজনীয়ে তাক দিয়া সংগত পাহৰি থাকিছিল সি জীৱনৰ তিক্ততাবোৰ। নিচা আছে হৰিণীৰ। সেই নিচাই হাতবাউল দিয়ে ৰুক্মক। বিচিত্ৰাক দিয়া হাজাৰ প্ৰতিশ্ৰুতি ধোঁৱা হৈ উৰে। চুবুৰীটোত তাৰ অজ্ঞাতে অভিসন্ধি চলিছিল যেন। হৰিণীয়েও জাল তৰিছিল যদিও সি নাজানিলে তিনিমাহে তাই গা নুধুৱা খবৰটোত ভাবুক হৈ ৰ'ল ৰুক্ম। সম্বন্ধৰ নাম নথকা সেই সম্পৰ্ক, তাৰ বীজ ধাৰণ কৰা হৰিণীক নতুনকৈ যেন আৱিষ্কাৰ কৰিলে সি। সি বাপেকী হ'ব। কিমান হেঁপাহ আজিৰ দিনটোলৈ। বাৰে বাৰে তাৰ মন ভাঙি পেলোৱা