পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩১


 কেনেকৈ ইমান মিল থাকিব পাৰে অনিৰুদ্ধ বৰুৱাৰ অনুৰাগৰ লগত....? কেনেকৈ?

 এক সুতীব্ৰ অনামী শিহৰণত থকথককৈ কপি উঠিল তাইৰ সৰ্বশৰীৰ।

 আৱেগত উদ্বাউল হৈ উঠা মনটোক শান্ত কৰিব চেষ্টা কৰি জোৰেৰে চকুযুৰী মুদি দিলে তাই।

 মনত পৰিল তাইৰ, চাঁদত ঢলি পৰাৰ আগতেই তাই অনুভৱ কৰিছিল সেই চিনাকি দুবাহুৰ স্পৰ্শ, ... সেই স্পৰ্শত তাই অনুভৱ কৰিছিল আৱেগ আৰু মৰম। অত্যন্ত মৰমেৰে সি তাইক মাতিছিল “অমৃতা” বুলি।

 ...নাই নাই। ধপকৈ উঠি থিয় হল তাই। অনুৰাগক চিনি পোৱাত তাইৰ কেতিয়াও ভুল হব নোৱাৰে।

 তাইৰ অনুভৱবোৰ কেতিয়াও মিছা হব নোৱাৰে।

 কিন্তু সি ইয়াত কেনেকৈ??

 সি ইয়াত অহাটো জানো সম্ভৱ!

 সিটো গুচি গৈছিল অৰণ্যলৈ। চিৰাচৰিত সমাজখনৰ অন্য এটি প্ৰান্তলৈ। সমাজখনৰ সেই প্ৰান্তৰ পৰা উভতি অহাটো জানো ইমান সহজ?

 তেনেস্থলত??

00 00 00 00

 নিউজ পেপাৰখন উদ্দেশ্যহীনভাৱে লুটিয়াই চাই গ'ল সি। দুচকৰ আগৰ আখৰবোৰ ধূসৰ হৈ ধৰা দিছে। বাৰে বাৰে দুচকুৰ আগত ভাঁহি উঠিছে সেই কোমল মুখমণ্ডল....সেই কোমল চাৱনি, অশ্ৰুসিক্ত চকুযুৰী, তাৰ দুবাহুত ভাঙি পৰি যাব খোজা লাহী শৰীৰটো....

 ....সেই কম্পিত ওঁঠ যুৰী অস্পষ্টকৈ যে বিৰবিৰাইছিল “অনুৰাগ” “অনুৰাগ” বুলি।

 ⵓ ছাৰ...

 ⵓ ছাৰ...

 খকমকাই যেন টোপনিৰ পৰাহে সাৰ পালে তেওঁ। ৰূমটোত তেওঁৰ বাহিৰে অন্য কাৰোবাৰ উপস্থিতি তেওঁ অনুভৱেই কৰা নাছিল। সন্মুখত মুকেশ।

 ⵓ অ' মুকেশ কোৱা।

 ⵓ ছাৰ ফাইলখন চহী হৈ গৈছে।

 ⵓ আচ্ছা খুব ভাল কথা। আমি তেতিয়াহলে আজিৰপৰাই কাম আৰম্ভ কৰিব পাৰিম।

 ⵓ অকে ছাৰ।

 মুকেশে থৈ যোৱা ফাইলখন এবাৰ চালে সি। নিৰ্দিষ্ট ঠাইবোৰত চহী হৈ গৈছে। কাম অতি সোনকালে আৰম্ভ কৰিব লাগিব। মনতে ভাবিলে সি।

 ফাইলখন জপাই নিজকে স্থিৰ কৰিবলৈ ক্ষন্তেক চকীখনত মূৰটো পিছলৈ পেলাই দি দুচকু মুদি দিলে সি। দুচকু জপাই দিয়াৰ লগে লগেই পুনৰ ভাৱৰ সাগৰত ডুব গল সি কব নোৱাৰাকৈয়ে। অমৃতা গুচি যোৱাৰ পিছত তাৰ জীৱনত যেন দুখৰ বাহিৰে একোৱেই বাকী থকা নাছিল। সম্পূৰ্ণ নিসংগ হৈ পৰিছিল সি।

 কান্দিছিল সি নীৰৱে, অকলে।

 ভাস্কৰৰ অভিজাত্যই তাক উপলুঙা কৰি, ঠাট্টা কৰি তাৰ দুচকুৰ আগতেই অমৃতাক লগত লৈ গুচি গৈছিল। যোৱাৰ সময়ত অমৃতাৰ মৌন দুচকুৰ ভাষা বুজিছিল সি। সেই ভাষা অভিমানৰ।

 সি জানিছিল, যদি সি বিচৰাহলে অমৃতাই দেউতাক, পেহীয়েকৰ লগত যুদ্ধ কৰি হলেও তাৰ লগত থাকিলেহেঁতেন। কিন্তু সি নিজেই তাইক এৰি দিছিল তাইৰ সুখৰ ভৱিষ্যত কামনা কৰি।

 অমৃতাৰ অনুপস্থিতিত ভাল লগা ঘৰখন, গাঁওখন, পথাৰ, গছ গছনি, নদী একোৱেই যে ভাল লগা নাছিল তাৰ। শৈশৱৰ

সোণালী স্মৃতি বিজড়িত গাঁওখনৰ প্ৰতিটো চুকে কোনে, গছ গছনি, নদীখনে যেন তাক মাথো অমৃতাৰ কথাই সোঁৱৰাইছিল।

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্র, প্রথম খণ্ড