পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০১


যায় হাতখন। একতীয়া হৈ বেৰৰ কাষ চাপেগৈ। কিছু সময়ৰ পিছত বিচিত্ৰাও টোপনিত ঢলি পৰে।

 বাৰিষাৰ সময়। পথাৰৰ ঘাঁহ বন তল গ’ল। গৰুকেইটা তেনেই চেৰেলা হ’ল। গিৰীয়েকে কাটি থৈ যোৱা কলপচলা দুডাল চকলা চকলকৈ ঘপিয়াই ফুলক পাচিটোত ভৰাবলৈ শিকায় বিচিত্ৰাই। ভাতে-পানীয়ে, ঘৰে বাহিৰে দিনটো কামৰপৰা মূৰ দাঙিব নোৱাৰা হয় বিচিত্ৰা। গিৰীয়েক দৈনিক কামলৈ নগ’লে ঘৰখনলৈ টকা আহিব ক’ৰপৰা। হ’লেও ঘৰখনৰ সকলো গৰুৰপৰা ছাগলীলৈ দায়িত্ব সামৰি ভাগৰি কণক গালি উজাৰে মাজে মাজে তাই।

 : চা ফুল মাৰৰ খং উঠিছে..

 বাপেকে জপিয়াই দেখুওৱাৰ দৰে ফুলেও জপিয়াবলৈ ধৰে...“এ মাৰ খং উঠিছে এ’’ মাকৰ খেদাত ফুল দৌৰি বাপেকৰ কোলাত সোমায়গৈ।

 জলকা লাগি বহি থাকে বিচিত্ৰা। কামৰ পৰা আজৰি নাই বুলি গালি দিবলৈ কণৰ কাষৰপৰা তাই বহু দূৰৈত। এই ছমাহত ফুলজনী কিজানি বৰজনী হ’লগৈ। কণে কিজানি তাইক স্কুলত নাম লগাই দিছে। কণে বাৰু তাইৰ যতন ভালকৈ লৈছেনে? চপাইছে নেকি বাৰু কণে আন এজনী ঘৈণী? যদি চপাইছে মাহীমাকে বাৰু ফুলক তাইৰ দৰে মৰম কৰিবনে? উফ চেপা যন্ত্ৰণা এটাই কোঙা কৰি যায় বিচিত্ৰাক। ঘৰ এখন জানো মতা মানুহটোৱে অকলে ধৰি ৰাখিব পাৰে? চপাওক কণে আন এজনী মানুহ। অন্ততঃ সিহঁত দুটাই আনে ৰান্ধি দিয়া ভাত এমুঠি খাব পাৰিব। উফ তাইৰ মানুহটো সেইটো। তাই বৰ্তমানত সেন্দুৰ ভাগ বাটোৱাৰ কৰিবলগীয়া হোৱাহ’লে তাইৰ কেনে লাগিলহেঁতেন তাই নাজানে। এই মুহূৰ্ত্তত বিচিত্ৰাই বাৰে বাৰে ভগৱানক খাটিলে...

 “কণৰ জীৱনলৈ আন এজনী মানুহ আনি দিয়া। ঘৰখন ঘৰ হৈ থাকক”।

 ৰুক্মই কোঠাত ভৰি থৈছিল মাত্ৰ। বিচিত্ৰাই সুধি পেলালে..

 : আমাৰ সেইফালৰ মানুহ লগ পোৱা নেকি কেতিয়াবা?

 : আজিলৈ নাই পোৱা।

 : ঘৰৰ খবৰবোৰ ল’বলৈ বৰকৈ মন গৈছে।

 : পুৰণি হৈ পৰা কথাবোৰ পাহৰি যা।

 ৰুক্মৰ কথাত মনটো বেয়া লাগি যায় বিচিত্ৰাৰ। পুৰণি বুলি দলিয়াই দিব পৰানে এয়া? বুকুৰ মঙহক আঁতৰ কৰাব পাৰি নে মনৰপৰা?

 : ফুল আৰু কণলৈ মোৰ মনত পৰে অ?

 অকল তোৰে মনত পৰে নেকি? মোৰ কি মা-দেউতালৈ মনত নপৰে? আজি ছমাহে মোৰ অবিহনে ঘৰখন কি হৈছে সেয়া ভাবি মোৰ বেজাৰ নালাগে? ইমান কষ্ট কৰি জীৱন কটাব লগীয়া হোৱাৰ কাৰণ কি তই নাজান? হৈ যোৱা কথাবোৰৰ কাৰণে কিয় হুমুনিয়াহ কাঢ়ি থাক?

 হুকহুকাই কান্দি দিয়ে বিচিত্ৰাই। কাষৰ কোঠাৰ মানুহজনী বাহিৰত আছিলগৈ বোধকৰো! ৰুক্মৰ কঠোৰ বাক্যকেইটাই বিচিত্ৰাৰ বুকু ভেদি গ’ল। তাই ৰুক্মৰ লগত কিয় আহিছিল? ৰুক্মৰ স’তে শৰীৰি খেলাৰ বাবে নে তাত ভালপোৱা আছিল? যদি আছিল সি তাইৰ মনৰ বেদনাবোৰ বুজিবলৈ চেষ্টা কৰা নাই কিয়?

 পৰি থাকে বিচিত্ৰা বিছনাখনতে মৰা কাঠ এডাল হৈ...

 তিনিদিন ধৰি মাতবোল নাই দুয়োৰে মাজত। ইচ্ছা কৰিয়ে ৰুক্মই সোধা নাই বিচিত্ৰাক একো কথা। জ্বলা নাই চৌকা। আভোকে খুলি খোৱা বিচিত্ৰায়ো সোধা নাই ৰুক্মই কি খাইছে।

 সন্তান এটা সিহঁতৰ মাজলৈ আহিলে সমস্যাৰ সমাধান হ’ব নেকি? ভাৱে ৰুক্মই। আজি দুবছৰে এটা দিন যদি ভালকৈ গৈছে সপ্তাহত ছয়টা দিনেই অশান্তিত চটফটাইছে সি। বিচিত্ৰা কণৰ পত্নী আছিল। ফুলৰ মাক আছিল। কিন্তু এতিয়া তাৰ পত্নী। তেন্তে কিয় সহ্য কৰিব সি বিচিত্ৰাই প্ৰতিদিনে এৰি অহা সংসাৰৰ সৈতে কথা পাতিলে? যদি ইমানেই পতিভক্তি আৰু মমতাময়ী মাতৃ আছিল কিয় গুছি আহিল তাই তাৰ লগত? তাৰো আছিল এটা ভৱিষ্যত। তাত নুৰ খাই আছিল তাৰ পৰিয়ালটোৰ

সপোন। সকলো শেষ কৰি থৈ আহিবলৈ কি বাকী থাকিল তাৰ? পিতৃ মাতৃৰ মৃত্যু হ’লে মুখাগ্নি কৰাৰ পৰাও সি বঞ্চিত।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড