পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০০


বিচিত্ৰাৰ বুকুত পিছে ভয়। কণৰ মাক আছিল তেতিয়া। লাজ আৰু ভয়ত তাই ক’ব নোৱাৰা কথা কণে কৈ পেলাইছিল মাকক। পঢ়ি থকা ভায়েকটোক ক’বলৈ উচপিচাই আছিল তাৰ মন।

 সকলোৰে মৰমৰ পাত্ৰী হৈ পৰিল বিচিত্ৰা। উঠোতে বহোতে শাহুৱেক আৰু কণৰ যতন আদৰে বিচিত্ৰাজনী যেন কেঁচুৱাহে। বিচিত্ৰাৰ ককায়েকটো আহিছিল সেই খবৰ পাই টোপোলা কেইবাটাও লৈ। লাজতে যেন মুচকঁচ যাব গোটেইজনী।

 : কেলেইনো দিবগৈ লাগে খবৰ?

 তাইক বিচাৰি কোঠালৈ সোমাই অহা কণলৈ যেন বিচিত্ৰাৰ খং উঠিছে। পকা ঠেকেৰা হেন তাইৰ মুখখন অধিক ৰঙচুৱা। কণে যেন দাংকোলাকৈ দাঙি ল’বগৈ তাইক...

 : আমাৰ এটা সন্তান আহিব। তই মা আৰু মই দেউতা হ’ম। বৌটি আইতাক হ’ব। তোৰ ককায়েৰা মোমায়েক...তোৰ ভাল লগা নাই নেকি? আমি সকলোৱে আমাৰ আপোনজনক ভালকৈ আদৰিবলৈ সাজু হ’ব লাগে।

 বুকুখন মোচৰ খাই উঠে বিচিত্ৰাৰ। তাইৰ মাক-বাপেকহাল জীয়াই থকা হ’লে এই খবৰ পাই কিজানি দৌৰি আহিলেহেঁতেন আৰু কণেও ক’লেহেঁতেন ..“তোৰ আই পিতাই ককা-আইতা হ’ব।”

 সেই সময়ত মাক-বাপেকলৈ মনত পৰি তাইৰ বুকুখন বিষোৱাৰ দৰে কিজানি ফুলৰ বুকুখন সদায়ে বিষয় আছে। কৰবালৈ গ’লে অলপ দূৰ খোজ কাঢ়িয়ে ভাগৰ লাগিছে বুলি বিচিত্ৰাৰ কোলালৈ দুহাত মেলি উঠিব খোজা ফুলজনী...উফ বাপেকটোৱে বাৰু তাইৰ খঙতে ফুলক মাৰিব নেকি? বিয়াৰ পিছতে বেলেগকৈ থাকিবলৈ লোৱা দেওৰেক আৰু ভাই বোৱাৰীয়েকে ফুলক মৰম কৰিবনে?

 পাগলীজনী হৈ দৌৰি যাবলৈ মন যায় বিচিত্ৰাৰ ঘৰখনলৈ। আদৰি ল’বনে পুনৰাই কণে তাইক? ফুলে মাতিবনে পুনৰাই “মা” বুলি? ককৰ্থনাৰে থকা সৰকা কৰা গাঁৱৰ মানুহখিনিৰ সন্মুখত তাই থিয় দিব কেনেকৈ?

 “উফ্ ভগৱান মোক কিয় জীয়াই ৰাখিছা?’’

 প্ৰলাপ বিচিত্ৰাৰ এয়া।

 ভগৱানে তাইক কিয় ইমান সোনকালে মাৰিব? তাই যে পাপী। ইমান নিষ্ঠুৰ হৈ কৰা কু কৰ্মৰ ফল ভোগ নকৰাকৈ ভগৱানে তাইক ইমান সোনকালে মুক্তি নিদিয়ে।

 ৰুক্মই তাইলৈ আগবঢ়োৱা হাত ঠেলামাৰি দিয়ে বিচিত্ৰাই। ৰুক্মৰ প্ৰতিটো স্পৰ্শই বিচিত্ৰাক বিচাই ডকাদি দাকে....

 যেতিয়াই তেতিয়াই অহা বৰষুণে চুই খলা-বমা কৰা পিৰালি আলতীয়া ৰঙচুৱা মাটিৰে টিপি টিপি সমান কৰি মচি পেলায় বিচিত্ৰাই। গিৰীয়েকৰ বনিয়ন চোলা, চুৰিয়া ধুই উজলা দি থয় তাই। কামৰ পৰা আহি গা পা ধুই পৰিষ্কাৰ সাজযোৰ পিন্ধি গাঁৱত এপাক মাৰেগৈ কণে। গাওঁখনৰ সকলো খবৰ এই পাকটোতে লৈ আহে কণে। কণলৈ বাট চাই ফুলক তাই জনা পদ্যবোৰ মাতিবলৈ শিকায়।

 “অ ফু অ ফু..”

 নুফুটে ফুলৰ মুখত নিজৰে নাম। তথাপি আওৰায়। পীৰা জপতিয়াই তাতে ফলি থৈ চকমাটিৰে বিচিত্ৰাই ফুলৰ আঙুলিত ধৰোৱাই আঁকবাক কৰোৱায়। তিনিটা চুকৰ “ক” লিখিব পাৰে ফুলে। কেইবাটাও “ক” ফলিত লিখি বাপেকক দেখুৱাবলৈ ৰৈ থাকে ফুল। ভাত, তৰকাৰী হোৱাৰ পিছতো বিচিত্ৰাই পকি থকা জুইত কচুটেপু, জিকা কলি , আলু দুটামান সিজিবলৈ দিয়ে। পকা তেলকণৰ লগত নিমখ , জলকীয়া,নহৰু দুফোটমান কাটি কৰা পিটিকাকণ গিৰীয়েকে বৰ তৃপ্তিয়ে খায়। দেউতাকে জলকীয়া খোৱা দেখি ফুলে কাঁহীৰ কাষতে লয় দুটা জলকীয়া। সেহাই সেহাই এনেই খাই দেখুৱায় মাকক। গাঁৱৰ খবৰবোৰ বিচিত্ৰাৰ আগত দি থাকে কণে ভাত খাই থাকিয়ে। বিছনাখন পাৰি বাপেক জীয়েকক শুবলৈ দি বিচিত্ৰাই চুৱা বাচনবোৰ ধুবলৈ দমকলৰ পাৰ পায়গৈ। কেৰাচিন তেলৰ চাকিটো কাপোৰ ধোৱা পাতখনৰ ওপৰতে থৈ বাচন মাজি থাকোতে জায়েকৰ লগত দুষাৰমান কথা পাতে। বাচনখিনি ধুই আজৰাই থলে পুৱালৈ বহুখিনি কাম পাতলি থাকে। তাই বিছনাত পৰেগৈ মানে ফুল আৰু কণ টোপনি যায়গৈ। ফুলক থানথিত লগাই বিছনাত বাগৰ দিওঁতে দিনটো জিৰণি নোলোৱাকৈ কাম কৰাৰ বাবেই নেকি বিচিত্ৰাৰ কঁকালটো গেজগেজাই উঠে। খঙো উঠে তাইৰ কণলৈ। তাইলৈ বাট নোচোৱাকৈয়ে সদায় টোপনি

যোৱাৰ বাবে। ভাগৰ মুখখনত বিচিত্ৰাই কেতিয়াবা হাত বুলাই দিয়ে। তুলি লয় কণৰ হাত এখন। টোপনিতে আঁতৰাই লৈ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড