৩০
অথচ অকণমানো টোপনিৰ ভাৱ নাই দুচকুত। ওৰে ৰাতি সাৰে থাকি অভ্যস্ত হৈ গৈছে তাই। ডাক্তৰ তৃশা কুপ্পীকাৰে
দিয়া দৰৱবোৰ নুখুৱালৈকে ক্লান্তিত শৰীৰ বিধস্ত হৈ উঠিলেও টোপনি নাহে তাইৰ। অমৃতাৰ বাবে অমৃততকৈও বেছি অমূল্য
হৈ উঠিছে যেন শ্লিপিং টেবলেটবোৰ।
টোপনি নহা দেখি মোবাইলতো উলিয়াই লৈ এবাৰ চালে তাই। ৱাটছ্ আপত অদিতিৰ মেছেজ।
গধূলি সাত বজাতেই দিয়া। তাই মনেই কৰা নাছিল।
“হেভ এ লুক এট দ পিকছাৰ্চ অফ লাষ্ট নাইট পাৰ্টি। ইউ আৰ লুকিং অচম ইন অল দ পিকচ। সেইকাৰণে গোটেই মানুহবোৰ তোমাৰ পিছত পাগল জানানে।”
অৱসভাৱে অদিতিয়ে পঠোৱা ফটোবোৰ ডাউনলোড কৰি এফালৰ পৰা নিৰ্লিপ্ত দৃষ্টিৰে চাই গ’ল তাই।
হঠাতে এখন ফটোত ৰৈ গ'ল তাই।
কিছুসময় থৰ লাগি চাই ৰল ফটোখনলৈ।
বুকুখন জোৰেৰে ধপধপাই উঠিল তাইৰ।
কম্পিত আঙুলিৰে ফটোখন কেইবাবাৰো ঝুম কৰি চালে অমৃতাই।
ফটোখনত থকা এজাক ৰঙীন মানুহৰ জুমৰ মাজৰ এজন বিশেষ ব্যক্তিৰ ওপৰত তাইৰ কম্পিত দৃষ্টি নিৱদ্ধ হল।
...ব্লু চাৰ্ট, ব্লেক পেন্ট, কেঁকোৰা চুলি, ফ্ৰেন্স কাট দাড়ি, চকুত বগা গ্লাছ, সুঠাম ওখ আটিল শৰীৰ...।
কঁপি উঠিল তাইৰ হাতৰ আঙুলিবোৰ।
এইখন মুখ...নিৰ্মোহ গম্ভীৰ চকুহাল, তাইৰ তেনেই চিনাকি... বুকুৰ অতি আপোন। বুকুখন ধান বনাদি বানিব ধৰিলে তাইৰ।
কোন? কোন এইজন? ....হুবহু অনুৰাগ। তাইৰ অনুৰাগ।
কম্পিত হাতখনৰ পৰা মোবাইলটো পৰি গল।
খপজপকৈ তাই উঠাই ললে মোবাইলটো। এক সুতীব্ৰ আলোড়ন জাগি উঠিল তাইৰ হৃদয়ত।
বাৰে বাৰে কম্পিত বুকুৰে, ধোঁৱাময় হৈ অহা দৃষ্টিৰে বিস্মিত হৈ চায়েই ৰল তাই ফটোখনলৈ ..
লাহে লাহে আন্ধাৰ নামি আহিল তাইৰ দুচকৰ আগত... অস্পষ্ট হৈ আহিল তাইৰ কাণত ভাস্কৰৰ নাকৰ ঘৰঘৰনি আৰু কব নোৱাৰাকৈয়ে তাই ঢলি পৰিল নিদ্ৰাদেৱীৰ কোলাত।
(১০)
“ফটোখনত দীপ ব্লু চাৰ্ট, ব্লেক পেন্ট, বগা গ্লাছ, ফ্ৰেন্স কাট দাড়িৰ,... সেইজন কোন?”
মেছেজটোৰ লগতে অমৃতাই সেই বিশেষ ফটোকপি অদিতিলৈ ৰিছেণ্ড কৰিলে ৱাটচ আপত। অদিতিয়ে উত্তৰ দিয়ালৈ মোবাইলতো হাতত লৈ উৎকণ্ঠাত আতুৰ হৈ ৰৈ থাকিল তাই।
ৰাতিপুৱা উঠাৰপৰাই ঘৰৰ যাৱতীয় কৰণীয় খিনি লৰালৰিকৈ কৰি লৈছিল অমৃতাই। দুৰু দুৰুকৈ বুকুখন কঁপিয়েই আছিল তাইৰ অহৰহ। বাৰে বাৰে ঘড়ীটোলৈ চাই অস্থিৰ হৈ উঠিছিল তাই। দহ নাবাজেহে নাবাজে। অৱশেষত খাই বৈ উঠি বিনাবাক্য দহ বজাত ভাস্কৰ ওলাই যোৱাৰ লগে লগে তাই ততাতৈয়াকৈ মোবাইলটো লৈ অদিতিলৈ মেছেজ পঠিয়ালে।
বিপ বিপকৈ ৱাটচ আপত মেছেজ অহাৰ সংকেত আহিল।
অদিতিৰ মেছেজ।
“অহ ডেটছ হিম, অনিৰুদ্ধ বৰুৱা। ইয়ৰ চেভিয়ৰ অফ দেট নাইট।”
“অনিৰুদ্ধ বৰুৱা’’
অস্ফুট স্বৰেৰে বিস্মিত কণ্ঠে তাই উচ্চাৰণ কৰিলে নামটো। সেইজনেই অনিৰুদ্ধ বৰুৱা!! কেনেকৈ হব পাৰে??
.. এয়া কেনেকৈ সম্ভৱ? সেই একেই চকু, একেই নাক, কেঁকোৰা চুলি, ... সেই নিৰ্মোহ গম্ভীৰ চকুহাল.. অনিৰুদ্ধ বৰুৱা নে অনুৰাগ...??
অনুৰাগ নে অনিৰুদ্ধ বৰুৱা??
অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্র, প্রথম খণ্ড