পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৯

বিচিত্ৰাৰ।

 দিনটো নাযায় নুপুৱায় বিচিত্ৰাৰ। পুৱা আঠ বজাতে কক্সই চাহ খাই কামলৈ যায়। কাঠৰ ফাৰ্ণিচাৰ দোকান এখনত কক্সই যোগালিৰ কামটো পোৱা এসপ্তাহমানেই হ'ল। থাকোতে কেইবাটাও হাৰ বিদ্যা ৰুক্মৰ নথকা নহয়। সিহঁত থকা ঠাইৰপৰা মূল বজাৰলৈ আধা ঘণ্টামানৰ বাট। তাতেই দোকানখন। ৰুক্ম উলাই যোৱাৰ পিছত বিচিত্ৰা কোঠাটোত অকলশৰীয়া। আন আন ভাড়াতীয়া মাইকী মানুহবোৰৰ লগত তাইৰ চিনা পৰিচয় ঘটিলেও অজান ভয় এটাৰ বাবে মানুহখিনিৰ লগত বিচিত্ৰাই বৰকৈ হলিগলি নকৰে। ঘৰৰ কামনো কি? সৰাকে সাৰি, মচাকে মচি বেছিভাগ বিছনাখনতে পৰি থাকে বিচিত্ৰা। ৰুক্মৰ চকুত ধৰা পৰিছে তেনেই শেঁতা পৰিছে বিচিত্ৰা। মুখৰ কমনীয়তা এমাহতে বহুখিনি কমিল। কক্সই আনি দিয়া পাউদাৰ, স্নো টেমাদুটা নোখোলাকৈ পৰি আছে। ওঁঠযুৰি ফাটি মাজে মাজে তেজ বিৰিঙি থকা হৈছে। চুলিখিনি নফনিওৱাকৈ খোপা এটা কৰি থলেই যেন হ’ল এনে ভাৱ বিচিত্ৰাৰ।

 : জাপৰীজনী হৈ নো কিয় থাক তই? তেল টেঙা অকণ ঘঁহি পৰিষ্কাৰ হৈ থাকচোন। মনটো ভাল লাগিব।

 মন ভাল লাগিবলৈ আৰু কি বাকী থাকিল। ৰুক্মৰ কথাত ভাবে বিচিত্ৰাই। আইনা চাবলৈ ভয় কৰে বিচিত্ৰাই। শিৰত দগমগীয়া সেন্দুৰখিনি তাই জানো ৰুক্মৰ বাবে লৈছে? তাইৰ মনোকামনাৰে কণে আয়ুস পাবনে? আইনাত নিজৰ মুখখনৰ লগত ফুলৰ মুখখনে ভুমুকিয়াই থাকেহি। নোচোৱাকৈ থাকে বিচিত্ৰাই আইনা। একেটা কোঠাতে কৰি লোৱা পাকঘৰ বুলিবলৈ কাঠৰ টেবুলখনৰ ওপৰত ষ্ট্ৰভটো। চৰু-কেৰাহি, বাচন আদি টেবুলখনৰ তলৰ ৰেডালত তুলি থয়। সপ্তাহটোৰ বজাৰ চাউল, চবজি আদি বিছনাখনৰ তলতে থৈ দিয়ে তাই। বিছনাখনৰ ওপৰত একাষৰীয়া কৰি তাৰডাল। দুয়োৰে কাপোৰবোৰ সামৰি থয় বিচিত্ৰাই।

 কাষৰ কোঠাত মাইকী মানুহজনীয়ে ভাতৰ যোগাৰ কৰিছে। এই সংকেত পালেই বিচিত্ৰাও সাজু হয় ভাত ৰান্ধিবলৈ। কক্সই দূপৰীয়া ভাত খাবলৈ আহে। ভাত বনোৱা বাচনটোত পানী উতলিবলৈ দি চাউল দুকাপ চৰিয়াটোত বাকি লয় বৈয়ামটোৰপৰা বিচিত্ৰাই। মনত পৰে তাইৰ। মৰণা মাৰি হোৱাৰ পিছত কণে এমাহলৈ চাউল মিলত দি আনে। বাৰীতে লগা বেঙেনা,কেৰেলা চিঙি আগবেলাটোৰ বাবে যোগাৰ কৰিছিল তাই। ডালি নহ'লে ভাত নুখুৱা ফুলৰ বাবে মগু, মচুৰ ডালি মিলাই বাৰীৰ টেঙেচি দি ৰান্ধে তাই। কামলৈ যাবলৈ সাজু হোৱা কণক ভাতকেইটা আগতিয়াকৈ বাঢ়ি দিছিল তাই। ফুলৰ লগত ভাত খাই কক্সলৈও এটেপা সামৰিছিল বিচিত্ৰাই। উফ বুকুখন আকৌ বিষাই উঠিল তাইৰ। ভালে আছেনে কণ আৰু ফুল?

 শুকাবলৈ ধৰা পটল,বেঙেনা আৰু আলুকেইটা ধুই কুটিবলৈ ল'লে বিচিত্ৰাই। কেৰাহীটো গৰম হোৱাৰ পিছত দেখিলে মিঠাতেলৰ বটলটো প্ৰায় খালি। চেহ বাৰম্বাৰ ৰুক্মই সোধাৰ পিছতো মনত নপৰে বিচিত্ৰাৰ ঘৰখনত কি নাই। বটলটো জোকাৰি জোকাৰি উলিওৱা তেলকণতে পিঁয়াজ এটা কাটি লৰাই কটা পাচলিখিনি সিজিবলৈ দিলে তাই।

 আবেলিটো আৰু উচপিচ লাগে বিচিত্ৰাৰ। এই সময়খিনিতে ফুলে মা অমুক খাওঁ তমুক খাওঁ কৰি বিচিত্ৰাৰ পিছ নেৰিছিল।দেউতাক উভতি অহালৈ নঙলামুখতে চেঙালুটি মাৰি মাৰি মাককো মাতিছিল তাই। দৌৰাদৌৰিকৈ বিচিত্ৰাই নৈৰ পাৰত এৰাল দি থোৱা ছাগলী দুজনীৰ এৰাল মুকলি কৰি থৈ আহিছিলগৈ। চৰণীয়া গাইজনী পোৱালিটো লৈ গোহালিৰ কাষ নিজে চাপিছিল। কণে উভতি আহোতে ৰঙাই বগাইক মুকলি কৰি দিয়াৰ লগে লগেই বিচিত্ৰাৰ কাষলৈ যেন সিহঁত দুটা ঢপলিয়াইহে আহিছিল। কণৰ হাতৰ বজাৰৰ মোনাটো আগে ভাগে ধৰে ফুলে। মাছ অকণ কেতিয়াবা মঙহ অকণৰ সোৱাদ লয় তিনিও। সাপ্তাহিক বজাৰৰ পৰা বিচিত্ৰাক নুসুধাকৈয়ে কেতিয়াবা কণে কিনি আনে ব্লাউজ নাইবা চাদৰ এখন। অভাৱটো নাছিল বিচিত্ৰাৰ! তেন্তে স্বভাৱ নষ্ট কেনেকৈ হ'ল বিচিত্ৰাৰ?সোণৰ কাণফুলিযোৰৰ কথা কওঁতে এমাহৰ ভিতৰতে কণে গঢ়াই দিছিল তাইক। উফ ইমান সহজ সৰল মানুহটোক বিশ্বাসঘাটকতা কৰি তাই নিজে পতা ঘৰখনত ভগৱানে আশীষ চটিয়াবনে? কোনোবা দিনা ফুলে মাতিবনে তাইৰ পাপকৰ্মৰ পৰিচয় পাই দ্বিতীয়বাৰ “মা” বুলি...?

 “মা” শব্দটোৱে খুন্দিয়াই থৈ যায় বিচিত্ৰাৰ বুকুত। কোনোবাই যেন হাতুৰীয়ে কোবাবলৈ ধৰিছে তাইৰ বুকুত। তাই উঠি বহিবলৈও অপাৰগ।

 মাহেকীয়া হোৱাৰ দিন পিছুৱাইছিল বিচিত্ৰাৰ। তথাপি মনলৈ এইকথা অহা নাছিল তাইৰ। বয়সনো হৈছিল কিমান?

সোতৰ মাত্ৰ। তাইতকৈ বাৰ বছৰে ডাঙৰ কণৰ মন চেবালে। ডাক্তৰৰ পৰীক্ষাৰ অন্তত ঘৰলৈ ৰং মনে উভতিছিল দুয়ো।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড