পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৮

কৰিয়ে আহিছে। যদি ঘূৰি পায় মানে সকলো ৰৌজাল-বৌজাল হৈছে? যদি অকৰা খঙটো উঠি কণে তাইক মাৰি পেলায়? উফ ফুলে পুৱা উঠি তাইক নেদেখিলে গোটেইজনী কান্দি লেবেজান নহ'বনে? উফ তাই কিয় এনে কৰিলে? মাৰক তাইক কণে, দুচেও কৰিলেও কৰক তাই উভতি যাবগৈ। বিচিত্ৰাই টঙিঘৰটোৰপৰা জাপ মাৰিব খুজোতেই ৰুক্মই জপতিয়াই ধৰে।

 : তই যদি এনেকুৱা কৰ মোৰ জীৱিত ৰূপ কেতিয়াও নাপাবি। যা মোক দেও দি যা। নিজকে ধ্বংস কৰি পেলাম মই।

 : মই পতা সংসাৰ ভাঙি থৈ আহিলো ৰুক্ম। তই ডেকা ল'ৰা। তোৰ গাত একো চেকা নাথাকে। ধৰা পৰিলেও মই তোৰ কথা নকওঁ। মই ঘৰলৈ যাওঁগৈ অ। ফুলৰ কাষলৈ যাওঁগৈ মই। চিঞৰি কন্দা বিচিত্ৰাক সাৱটি ধৰিলে ৰুক্মই।

 : নাকান্দিবি অ। তোৰ এই মৰ চিঞৰৰ কান্দোনে দুয়োটাকে ধৰা পেলাব এতিয়া। মাৰি পেলাব দুয়োটাকে অচিনাকি গাঁৱৰ মানুহে মৰিয়াই মৰিয়াই। যি হ’ল হ’ল আমি ভুলেই কৰিলো বা ভালেই কৰিলো আমি নতুনকৈ সংসাৰ পাতিম। বল পোহৰ হ'বৰ হ'ল। ট্ৰেইন ষ্টেচন পাবগৈ লাগিব। বিচিত্ৰাৰ হাতত বিশেষ টোপোলা নাই। ৰুক্মই তাইক হাতত ধৰি আগলৈ খোজ দিলে॥

 কোঠাটোত দুজন মানুহ শুব পৰা বিছনাখনৰ কাষতে কাঠৰ টেবুল এখন। তাতে ষ্টভকে ধৰি দুই এটা বাচন। প্লাষ্টিকৰ বাল্টি আৰু মগ এটা। বুজিলে বিচিত্ৰাই কক্সই ঘৰ ঠিক কৰাৰ দিনাই সামগ্ৰীকেইপদ কিনি থৈ গৈছিল। কোঠাৰ একমাত্ৰ খিৰিকিখন খুলি দিয়াৰ লগে লগে সন্মুখত দুজন পুৰুষক দেখি বিচিত্ৰাই খিৰিকিখনৰ মুখৰপৰা আঁতৰ হ’ল। ঘৰবোৰ গাঁৱৰ ঘৰবোৰৰ দৰে নহয়। লগালগি প্ৰায়বোৰ। ৰুক্মই কোৱামতে কোঠা মাত্ৰ এটাই। হাফ ৱালত তৰ্জাৰ বেৰাৰে টিনৰ চালি। দুৱাৰ- খিৰিকি কাঠৰ এফলীয়া। ৰূমৰ তলা কক্সই খুলি থাকোতেই বিচিত্ৰাই মন কৰিছিল দীঘলীয়া ঘৰটোৰ কেইবাখনো দুৱাৰ। প্ৰতিঘৰেই তাৰমানে ভাড়াতীয়। ৰুক্মই তাইক কোঠাতে এৰি বজাৰ দুটামান কৰি আনো বুলি উলাই যোৱা আধাঘন্টাৰো বেছি। হ'ল। ট্ৰেইনতে কিনা পানীৰ বটলটোৰ পানী কেতিয়াবাই শেষ হ'ল। গাটোও বৰ লেতেৰা যেন লাগি আছে, গা ধোৱা ব্যৱস্থাটো কৰিব পৰা হ'লে! অচিন ঠাইখনত অকলশৰে কোঠাটোত সোমাই থাকিও যেন বিচিত্ৰাই নিৰাপদ অনুভৱ কৰিব পৰা নাই।

 হাতত টোপোলাকেইটা লৈ ৰুক্স কোঠালৈ সোমাই অহাৰ পিছতহে বিচিত্ৰাৰ মুখলৈ পানী আহিল। ৰুক্মৰ হাতৰপৰা পানীৰ বটলটো লৈয়ে ঘোটঘোটাই আধাবটল বিচিত্ৰাই গিলি পেলালে।

 ভাগৰে হেঁচি ধৰা শৰীৰটো বিছনাত এৰি দিলে বিচিত্ৰাই। ৰুক্মই বুজিলে পেটৰ ভোক থাকিলেও মনৰ আভোকৰ বাবে বিচিত্ৰাই একো খাব নোৱাৰিলে। তাৰ বৰকৈ ভোক লাগিছিল। হোটেলৰ পৰা লৈ অহা ভাত তৰকাৰীখিনি খাই বিচিত্ৰা কাষতে বাগৰি দিলে সি। মাক-দেউতাকৰ মুখ দুখন তাৰ এতিয়াহে মনত পৰিল। জানে সি দেউতাকে তাক কেতিয়াও ক্ষমা নকৰে। মাকজনীয়েহে হিয়ালি-জিয়ালিকৈ কান্দিব। ভনীয়েকে চাগৈ কলেজত লগৰবোৰৰ সন্মুখত বৰ লাজ পাব ককায়েকে আনৰ ঘৈণীয়েকক পলুৱাই নিয়া কথাটো ৰাজহুৱা হ'লে। তাৰ বাবে সঘনাই ভনীয়েকৰ লগত সিহঁতৰ ঘৰলৈ অহা পপীয়ে এই কথা জনাৰ পিছত তাক ঘৃণা কৰিব। সহজ সৰল ককাইদেউ বুলি সি সম্বোধন কৰা কণ আৰু তাক খুৰা বুলি কৈ আপোনতাৰে লোৱা ফুলে তাক কম অভিশাপ দিছেনে? উফ ৰুক্মৰ মূৰটো যেন ফাটিহে যাব। মাত্ৰ এজনী মানুহৰ বাবে সি এই সকলোবোৰৰ সন্মুখীন হ'বলৈ সাজু। বিচিত্ৰা। আজিৰেপৰা তাৰ পত্নী। এই মানুহজনীক সি বলীয়াৰদৰে ভাল পাবলৈ আৰম্ভ কৰিছে। তল পৰি ৰৈছে আন সকলো। কাৰেন্টৰ ব্যৱস্থা কোঠাটোত সেইদিনা হৈ উঠা নাছিল। এন্ধাৰতে ৰুক্মই খেপিয়াই চালে বিচিত্ৰাৰ মুখ, চকু, কাণ, নাক। গাল দুখন ভিজা তাইৰ। মুখ লুকুৱাই কান্দিছে বিচিত্ৰাই। সুখী হ'ব লাগিব বিচিত্ৰা তাৰে সৈতে। এই মানুহজনীৰ সুখৰপৰা সি নিজৰ সুখ বুটলিবলৈ লৈ আহিছে এই দূৰণিবটীয়া ঠাইলৈ। বহুত কাম তাৰ কাইলৈৰ পৰা। কোঠাৰ ভাড়া ছয়শ টকা। মাহটোৰ খৰচ, বিচিত্ৰাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী লগত থকা টকাকেইটাৰে কৰিব লাগিব। কাম পাব সি। বিচাৰিব লাগিব।

 চকু দুটা মেলি ওপৰলৈ চাই থাকিল বিচিত্ৰাই। নিজৰ লগত ঘটি যোৱা ঘটনাবোৰ এটা এটাকৈ মনত অগা-দেৱা কৰি থাকিল তাইৰ। দুঃস্বপ্ন বুলি পাহৰি যাব নোৱাৰা ঘটনাৰ নায়িকা তাই। কাষতে গামোচা এখন কঁকালত মেৰিয়াই শুই আছে। কক্স। অৰ্ধ নগ্নপ্ৰায়। তাইৰ বুকুৰ চাদৰখনো খহি আছে। ব্লাউজৰ পিন দুটা খোলা। ৰুক্মই খুচৰিছিল নেকি তাইৰ দেহ? বিচিত্ৰাৰ

এই মুহূৰ্তত ৰুক্মৰ শৰীৰটোৰ প্ৰতি সামাণ্য অনুকম্পাও জাগি উঠা নাই। কণ আৰু ফুললৈ মনত পৰি বুকুখন বিষয়ে থাকিল

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড