সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮১

ইতিহাসত লিখা গ'ল দুটি নাম
ৰাম-সীতা।

সমাজে আজিও আশীষ দিয়ে
ৰামচন্দ্ৰৰ দৰে বৰ হওক কন্যাৰ!
মই বৈদেহী, ৰামচন্দ্ৰৰ ধৰ্মপত্নীয়ে কৈছে
হে কন্যা নবৰিবা তেনে বৰ,
যি সমাজৰ ভয়ত তোমাক পৰীক্ষে অগ্নিপৰীক্ষাৰে
নুবুজে তোমাৰ আকুলতা
প্ৰেমতকৈ আগস্থান দিয়ে সতীত্বক!
ক'তা! মোৰ অনুপস্থিতিৰ সুদীৰ্ঘ সময়ছোৱাত মইতো
তেওঁলৈ আঙুলি টোওৱা নাছিলোঁ।
নে প্ৰশ্ন কৰাটো পুৰুষৰ একচেতিয়া অধিকাৰ!!

হে ৰঘুকুলনন্দন!
আজি মোক উত্তৰ দিয়া।
হোৱা হ'লে মোৰ ঠাইত তুমি
কেনে লাগিলহেতেন তোমাৰ
ভাৱা, বৈদেহীৰ ঠাইত নিজক এবাৰ থিয় কৰাই ভাৱা।
তোমাতকৈ হাজাৰগুণে শ্ৰেষ্ঠ নাছিলনে।
সেই লংকাধিপতি ৰাৱণ!
আছিল অসুৰ
কিন্তু আগস্থান দিছিল হৃদয়ক
মোৰ বিনা অনুমতিত চোৱা নাছিল কেশাগ্ৰও।

অথচ দেৱ হৈ তুমিয়েই লাঞ্ছন লগালা
অনাহাৰে অনিদ্ৰাই তোমাৰ বাবেই কৰা অপেক্ষাক তুমি ভৰিৰে মোহাৰিলা।

হে কন্যাকুল,
মই বৈদেহীয়ে কৈছোঁ
অলীক স্বৰ্ণ সপোন নেদেখি,
মোহান্ধ নহ’বা
নবৰিবা বৰ ৰামচন্দ্ৰৰ দৰে
দুৰ্যোগৰ দিনত যি এৰি দিয়ে প্ৰিয় পত্নীৰ হাত!
সমাজৰ হাত ধৰি মিলি যায় স্বাৰ্থপৰতাৰ মিছিল!!

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড