পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮০

বৈদেহী
ৰশ্মি শইকীয়া

মই সীতা
জনকনন্দিনী মই জানকী।
মিথিলাৰ ৰাজকন্যা
মই হেনাে মৈথিলী৷৷

পখিলা খেদা বয়স মােৰ
আদৰুৱা মই ৰাজকন্যা
অথচ মানুহে কয় মই হেনাে পৃথক আনতকৈ!
যজ্ঞভূমিত নাঙলৰ সীৰলুৰ আগত
মােৰ জন্ম।
সেয়ে মই ব্যতিক্রম।
দাপােনত নিজকে খুটিয়াই চাওঁ,
তেনেই সৰল এজনী কিশােৰীয়ে
সিপাৰৰ পৰা মিচিকিয়াই হাঁহে।

যৌৱনে পাটত উঠি বহিল
পিতায়ে আয়ােজন কৰিলে সয়ম্বৰ
নুসুধিলে মােক কোনেও এবাৰলৈও মনৰ খবৰ।
কি এই জীৱন !
সমাজে যে কয় লাও সদায় পাতৰ তল!!
মাহ-হালধিৰে নােৱালে-ধােৱালে
ন-সাজেৰে মােক আয়তীয়ে সজালে-পৰালে
হাতত তুলি দিলে বৰমালা
এতিয়া সন্ধিক্ষণ...
অলপ পিছতে নির্ধাৰণ কৰিম মই মােৰেই ভাগ্য।
অলেখ সুপুৰুষ ৰাজসভাত
মােৰ চকু পৰিছিলনে সেই স্বর্ণকান্তি ৰাজপুত্ৰৰ ওপৰত !
ৰাজসিক খােজেৰে যি অনায়াসে তুলি ল'লে মহাদেৱ প্রদত্ত হৰধনু
এটি মাথো টংকাৰ সেই মহাধনুত
চিৰদিনৰ বাবে মই সেই ৰাজপুত্ৰৰ হৈ গলাে!

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড