পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৯
 


ৰাধা
পিনু বৰ্মণ
বৰপেটা

বাঁহীৰ মাতত কেলেই বাউল হ’লি
আজীৱন এক ভ্ৰান্তিতেই কটালি।
আজলী ৰাধা,
কেলেইনো ভাব তই কৃষ্ণৰ আধা
হালৰো নহলি ফালৰো নহ’লি
কি সুখৰ বাবে কি হেৰুৱালি
পূৰ্ণিমাৰ জোনত উদ্ভাসিত ৰাধা
খবৰ পাৱনে আঁউসীত কিদৰে মৰে জোন?
শেতেলীৰ আদৰক নেওচিও
কি সুবাস বিচাৰি যমুনাক ধিয়াৱ
কানাইৰনো কি দোষ
চিকুণ বাঁহীৰ সুৰত জিঁকাৰ খাৱ কিয়?
ৰাধা, ৰাধা,দুখুনী ৰাধা
কাতৰি মাতিছো নহ’বি উন্মনা
কানাইয়ে নেদেখে
তোৰ চকুৰ ভৰা যমুনা॥

   


অনামী
মাধুৰী বৰা

এই.....,
মনোৰম প্ৰকাশ
খোজত জিলিকে আদিম লয়লাস...
কি নাম তোমাৰ
হিমশিখা, দ্বীপশিখা
নে স্নিগ্ধাশিখা...
কি ভাবা
গলি গলি নুমাব খোজা
চেঁচা মমৰ শিখা
নে অনলকুণ্ডই নিৰ্বাসন দিয়া
মুমূৰ্ষপ্ৰায় ফিৰিঙতিৰ শিখা
সুপ্ত জ্বালামুখীৰ নিশব্দে উৰ্গীৰিত
মই তপ্ত গলিত লাভা
দুপৰবেলাৰ দেই পুৰি নিয়া
সুৰুযৰ তীক্ষ্ণ প্ৰভা।
মোৰ নাম
বহ্নিশিখা...।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড