সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮


যদিওবা মই বৰ্জিতা
তোমাক অভিশাপ নিদিওঁ আই

মাথো কামনা কৰিম
তোমাৰ গৰ্ভজাত মোৰ অনুজ বোৰও আইৰ বুকুৰ উমৰ পৰা বঞ্চিত নহওক।
সদাগৰৰ পত্নীৰ ভূমিকা তুমি ঠিকেই পালিলা...
পাহৰি নাযাবা পৃথিৱীত ‘চিলনী আই’ শেষ হৈ যোৱা নাই॥

এজন নষ্ট কবি আৰু এগৰাকী নষ্ট
নাৰীৰ বিষয়ে...

মন্দিৰা গগৈ
গুৱাহাটী

এজন নষ্ট কবি আৰু এগৰাকী নষ্ট নাৰীৰ বিষয়ে লিখাতো
ইমান সহজ নহয়...

দৃশ্য - এক

নষ্ট নাৰীয়ে ৰাতি ৰাতি ফুলনিৰ
ফুল ছিঙে
নষ্ট কবিয়ে কুঁৱলী ফালি ফালি
ছবি আঁকে

   


দৃশ্য দুই

নষ্ট নাৰী এছাটি বতাহ হৈ বলে
নষ্ট কবিয়ে ৰাতিটো সাৱটি ধৰে
নষ্ট নাৰী এখন নদী হৈ পৰে
নষ্ট কবি চপচপীয়াকৈ তিতে
নষ্ট নাৰী চৰাই হৈ উৰে
নষ্ট কবি জ্বলি জ্বলি মৰে

দৃশ্য- তিনি

দুয়োৰে বুকুত দুটা আৰণ্যক ভাস্কৰ্য
দুয়োৰে দুভৰিত সৰাপাতৰ খচমচনি
তাৰ পাছত!!
আস! মই আগতেই কৈছোঁ যে এজন নষ্ট কবি আৰু এগৰাকী
নষ্ট নাৰীৰ বিষয়ে লিখাতো ইমান সহজ নহয়। তথাপি যৎকিঞ্চিত
প্ৰচেষ্টা এয়া। আৰু নোৱাৰোঁ।

অনুগ্ৰহ কৰি আপুনি মোক পুনঃ প্ৰশ্ন নকৰিব।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড