সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৩


ভালপােৱাবােৰ

অংকুমণি নেওগ
গুৱাহাটী

তােৰ,
খঙবােৰৰ আঁৰত থকা অভিমানবােৰ ,
অভিমানবােৰৰ আঁৰত থকা মৰমবােৰ,
মৰমবােৰৰ আঁৰত থকা হেঁপাহবােৰ, আৰু
হেঁপাহবােৰৰ আঁৰত থকা ভালপােৱাবােৰৰ
কাৰণেই তই মােৰ আটাইতকৈ প্রিয়...;
আৰু সেয়ে মােৰ বুকুত আজিও কঢ়িয়াই লৈ ফুৰাে
তােৰেই নামৰ প্ৰতিটো ঋতুৰ হাজাৰ অনুৰাগ... !!
সমীপেষু তােৰ হৃদয়।
চহৰখনত বুবুবাবা।
তাইৰ হেনাে কিবা অসূখত আক্রান্ত
দহে দহটা বিধান দিয়াত ব্যস্ত
তাই হাঁহে আৰু মনতে ভাৱে
মনৰ অসূখনাে কিহৰ আৰু বিধান
অলপ আকুলতা আৰু
এষাৰি মাতেইটো সমিধান...
তােমাৰ বাবেই কেতিয়াবা
কেতিয়াবা,
অলপ জাধলী হৈয়ে থাকি ভালপাও
যাতে তুমিও সামৰি সুতুৰী ৰাখিব পাৰা
বিশৃংখল মইজনীক
কেতিয়াবা,
অলপ আকলুৱা হৈ থাকিব বিছাৰোঁ
যাতে তুমিও শিশুসুলভ মইজনীক
ভালপােৱাৰে আৱৰি ৰাখা
কেতিয়াবা,

   

অলপ তােমাক আমনি কৰিব বিচাৰাে
যাতে বিৰক্তিৰে তুমি মােক কোৱা
“মই বুলিহে তােমাৰ লগত আছাে আৰু দেই”
কেতিয়াবা,
কিন্তু অলপ দুখো বিচাৰোঁ মই
যাতে তোমাৰ বুকুত মূৰ গুজি
জীৱনটোলৈ বুলি অলপ সকাহ হ’ব পাৰোঁ...
প্ৰেম
প্ৰেম
বিষয়বস্তুৰ গভীৰতা অলপ সুকীয়া...
বয়সত পৈণত হয় ইয়াৰ সংজ্ঞাৰ মৰ্যাদা আৰু
সময়ত পৈণত হয় হয় ইয়াৰ গভীৰতা সংজ্ঞা...
প্ৰেম মানে কোনো সস্তীয়া প্ৰৰোচনাৰ
মায়াত মোহ যোৱাৰ মৰিচিকাৰ চিকমিকনি নহয়...
নহয় এটি নিৰ্দ্দিষ্ট বিন্দু আৰম্ভ হৈ পুনৰাই তাতে
ইতি হৈ ৰোৱা কোনো বৃত্তৰ ঘেৰ...
প্ৰেম মানে সদায় হৃদয় জুৰুৱা এটি গুপুত বাৰ্তা
আৰু
অৰ্থহীন কাজিয়াবোৰৰ অভিমানত
মেৰ খাই ৰোৱা আবেগ বিহ্বল এবুকু সেউজীয়া....

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড