পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭২

বৰমাকেহে তাইক বাধা দিলে। তাইৰ বুকুখন কঁপি উঠিছিল। বাৰে বাৰে সূৰুলৈ মনত পৰি কান্দি উঠিছিল তাই।
 বিয়ালৈ আৰু দুটা দিনো নাই। ঘৰত ইতিমধ্যে আটায়ে কথাবোৰ গম পাইছোনিহাৰীকাৰ কান্দোনে মাকক ভবাই তুলিছে। মৌচুমীয়ে শেষবাৰৰ বাবে এবাৰ চেষ্টা কৰো বুলি নিবিড়ক লগ কৰিলে। তাক তাই ভালপোৱাৰ কথা ক'লে। হঠাত জানো কি হ'ল নিবিড়। মৌচুমীক সাবটি ধৰি সি হুকহুকাই কান্দি উঠিল। সি তাইক ক'লে যে মৌচুমীক প্ৰথম দেখাৰ দিনৰ পৰাই পগলাৰ দৰে ভালপাই সি। ইমান বছৰে অকলে অকলে কান্দিছে সি প্ৰতিটো ৰাতিত। নিহাৰীকাক সি তেনে কৰিব নোৱাৰে,ইমান ভাল অকঁৰা অজলা ছোৱালীজনীৰ মনত সি দুখ দিব নোৱাৰে,দুখন ঘৰৰ ইমান দীঘলীয়া বন্ধুত্ব মাথো প্ৰেমৰ বাবেই শেষ হৈ যাবলৈ দিব নোৱাৰে সি। সেয়ে মৌচুমীৰ প্ৰতি থকা সীমাহীন ভালপোৱাক অৱমাননা কৰিছিল। কিন্তু সি আৰু নোৱাৰে নিজক ফাঁকি দিব। নিহাৰীকাক জনাব লাগিব কথাবোৰ সি তাইক মনাই লব পাৰিব কথাবোৰ কৈ কৈ আৰু বেছি উচুপি উঠিছিল সি। মৌচুমীক সাবটি ধৰিছিল শৰীৰৰ সমস্ত জোৰেৰে। সি নাজানে নিহাৰীকাই তাৰ কথাবোৰ শুনি আছে বুলি। তাইৰো মনৰ বোজাবোৰ চকুৰ পানী হৈ দুগালেদি বৈ আহিল। নিহাৰীকাই ভাবিলে তাইয়েই হয়তু প্ৰথমজনী মানুহ যি দুদিনৰ পিছত নিজৰ হবলগা মানুহজনৰ দুবাহুত আন কৰোবাক দেখি স্বস্তিৰ নিশ্বাস পেলাইছে। মনটো ভাল লাগি গ'ল তাইৰ।
 নিবিড়ে অকপটে কথাবোৰ দুয়োটা পৰিয়ালৰ আগত জনাইছিল। সকলো আচৰিত হৈছিল, যাৰ পৰা ইমানদিনে কথা লুকুৱাই থোৱাৰ বাবে নিজকে দোষী মানিছিল সিয়েই বুকুত ইমানবোৰ দুখ কঢ়িয়াইছিল। মাক আৰু খুড়ীয়েকে উচুপি উঠিল তাৰ কথাত। সি তলমূৰ কৰি কৈ গ'ল কথাবোৰ। শেষত তাকো জনোৱা হ'ল দীৰ্ঘদিন ধৰি সূৰুযে নিহাৰীকাক ভালপোৱাৰ কথা। সকলোকে আচৰিত কৰি এইবাৰ কেধেকাই হাঁহি উঠিল সি,নিহাৰীকাৰ ফালে চেঁচা মাৰি খেদি গৈ তাইক ক'লে,“বান্দী। তই তেতিয়াই মোক কৈ দিয়া হ'লে মই ইমানবোৰ ৰাতি কান্দিব নালাগিলেহেঁতেন।” তাৰ পিছত তাইৰ মূৰত হাত ফুৰাই সি আকৌ ক'লে,“সূৰু ভাল ল’ৰা,মই ওচৰৰ পৰা পাইছো তাক, সি সদায় সুখত ৰাখিব তোক। আৰু গেধী, সূৰু কি যিকোনো ল'ৰাই তোৰ নিচিনা হেবাং এজনীক সুখী কৰিব পাৰিব।” নিহাৰীকাৰ অনুভৱ হৈছিল সি যেন এটা গধুৰ দায়িত্ব আৰু কৰ্তব্যৰ বোজাৰ পৰা মুক্ত হল।
 দুদিন পিছত সঁচাকৈয়ে তাইৰ আৰু নিবিড়ৰ বাবে আয়োজন কৰা ৰভা তলতে মৌচুমী আৰু নিবিড়ৰ বিয়া হৈ গ'ল। সূৰুযেও কথাবোৰ শুনি ফোনতে জঁপিয়াই উঠিল। ছুটী নথকাৰ বাবে সি বিয়াত আহিবও নোৱাৰিলে। বিয়া খনত তাইৰ কৰণীয় সমস্ত দায়িত্ব আৰু কৰ্তব্য পালন কৰিলে তাই।
 “নিহা ,অ নিহা, কলৈ গ'ল অ এইজনী” বুলি চিঞৰি চিঞৰি মাক আহি একেবাৰে তাইৰ কাষ পোৱাতহে তাইৰ সম্বিত ঘূৰি আহিল। তেওঁ ক'লে “অথনিৰে পৰা সূৰুযে ফোন কৰি আছে সি আহি আছে।বাছষ্টেণ্ডৰ পৰা বাহিৰে বাহিৰে ইয়ালৈকে আহিব। তোক আগবাঢ়ি যাবলৈ কৈছে”। অ, মা বুলি কৈ তাই কেমেৰাই উঠিল। ইমানপৰে তাই হৈ যোৱা সময়বোৰতেই আছিল। মনটো মুকলি লাগি গ'ল তাইৰ কথাবোৰ ভাবি। বেলি ওলাবলৈ হ'ল। কিমান দেৰি যে বহি আছিল তাই। কামকৰা মানুহকেইটাই ৰভাৰ খুটাকেইটা উভালিবলৈ আৰম্ভ কৰিছে। নিবিড়হঁতৰ ঘৰৰ ফালে ডিঙিটো দীঘলকৈ মেলি চালে তাই কিজানিবা নকইনাজনীৰ ৰূপত সদ্যস্নাতা মৌচুমীক দেখেই।
 সূৰুয আহিছে,তাকো ঘৰলৈ।অৱশ্যে আগতেও আহিছে তথাপিও এইবাৰ সি অহাটো অলপ বেলেগ হ'ব। লৰালৰিকৈ গাটো ধুই সি ভালপোৱা ধৰণেৰে নিজকে সজাই মাকে বাকি থোৱা চাহকাপ খাই তাই ষ্টেণ্ডলৈ বুলি ওলাই গ'ল মনৰ আনন্দতে তাইৰ প্ৰিয় গানটো গুনগুনাই......

“আমোলমোল শেৱালিৰ গোন্ধ,
যাওঁ বুলি যাবই নোখোজে চোন..
চকুৱে চকুৱে চাব পৰা হলে,
দেখিলো হেতেন বেলিৰ মুখৰ ৰং
তোমাৰ শিৰৰ সেন্দুৰ কণ...
আমোলমোল শেৱালিৰ গোন্ধ
যাও বুলি যাবই নোখোজেচোন.”

অৰ্ধ-আকাশ ঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড