পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৬৬

এইটো গাৰে সাউৎকৈ উঠা বহা কৰা টানেই হৈছে। আনদিনা দৰে হোৱা হ'লে সি ধৰি ধৰি উঠাই দিলে হয়। পিছে আজিৰ কথা বেলেগ। তাই যে উঠি গৈ শোৱনিকোঠা পালেগৈ সেয়া গমকে নাপালে সি, পুনৰ হিচাপ কৰাত ব্যস্ত হৈ পৰিল। মনে মনে হাঁহিও উঠিল তাইৰ, বেছেৰাটো! বৰ চিন্তাত পৰিছে আজি সি, তাক অকণমান সকাহ দিব পাৰিলেও...। তলাটো খুলি বাকচৰ পৰা আলফুলে গুণা কাম কৰা বগা পাটৰ কাপোৰযোৰ উলিয়াই আনিলে, লগতে তেজৰঙা বাখৰখটোৱা সোণৰ কাণফুলিযোৰ। সস্নেহে চুই চালে সম্পদ দুটি, এই দুযোৰেই সাক্ষী হৈছিল তাইৰ আৰু অনিৰ যুগ্ম জীৱনৰ পাতনিৰ। দুহাতেৰে বুকুৰ মাজত সামৰি চকু মুদি দিলে, কাপোৰযোৰৰ সেমেকা সেমেকা গোন্ধ এটি নাকত লাগিল তাইৰ। সেই নকইনাৰ বেশত অনিৰ্বাণৰ বুকুৰ উমে ৰাঙলী কৰা তাইৰ দুগাল, সেই অনুভৱ, সেই আৱেশে পুনৰ চুই গ'ল তাইক। তাৰ কষ্টোপাৰ্জিত ধনেৰে অতি মৰমেৰে কিনিছিল এই বস্তুদুটি। অতি অনাড়ম্বৰভাৱে বিয়া হৈছিল সিঁহতৰ। হোমৰ জুইকুৰাৰ উত্তাপে সিহঁত দুয়োৰে ভালপোৱাবোৰ গাঢ় কৰি তুলিছিল, সাক্ষী হৈ ৰৈছিল সিহঁত দুয়োকে সৰুৰে পৰা ডাঙৰ দীঘল কৰা অনাথ আশ্ৰমখনৰ কৰ্তৃপক্ষ আৰু সিহঁতৰ সৰুকালৰ লগৰীয়াসমূহ। সকলো সুখী হৈছিল সিহঁতৰ বিয়াখনত আৰু হিয়াভৰা মৰম আশিসেৰে দুয়োকে। উপচাই পেলাইছিল। গাঁৱৰে এটি সৰু ঘৰ ভাড়াত লৈ দুয়ো একেলগে এটি নতুন জীৱনৰ আৰম্ভণি কৰিছিল। সি মৌজাদাৰৰ ঘৰৰ দোকানখনতে বহি হিচাপ নিকাচবোৰ চাইছিল আৰু তাই দৰ্জীৰ দোকান এখনত চিলাইৰ কামেৰে দুই এপইচা উপাৰ্জন কৰিছিল। সৰু সংসাৰখন সৰু সৰু সুখেৰে ভৰাই ৰাখিছিল। একেলগে হাঁহিছিল, একেলগে কান্দিছিলো; আৱৰি ৰাখিছিল ইজনে আনজনক মৰম আৰু সন্মানেৰে।

 “অনি! এয়া লোৱা।”

 “কি এয়া? কিয় দিছা মোক?” তাইৰ চকুত পলকতে সি সকলো উত্তৰ পঢ়ি পেলালে।

 “এয়া তুমি কি কৈছা? মই এই দুযোৰ কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰোঁ। এয়া তোমাৰ নকইনা ৰূপৰ সাক্ষী, মোক আমাৰ ছোৱালীজনীৰ চকুত অকৰ্মণ্য পিতৃ সজাব খুজিছা নেকি? মই নোৱাৰোঁ এই কাম কৰিব। আৰু তোমাক যদি নালাগে, তেন্তে এইযোৰ তাইলৈকে থৈ দিবা। মোৰ ছোৱালীয়ে পিন্ধিব।”

 “বা...! তুমি কেনেকৈ জানিলা পিছে আমাৰ যে ছোৱালীয়ে হ'ব?” চকুত কৌতুক তাইৰ।

 “মই জানো, চাবাছোন তুমি। মই তোমাৰ আৰু মোৰ শৈশৱবোৰ উভতাই আনিব খোজোঁ তাইৰ মাজেৰে...।” সৰু ল'ৰাৰ দৰে ক'লে সি।

 “হ’ব দিয়া, ছোৱালীয়েই হওক বা ল'ৰাই, প্ৰথমতে সন্তানটি সুকলমে পৃথিৱীলৈ অনাৰ কথা চিন্তা কৰা। তুমি অযথা আৰু চিন্তা কৰিব নালাগে অনি। এইদুযোৰেৰে বাকী থকা টকাখিনি যোগাৰ হ’ব। আৰু পিছত তোমাৰ জীয়েৰাক, লগতে জীয়েৰাৰ মাককো এনেকুৱা দুযোৰ কাপোৰ আনি দিবা, হ’ল

 অৱশেষত তাইৰ কথাত মান্তি হৈছিল সি অনিৰ্বাণৰ অটল বিশ্বাসৰ মান ৰাখিছিল ভগৱানে। তাই এজনী ছোৱালীৰ মাক হৈছিল। তাৰ যে কিমান ফুৰ্তি! তাইৰ কোলাত ছোৱালীটি তুলি দি তাইৰ কপালত তপত নিশাহৰ জোন আঁকি দিছিল। তাইৰ সংসাৰখন সম্পূৰ্ণ হৈছিল। অকণি অকণি হাত ভৰি, থুনুক থানাক মৌ বৰষা আধাফুটা মাতে সিহঁতৰ মৰমবোৰ দুগুণত চাৰিগুণ কৰি তুলিছিল। সুখী আছিল দুয়ো। হয়তো সেয়ে নিজৰ সুখত সিহঁতৰ নিজৰে নজৰ লাগিছিল।

.... ..... ..... .....

 ...ময়োতো বেপাৰী মানুহ, টকাৰ প্ৰয়োজন মোৰো আছে। তই মোৰ টকাকেইটা দিয়াৰ ব্যৱস্থাটো কৰ।” চেলেংখনৰ আগটোত উলমি থকা দীঘল সূতাডাল একেটানে চিঙি মৌজাদাৰে কথাষাৰ কৈ উঠিল।

 “দেউতাই দেখোন মোৰ অৱস্থাতো দেখিছেই, আৰু মোৰ সজ্ঞানে যিমানদূৰলৈকে মনত আছে, এওঁ তেনেদৰে টকা ধাৰলৈ লোৱা মোৰ মনত...”

 “তাৰমানে তই কি বুজাইছ? এই হৰকান্ত মৌজাদাৰে মিছা মাতিছে?“ মানুহজন জাঙুৰ খাই উঠে। সেহিক্ষণে মৌজাদাৰ বাবটিৰ সম্ৰমে তেওঁক টিলিকতে শান্ত কৰি তোলে। তেওঁ এনেকৈ অধৈৰ্য্য হৈ দেখুৱাব নোৱাৰে। আকাংক্ষিত বস্তু

পাবলৈ অসীম ধৈৰ্যৰে আগবাঢ়িব লাগিব এই কথা তেওঁ অন্ততঃ ভালকৈ জানে। যিমান পাৰি সিমান নৰমকৈ মাত লগায়,

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড