পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৪

ৰাতি দেখোন সদায় তাইৰ কাষতে থাকে। কিন্তু কেতিয়াবা চহৰৰ বন্ধুৰ ঘৰলৈ যাওঁ বুলি যে ৰাতি দেৰিকৈ আহে, সচাঁকৈ যায় নে বাৰু বন্ধুৰ তালৈকে নে ৰূপালী..। ছিঃ ভাবিব নোৱাৰা হৈ পৰে ৰঙিলী।

 মালতী বুঢ়ীয়ে সিচি দিয়া সন্দেহৰ বীজটো খন্তেকতে ৰঙিলীৰ বুকুত শিপালে। তাই ভাবিলে, যদি কথাবোৰ সঁচা হয়, তেতিয়াহলে তাই কাকে ক্ষমা নকৰে। পেলাই দিব সেই পাপৰ বীজ তাই। চিন্তাই খন্তেকতে আউলি বাউলি কৰিলে তাইক। কথাবোৰ পাগুলি পাগুলি বহি থাকিল তাই। তেনেতে বাহিৰত নৰেন অহাৰ উমান পালে। বুঢ়ীহঁতৰ কথা বন্ধ হ’ল। ৰঙিলীয়ে নিজকে সাজু কৰিলে নৰেনক জেৰা কৰিবলৈ। নৰেন সোমাই আহিল ভিতৰলৈ, ৰঙিলীৰ সন্মুখত মাটিতে বহি পৰিলহি সি। ৰঙিলীয়ে কথা আৰম্ভ কৰিবলৈ বুলি নৰেনলৈ চালে। কিন্তু এইয়া কি...? এইজন দেখোন ৰাতিপুৱা ওলাই যোৱা নৰেন নহয়। চকু ৰঙা চলচলীয়া, এটা যেন কাল ধুমুহাই বিধস্ত কৰি গ’ল সকলো। একো বুজিব পৰা ৰঙিলীয়ে। প্ৰশ্নবিলাক এটা এটাকৈ নাইকিয়া হৈ গৈছে। কি হ’ল নৰেনৰ তাৰমানে কথাবোৰ সঁচা নেকি? আৰু তাৰ কি হ’ল? হঠাতে নৰেন বহাৰ পৰা উঠিল, এটা অচিনাকি মাতেৰে ক’লে

 : এহ বৰ ভুল কৰিলো, চুৱা গাৰে সোমাই দিলোঁ। ৰ’ মই গাটো ধুই আঁহো।

 চুৱা গা, তভক মাৰিলে ৰঙিলী। কি’হৰ চুৱা, কেচুৱাৰ জন্মৰ চুৱা! তাৰমানে... নে। কিন্তু পিছমুহূৰ্ততে মনৰ পৰা সকলো আঁতৰি এটা কথাই হাহাকাৰ লগালে ৰঙিলীৰ বুকুত। কণমানিটোৰ কি হ’ল?

 : বুজিছা, ই মহেনে কিন্তু...

 নাই একো নকৈ নৰেন ওলাই গ'ল। আচৰিত হৈ পৰিল ৰঙিলী। নৰেন, ৰূপালী, দেৱশিশু, মহেন... কথাবোৰ কিবা খেলিমেলি হৈ পৰিল। জিভাৰ আগত আহি ৰৈ গ’ল

 : ল’ৰাটো ক’ত?

 ৰঙিলী এনেদৰে বহি থাকোতেই নৰেন পুনৰ সোমাই আহিল।

 : কি হ’ল অ ৰঙিলী, বহাৰ পৰা নুঠাই হলি যে।

 নৰেনৰ মাত এইবাৰ স্বাভাৱিক। ৰঙিলীয়ে তালৈ চালে। এইবাৰ কিন্তু তাৰ চকুত অলপ আগতে দেখা ধুমুহা নাই। তাৰ ঠাইত আছে এযোৰ শান্ত গভীৰ দৃষ্টি। তাই একো নামাতিলে। মাতেনো কেনেকৈ? তাইৰ বুকুত যে এই সময়ত হাজাৰটা প্ৰশ্ন বানে খলকনি তুলিছে।

 : ই মহেন অহা মাহত আহিব ন’? নৰেনে সুধিলে ভায়েকৰ কথা। ৰঙিলী নিমাত।

 : বৰ কষ্ট কৰিছিলো তাৰ কাৰণে। অৱশ্যে তাৰ ফলস্বৰূপে সি আজি ভাল চাকৰি এটা কৰি আছে। তইয়ো বাৰু কমখন কষ্ট কৰিছিলিনে তাৰ লগত। এতিয়া পিছে আমাৰ মহেন ডাঙৰ হ’ল বুজিছ’।

 এৰা ৰঙিলীৰ মনত আছে। তাই এইখন ঘৰত সোমাওঁতে মহেন স্কুলত পঢ়ি আছিল। নৰেনে ভায়েকক খেতিয়ক নবনাও বুলিয়ে নিজে কষ্ট কৰি পঢ়ুৱাইছিল। স্কুলৰ পাছত কলেজ পাছ কৰি আজি সি চাকৰিয়াল। কিন্তু এই সময়ত মহেনৰ কথা কিয়? ৰঙিলীয়ে ভাবিলে।

 : বুজিছনে সি ডাঙৰ হ’ল। এইবাৰ তাৰ বিয়াখন পাতি দিব লাগিব। হওঁতে মোৰ চকুত ছোৱালী এজনী আছে।

 উৱা গোঁসাই এই মানুহটোৰ কি হৈছে? কিবা আবোল তাবোল বকিছে দেখোঁন। তাই ভাবিলে, লগতে অনুভৱ কৰিলে। নৰেনৰ কথাত বাজি ৰোৱা বিষাদৰ সুৰ এটা। একো বুজিব নোৱাৰে তাই। অস্থিৰ হৈ মুখ ফুটাই কয়

 ভায়েকৰ বিয়া পাতিব বাৰু। সেইবোৰ কথা পাতিবলৈ সময় আছে নহয়।

 সময় বেছি নাই বুজিছ’। এইবাৰ বিয়াখন পাতি দিবই লাগিব। তোকো জানো কামত ইখন সিখন কৰি দিবলৈ মানুহ নালাগে। ঘৰখনতো কেচুৱাৰ কান্দোন এটা শুনিবলৈ সকলোৱে বাট চাই আছে। আমিতো দিব নেৱাৰিলেৱেই....।

 কথাখিনি কবলৈ নৰেনৰ যেন কষ্ট হয়।

 এইবোৰ কি কৈ আছেনো? সি আহিলে এইবাৰ বিয়া পাতি দিব বাৰু। কিন্তু....

 : কিন্তু কি হ’ল আকৌ?

 ৰঙিলীয়ে অলপ সেপ ঢুকি ল’লে, তাৰ পাছত লাহেকৈ ক’লে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড