পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৩

শুনি ৰঙিলীয়ে ঠিকেই বুজিছে কথাষাৰ।

 : কি হ’ল অ মালতী, ইমানকৈ খং খাইছ কিয়? ৰঙিলীৰ শাহুৱেকে সুধিলে।

 : কি হ’ল বুলি সুধিছ যে বৌদেউ, শুনা নাই নে এইখন কি হৈছে। মুখত চাই সানিছে মানুহে আৰু তোমালোকৰ একো খবৰেই নাই।

 : কিবানে বোলে আমিও সেই তাকেই পাতি আছিলো। অ মালতী, অ বোলো কাৰনো এনে খৰে খাইছিল, একেবাৰে পোখা মেলালেগৈ।

 : অ খা। তোমালোক এতিয়াও তাৰমানে শুইয়ে আছা। গমেই নোপোৱা নে সেই নাককাটী জনীৰ কথা। মালতী পেহীয়ে কৈ উঠিল।

 : কোন হেৰ’ মালতী, কিবা গম পাইছ নেকি?

 : সমগ্ৰ চুকটোৰ খবৰ নখ দৰ্পনত ৰখা মালতীক ফুচফুচাই সুধিলে ৰঙিলীৰ শাহুৱেকে। ৰঙিলীয়েও ভিতৰৰ পৰা কাণ দুখন উণালে। কিয় জানো এই মুহূৰ্তত তাইৰ জানিবলৈ মন গ’ল সেই নিষ্ঠুৰ মাকজনীৰ বিষয়ে।

 : ছিকৌ কথা বৌদেউ, গোটেই গাঁৱতে ৰৌজাল বৌজাল হৈছে। তোমালোকে একো গমেই নোপোৱা। মই আকৌ কথাষাৰ কিমান সঁচা তাৰ খবৰ লবলৈহে আহিছে।

 মালতী পেহীয়ে কথা বঢ়ালে। তাইৰ পাক লগা কথাত ৰঙিলীৰ শাহুৱেকে ডবিয়াই উঠিল।

 : সেই এইজনী কথাষাৰ ক পোনে পোনে।

 : কেলেই, সেই বিয়া হৈ দুদিনতে পৈয়েকৰ মূৰ খোৱাজনী আকৌ, সেই যে উদয়চুকৰ, ঘৰলৈ ঘূৰি আহিছিল যে, গুৰু গোঁসাই নমনা কুলক্ষণী জনী আকৌ, তাৰেই ফচল।

 : অ সেই ৰূপালীৰ কথা কৈছ।

 : ছিকৌ কথা থু! নাম নল’বা হে। সেই ডাংকাটী জনীৰ নাম লোৱাও পাপ।

 বহুতৰ মুখত ৰূপালীৰ কথাবোৰ শুনিছে ৰঙিলীয়ে। আজিকালি বোলে ৰূপালীৰ ঘৰলৈ গাৱঁৰ বুঢ়া ডেকাৰ সঘন আহ যাহ।

 : কিবানে বোলে কাৰ ফালৰ বা সেইটো?

 : চু বাকলি, কেনেকৈ জানিবা হে, সেই নাককাটীজনীৰ কিবা এটা মতা আছে নেকি? ৰাতি ৰাতি কোনে কোনে বা যায়। পিছে মই অন্য এষাৰ কথা শুনিহে ইয়ালৈ ঢাপলি মেলিলো।..... অ বৌদেউ তোমালোকৰ ঢাপতে পেলাই থৈছিল বোলে। ক'ত কি কৰিলা হে?

 : হওঁতে আমাৰ ঢাপৰ কাষতে পেলাই গৈছিল। পিছে বাচি আছিল দেখি বাপুৱে ডাক্তৰ খানালৈ লৈ গ’ল।

 এই কিনো দৰকাৰ আছিল নলগা জেঙত লাগিবলৈ। এনেয়েও গোটেই গাওঁখনতে কথাবোৰ ফুটি ফাটি গৈছে, বোলে আমাৰ ইও দুদিনমান গৈছিল সেইফালে।

 : কি কথা কৱ’ অ মালতী। বাপুৱে শুনিলে তোক দুছেও কৰিব। ৰঙিলীৰ শাহুৱেকে ভেকাহি মাৰিলে।

 : আমি কৈছোনে কিবা। গোটেই অঞ্চল বিয়পি পৰিছে। ন’হেলেনো ইমান দূৰ বগোৱা বাই তোমালোকৰ ঢাপতে পেলাবনে?

 মালতী পেহীৰ কথা শুনি ৰঙিলী জুহালতে ঢুপুচকৈ বহি পৰিল। বুঢ়ীহতঁৰ কথাবোৰে তাইক চেপি খুন্দি আনিলে। তাইৰ খং উঠিছে মানুহটোক মিছা বদনাম দিয়া বাবে। নৰেনে কেতিয়াও এনে কৰিব নোৱাৰে। তাইৰ বুকুত এনে মৰ কামোৰ কেতিয়াও মাৰিব নোৱাৰে সি। এইয়া বাৰু ৰঙিলীয়ে কি শুনিছে। কেঁচুৱাটো ডাক্তৰ খানালৈ দি পঠাই ভুল কৰিলে নেকি বাৰু তাই? নৰেন ইমান সময় কিয় অহা নাই? নে সচাঁকৈ এইটো নৰেনৰ ল’ৰা। ওঁহো হবই নোৱাৰে। সি কাৰ ল’ৰা সেইয়া বিচাৰটো তাক দেখোঁতে তাই কৰা নাছিল। একমাত্ৰ ভগৱানৰ প্ৰসাদ বুলি তাক ডাঙৰ কৰিম বুলিয়ে ডাক্তৰ খানালৈ পঠাই দিছিল। কিন্তু এতিয়া কিয় এই প্ৰশ্নবোৰে মেৰিয়াই ধৰিছে তাইক। যদি সচাকৈ মালতী বুঢ়ীয়ে কোৱা কথা কেইষাৰ সচাঁ হয় তেন্তে...। তাই

পাৰিবনে আকোৱালি লব তাক? আৰু নৰেন.....। ধেৎ কিনো কথাবোৰ ভাবি আছে তাই। এইয়া বাৰু কেনেকৈ হব। নৰেন

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড