পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫২

আছিল ৰঙিলীৰ ওপৰত। বিয়াৰ ইমান বছৰৰ পিছতো তাইৰ জীৱনক পূৰ্ণতা দিবলৈ এটা সন্তান নাহিলে। ক’ত কবিৰাজৰ বড়ি খালে, ক’ত বেজৰ বেজালি কৰিলে। না কাৰোৰে সামৰ্থ্য ন’হল যে হাহাকাৰ কৰি থকা দুখুনী ৰঙিলীৰ কোলাত এপাহ ফুল পৰিব। গাঁওৰ মানুহে ক’ত কথা শুনালে, বাজী বুলি কত হাঁহিলে তাৰ কোনো লেখ জোখ নাই। ৰঙিলীয়ে সেইবোৰ নুশুনাৰ ভাও জুৰিলে। অৱশ্যে তাইৰ শাহুৱেকজনী বৰ সাদৰী আছিল। তেওঁ ৰঙিলীক এই বিষয়ে আজিলৈকে একো কটু কথা শুনোৱা নাই। সেই কাৰণে তাই বাহিৰৰ মানুহৰ কথা গাত লগাই নলয়। ঘৰৰ বাকী মানুহখিনিয়েও এই লৈ ৰঙিলীক কেতিয়াও একো কোৱা নাই। কেতিয়াবা কিন্তু তাইৰ দুখ লাগে। মন যায় এটি এমা ডিমাক তাইৰ কোলাত শুৱাবলৈ। পিছে বিধাতাই নিদিলে তাইনো কি কৰিব পাৰে। নৰেন সকলো সময়তে খেতি খোলাৰ লগত ব্যস্ত থকাৰ বিপৰীতে তাই ঘৰখনৰ কামত ব্যস্ত থাকিব লাগে। অৱশ্যে আলধৰা পদুমীয়ে ইখন সিখন কামত হাত আগবঢ়াই। নৰেনৰ মাতত তাই বাস্তৱলৈ ঘূৰি আহিল।

 : অ’ বোলো কি কৰিবি এতিয়া?

 : কি কৰিম মানে, ভগৱানে প্ৰসাদ দিছে, আমি গ্ৰহণ নকৰিলে পাপে নুচুব নে?

 অলপ ৰৈ তাই কৈছিল ক’ৰ পৰা যে কথাষাৰ ওলাইছিল, এতিয়া তাই ভাবি নিজে আচৰিত হৈছে।

 : কিন্তু মানুহে....

 : মানুহে কি ক’ব, সেই চিন্তা কৰি জানো ইয়াক এনেকৈ পেলাই থৈ যাব পাৰি ইমান অমানুহ হমনে আমি।

 কথাখিনি কৈ তাই নৰেনলৈ চাইছিল পৰম আগ্ৰহত, যাতে নৰেনেও তাইৰ কথাত হয়ভৰ দিয়ে।

 : এৰা ঠিকেই কৈছ’ তই। পিছে প্ৰথমে এবাৰ ডাক্তৰনী বাইদেউৰ তালৈ লৈ গ’লে ভাল হব যেন পাইছে।

 : হয়, যাওক যাওক, লৈ যাওক সোনকালে। পাছৰ খিনি পাছত দেখা যাব। বিজ্ঞৰ দৰে কৈছিল ৰঙিলীয়ে।

 ৰঙিলীৰ কথামতেই নৰেনে ঘৰৰ বনকৰা ল’ৰা মানিকক লৈ সেই পুৱতি নিশাতেই গৈছিল ডাক্তৰনী বাইদেউৰ তালৈ। কিন্তু সেই যে গ’ল এই ভৰ দুপৰীয়া খনলৈকে তাৰ দেখা দেখি নাই। ৰঙিলী এবুকু আশা বুকুত বান্ধি দুই কাণ সজাগ কৰি ৰৈ আছে। নৰেন আহিব, ঘৰখন কেচুৱাৰ কান্দোনে ভৰি পৰিব। মনে মনে তাই ধূপ বন্তিৰে পূজাৰ থালখনো সজাই ৰাখিছে। কোনে পাপ কৰিছে তাই নাজানে, জানিবলৈ বিচৰাও নাই তাই, মাথো ভাবিছে বেলেগে পাপ বুলি ভবাটো তাইৰ বাবে আশীৰ্বাদ হৈ আহিছে। বছৰ বছৰ ধৰি যে তাই ভগৱানৰ চৰণত মূৰ আচাৰি কাকূতি কৰিছিল সেইয়া বাৰু তাইৰ বাহিৰে আন কোনে জানিছিল। ধূপ ধূনাৰ ধোঁৱাৰ মাজত লুকাই পৰিছিল তাইৰ তপত চকুলো। হওক তেওঁ, কোনোবাই পাপ, অকৰ্ম কৰিছে, এইবিলাক বিচাৰ কৰাৰ ধৃষ্টতা তাই কৰা নাই। এইয়া ইচৰৰ প্ৰসাদ বুলি তাই মাথো গ্ৰহণ কৰিছে। ৰঙিলীয়ে চাহৰ বাতি লৈ বুঢ়ী হঁতৰ ওচৰলৈ গ’ল। এজনীয়ে ক’লে

 : অ’ ৰঙিলী, এই বীজটো বোলে তহঁতৰ বাৰীৰ ঢাপতে পেলাই গৈছিল।

 : অ’ খুড়ীটি প্ৰথম মইয়ে শুনিছিলো তাৰ চিঞৰ। উঠি গৈ দেখো এটি তিনেই কুমলীয়া ফুল।

 : থ হেৰৌ ফুলৰ লগত ৰিজাবলে। পিছে কি কৰিলি সেইটো?

 : ডাক্তৰ খানালৈ দি পঠালো এওঁৰ হাতত। ৰঙিলীয়ে কওঁ নকওঁকৈ ক’লে।

 : খালি খালি ভেলেঙীজনী অ। কিনো দৰকাৰ কিবানে বোলে বাটৰ কচু গাত ঘঁহি লবলৈ কিহে পাইছিলনো তোক?

 জকজকাই উঠিল বুঢ়ীহঁতে। ৰঙিলীয়ে একো নকৈ ভিতৰলৈ সোমাই গ’ল।

 : তাইক নকবি হেৰৌ, আমিতো অমানুহ হব নোৱাৰো। তাই ভাল কামকে কৰিলে দে। নৰেনৰ মাকে ক’লে।

 বুঢ়ী কেইগৰাকীৰ কথাবোৰ ৰঙিলীৰ ক্ৰমে ভাল নলগা হৈ আহিল।

 : ছিকৌ কতা, এইবোৰ কি শুনিছো হঁক ঔ। ইচ ইচ এইজনীয়ে আহিয়ে গোটেই চকুটো বদনামি কৰিলেহি। ডুবালেহি চুকটোৰ নাম।

 গোৱাল গালি দি দি মালতী পেহী সোমাই আহিল। এইখন গাঁওৰে মালতী বুঢ়ী বিয়া নোসোমাল। মানুহে কয়, এই গাঁৱৰে এটা ডেকাৰ প্ৰেমত পৰিছিল বুলি। পিছে সি ঠগিলে আৰু মালতী ৰৈ গ’ল আজীৱন। গাঁওখনৰ সকলোৰে পেহী হৈ পৰিল তাই। এনেয়ে মানুহজনী বেয়া নহয়। পিছে হকে বিহকে গুৱাল গালি পাৰি থাকে। মুখখন বন্ধ ৰাখিবই নোখোজে, তাতে

আকৌ কিবা এটা খুঁত পালেতো কথাই নাই, যেন গোটেই ভূ ভাৰস্ত খন অশুদ্ধ হে হৈ পৰিল। এতিয়া এই মালতী পেহীৰ কথা

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড