পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫১

অপ্ৰাপ্তি

ববিতা বড়া

 অলপ সময়ৰ ভিতৰতে খবৰটো গোটেই গাঁওখনতে বিয়পি পৰিল। ৰজনজনাই গ’ল গাওঁ খন। এজাক বতাহৰ দৰে প্ৰতিঘৰ মানুহকে চুই গ’ল ঘটনাটোৱে। কি নাশ্ৰুত নাভুত কথা অ’ এইটো। কথাতো শুনামাত্ৰকে পিলিঙা ডেকাবিলাকে আমোদ পালে, বোৱাৰী জীয়াৰীয়ে লাজতে তলমূৰ কৰিলে, বুঢ়ী মানুহ বিলাকে কাণত হাত দিলে, কোনো কোনোৱে ইচ ইচ আচ আচ কৰি উঠিল।

 : আও বালক এনে ঘটনানো হ’ব লাগেনে বাৰু?

 গাওঁৰ কথকী বুঢ়ী কেইজনীয়ে তামোলৰ সেলেঙি বোৱাই নৰেন হতঁৰ চোতালত কথাতো আলোচনা কৰিছে।

 : দেশখন ৰসাতলে গ’ল হেৰ। লাজ মান সকলো নাইকিয়া হ’ল। অ’ বোলো নৰেনৰ মাক এইখন কি হৈছেনো? এই ল’ছলি মখাই দেখোন গুৰু গোসাঁই একো নমনা হ’ল। কোনেনো বাৰু ইমান অধৰমৰ কাম কৰিলে?

 : এহ কেনেকেনো কবি অ’ ৰূপহীৰ মাক। বোলো কাৰ গাত নো ইমান পিৰপিৰনি উঠিছিল। ছিঃ নাপায় দেই। দেখিছনে বাৰু, ইমান নিদাৰুণ নৰমনিচ থাকিব পাৰেনে বাৰু?

 : এৰা ভনিটী হতঁ অ’, কিবানে বোলে এইবোৰ কথা শুনাও পাপ, পতাও পাপ। শ্ৰী বিষ্টু শ্ৰী বিষ্টু, এহ এইখন দেশতে জনম লৈ ইয়াতে মৰাৰ দিনো পাবহি এতিয়া, এনেকুৱা কথা শুনাও মনত নপৰে।

 হৰেনৰ মাকে ক’লে।

 : এৰা অ’ বাইটী। আমি হ’লো সেই তাহানিৰ যুগৰ বুঢ়ী। আজিকালিৰ কথা বিলাকৰ আও ভাওকে নাপাওঁ৷ হ’লেও দেচোন, এই ভাল বেয়াৰ বিচাৰ কৰিব পৰা গিয়ান খিনি হওঁতে আমাৰ আছে।

 : কথাতো হওঁতে ঠিকেই কৈছু অ’ নৰেনৰ মাক। কিবানে বোলে ইমান তেজ গৰম হৈছিল নে যে ইমান খিনি পাবগৈ। লগীয়া হ’ল। পিছে সেই পাপৰ ফচলটো বা কাৰ? কোন বা গৈছিল আন্ধাৰৰ সুৰুঙা লৈ বিছনা গৰম কৰিবলৈ।

 বুঢ়ী কেইজনীয়ে মুখ টিপি হাঁহিলে। পাছফালৰ চোতালত বুঢ়ী কেইজনীয়ে কথাৰ মহলা মাৰিছে। প্ৰধান বিষয় বস্তু হৈ পৰিছে পুৱাৰ ঘটনাটো। সেই কথা বিলাকে ৰঙিলী মানে নৰেনৰ ঘৈনীয়েকৰ কাণো চুইছেগৈ। কেনেকৈ বা কথা বিলাক গোটেই গাওঁখনতে শিপালেগৈ। তাই বুজিব পৰা নাই সত্য বা শুদ্ধ কি? তেনেই সহজ সৰল ৰঙিলীয়ে চাহ খিনি বাকিবলৈ লৈ পুৱতি নিশাৰ কথা খিনিকে পাগুলিছে। এৰা, পুৱতি নিশাতেই নৰেন আৰু তাই এটা আচৰিত শব্দ শুনিছিলে। টিপ চাকি লৈ নৰেন আৰু তাই ওলায় গৈছিল শব্দৰ উৎসৰ ফালে। আৰু চয়াময়া পোহৰত দেখা সেই অকণমানি জীৱটোৱে যেন কিছু সময়ৰ বাবে দুয়োটাৰে হৃদস্পন্দন লেহেমীয়া কৰি তুলিছিল। এই পৃথিৱীত তাৰ চকু মেলা বেছি সময় হোৱা নাছিল বোধহয়। এনে লাগিছিল পিয়াহত আতুৰ হৈ সি কান্দিব পৰা নাছিল। থৰ থৰকৈ কপিছিল ৰঙিলী তাক দেখি। জৰে ঘমাদি ঘামি নৰেনো হৈ পৰিছিল কিং কতব্য বিমূঢ়। ইচ ৰাম কোনে কৰিলে বাৰু এই কাণ্ড, কাৰ সত গ’ল এনে কৰিবলৈ। ইচ ইচাই উঠিছিল নৰেন। তাৰ বিপৰীতে কিন্তু ৰঙিলীয়ে খন্তেক সময় তভক মাৰি কোলাত তুলি লৈছিল তাক। মমতাৰ উমেৰে কোলাত তুলি লোৱাত, সি হয়তো নিৰাপদ অনুভৱ কৰিছিল। ঘৰৰ মানুহবিলাক সেই সময়লৈকে সাৰ পোৱা নাছিল। ৰঙিলীৰ কামত অবাক হৈ নৰেনে কৈছিল

 : হেৰ’ কি কৰিবি এতিয়া?

 ৰঙিলীয়ে উত্তৰ দিয়া নাছিল একো। কাৰণ সেই সময়ত এক অনামি অনুভৱে তাইক পৰিতৃপ্ত কৰি তুলিছিল। মমতাৰে চপচপিয়া হৈ পৰিছিল তাইৰ বুকু। নহবই বা কিয়? আজিৰ পৰা প্ৰায় ১০/১১ বছৰৰ আগতে এই খন ঘৰলৈ বোৱাৰী হৈ

আহিছিল ৰঙিলী বুকুত হাজাৰটা সপোন লৈ। এটা এটাকৈ পূৰ হৈছিল সপোনবোৰ। কিন্তু কোনোবাখিনিত যেন বিধাতা ৰুষ্ট

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড