পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫০

বুজিবলৈও চেষ্টা নকৰিলোঁ। ন্যূনতম কথাৰ উত্তৰ দিয়াৰ বাহিৰে তেওঁৰ লগত মোৰ কোনো বাৰ্তালাপ নহ'ল।

 ছোৱালীজনীৰ তিনি বছৰ বয়সত এক বাইক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল। হঠাৎ অহা দুসংবাদটোত মই কিয় বিচলিত হৈছিলোঁ মই আজিও তাৰ উত্তৰ নাপাও। এয়া তেওঁৰ প্ৰতি কৰা অভিমানৰ দুখ নে আন কিবা আজিও নুবুজোঁ মই। যিজন মানুহৰ অস্ত্বিত্ব মই জীৱিত কালত অনুভৱ কৰিব নোৱাৰিলোঁ তেওঁৰ এই মৃত্যুক লৈ কিন্তু মই আজিও দুখী। কিন্তু শহুৰৰ ঘৰখনৰ মানুহখিনিয়ে মোৰ লগত সম্পৰ্ক বজাই ৰাখিছে, সেই লৈ মই সুখী।

 কথাবোৰ পাগুলি থাকোতে মই ক'ত আছে তত ধৰিবই পৰা নাছিলো। দুচকুৰ কোণত দুটোপাল চকুপানী বিৰিঙি উঠিল। ৰিমিয়ে হেঁচুকি কোৱাতহে-“খুৰী আহক আপুনিও”। এইবুলি কৈ তাই মন্দিৰৰ ভিতৰলৈ সোমাই গ'ল। মই বহি থকা ঠাইকণৰ পৰা লৰচৰ কৰিব নোৱাৰিলোঁ। কি সুধিম মই- “দুখবোৰ যি মই ভোগ কৰি আহিলোঁ। যিজন ভগৱানে মোৰ অত্ত্বিত্ব দিলে এই পৃথিৱীত তেওঁতো মোৰ কথা নজনাকৈ থকা নাই। তেন্তে কি সোধোঁ-“মোৰ ভৱিষ্যত”? নাই সুধিব নোৱাৰিম। অনাগত ভৱিষ্যতক মই আকৌ সপোনৰ মাজলৈ ঠেলিব নোৱাৰো। তাতকৈ মোৰ বৰ্তমানৰ সংঘৰ্ষই ভাল। অন্ততঃ মোৰ বৰ্তমান আৰু ভৱিষ্যতে মোক সপোনৰ মণিকূট সজাবলৈ নিশিকায়, বৰ্তমানক অলপ অলপকৈ পূৰণ কৰাবলৈহে শিকাই আছে। মনটো আকৌ দৃঢ় কৰি ল'লোঁ। ৰিমি তেতিয়ালৈ মন্দিৰৰ ভিতৰৰ পৰা ওলাই অহা নাছিল। এক গভীৰ উশাহ টানি মই বহা ঠাইৰ পৰা মন্দিৰ পদূলিলৈ ওলাই আহি ৰিমিলৈ বাট চাই ৰ'লোঁ।



জীৱনৰ আন্ধাৰময় বাটত
উমি উমি জ্বলোৱা
আশাৰ চাকিটি হল
অৰ্দ্ধ আকাশ।
ফাগুণী বতাহজাকে
উদং কৰি থৈ যোৱা
নঙঠা বুকুৰ
হেপাঁহৰ কলিটি হ’ল
অৰ্দ্ধ আকাশ

—চলমা আখতাৰ—

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড