পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৫


 কি কৰোঁ কি নকৰোঁকৈ দ্বিধাগ্ৰস্ততাৰে ইফালে সিফালে চাই গ্লাছটো ওঁঠলৈ তুলি লৈ ভয়ে ভয়ে এঢোক গিলিলে তাই।

 তিতা পানীয়খিনি পুৰি গল তাইৰ ওঁঠ, ডিঙি...বুকু, হৃদয়ৰ অভ্যন্তৰ। আটায়ে উৎসাহেৰে চাই ৰ'ল তাইলৈ।

 লাহে লাহে কৰি দুই তিনি চিপমান খাই দিয়াৰ পিছতেই অমৃতাৰ মূৰটো যেন ৰিমঝিম কৰিব ধৰিছিল, গাটো পাতল পাতল লাগিছিল,... গধুৰ হৈ আহিছিল দুচকুৰ পতা।

 অকমান মুক্ত বতাহ বিচাৰি থৰক বৰক খোজেৰে হ’লটোৰ সোমাজৰ সুসজ্জিত চিৰিয়েদি লাহে লাহে উঠি গল তাই চাঁদ খনৰ ফালে।

 চাদখনৰ ৰেলিঙত ভেজা দি তাই দুচকু মুদি অপেক্ষা কৰি ৰল চেঁচা বতাহ এজাকৰ বাবে।

 তেনেতে কাৰোবাৰ অনুচ্চ হাঁহি তাইৰ কাণত পৰিল। পুৰুষ কণ্ঠটো তেনেই চিনাকি।

 অকণো উৎকণ্ঠীত নহ'ল তাই। মাথো এটি ব্যঙ্গাত্মক হাঁহি ফুটি উঠিল তাইৰ মুখত। তাই জানে... সকলো জানে। দিনৰ ভাগত ভদ্ৰতাৰ মুখা পিন্ধা সমাজৰ গণ্য মান্য ব্যক্তিসকলৰ, আৰু তাঁহাতৰ অভিজাত্যত ডুব যোৱা পত্নীসকলৰ, কদৰ্য স্বৰূপ দেখিছে তাই আগতেও। নাইট পাৰ্টিবোৰত মদৰ নিচাত মাতাল হৈ উঠাৰ পিছত সিহঁতে বুজি নাপায় সমাজৰ নিয়ম,শৃংখলা,শালীনতাৰ ভাষা, বুজি নাপায় কোন কাৰ পতি বা পত্নী... সেই সময়ত বুজি পায় মাথো শৰীৰৰ ভাষা...নগ্নতাৰ ভাষা। আৰু ভাস্কৰো তাৰ ব্যতিক্ৰম নহয়।

 হবই বা কিয়?? সিটো তাইৰ দৰে গাঁৱলীয়া নহয়!!

 ভাস্কৰহঁতৰ এই হাই প্ৰফাইল সমাজখনৰ বাবে নগ্নতাই আধুনিকতাৰ একমাত্ৰ ভাষা।

 “উফ’’

 এই বিভৎস আধুনিকতাতকৈ ফ্লেটৰ বন্ধ কোঠাৰ নিঃসংগতাই তাইৰ বাবে বাঞ্চনীয়।

 কিয় কৰে? কিয় কৰে এই ঘৃণনীয় শৰীৰৰ খেলা?? জীৱনত মনে বিচৰা সকলো ঐশ্বৰ্য্য , বিভূতি, সন্মান...এটি। আৰামদায়ক জীৱন পোৱাৰ পিছতো তথাকথিত ভদ্ৰ সমাজৰ এই ভদ্ৰ পুৰুষ মহিলা সকলক অতিৰিক্ত উদ্দীপনাৰ প্ৰয়োজন হয় কিয়?? কিয় বিচাৰে সেই উদ্দীপনা অন্য নাৰী নতুবা অন্য পুৰুষৰ শৰীৰত??

 ...কাৰণটো চাগৈ অনাবৃষ্টি। প্ৰেমৰ এজাক বৰষুণৰ অভাৱ?? প্ৰেম নাই ... সেয়ে পৰিপূৰ্ণতা কতো নাপায়। আৰু তাই নিজে....??

 একেঘোটে চকু মুদি হাতত লৈ থকা গ্লাছৰ সকলো পানীয় ঘোটঘোটকৈ গিলি থলে তাই।

 ⵓ “আস্” ... অনুৰাগ এয়াই আছিল নেকি তোৰ মোৰ বাবে ইপ্সিত উজ্জ্বল ভৱিষ্যত? আজি মদৰ গ্লাছ ওঁঠত তুলি লৈছোঁ মই। ইয়াৰ বাবে মাথো তই দায়ী...। মোক এৰি দিছিলি নহয় এই কৃত্ৰিম সমাজৰ কলুষতাৰ মাজত...নগ্ন আধুনিকতাৰ মাজত মোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি!! চা এতিয়া অনুৰাগ, নিঃশেষ হৈ গৈছোঁ মই.... জ্বলি পুৰি ৰৈছোঁ।

 আপোনমনে বিৰবিৰাই উঠিল অমৃতাই।

 মূৰটো আচন্দ্ৰাই কৰি উঠিল তাইৰ। বুকুখন জ্বলি পুৰি যেন ছাৰখাৰ হৈ গৈছে।

 ঢলি পৰি যাব খোজা তাইৰ শৰীৰটোক যেন কোনোবাই সাৱটি ধৰিছেহি আলফুলে।

 “অমৃতা’’

 এটি আৱেগিক পুৰুষ কণ্ঠ ভাহি আহিছে।

 কোন? কোন? কোনে উচ্চাৰিছে তাইৰ নামটো ইমান মৰমত....ইমান আৱেগত!

 গধুৰ হৈ অহা দুচকুৰ পতা কোনোমতে মেলি ডিম লাইটৰ অনুজ্জল অস্বচ্ছ পোহৰত তাই চাবলৈ চেষ্টা কৰিলে আগন্তুকৰ মুখ।

(৮)

 খোলা খিৰিকীৰে সোমাই অহা এছাটি চেঁচা বতাহে অমৃতাৰ গালে মুখে চুই গল। মূৰটো খামুচি ধৰিলে তাই। মূৰটো অত্যন্ত গধুৰ আৰু বিষ বিষ ভাৱ এটি অনুভৱ হল তাইৰ। বিমূৰ্ত হৈ কিছুদেৰি বিছনাখনতে পৰি ৰল তাই। মনত পেলাবলৈ

চেষ্টা কৰিলে ৰাতিৰ পাৰ্টিৰ কথাবোৰ। কোনে, কেতিয়া, কেনেকৈ তাইক ফ্লেটলৈ লৈ আনিলে .... একোৱেই মনত নাই তাইৰ।

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্র, প্রথম খণ্ড