পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৬

 : “উম , আপুনিও সোনকালে শুই যাব।”

 ইমান আদৰ যত্ন পাইছিলোঁ নে আগতে? আজি মই সেই আনৰ আগত প্ৰাণ ভিক্ষা বিচাৰি ফুৰা ছোৱালীজনী নহয়, এখন নামজ্বলা মহাবিদ্যালয়ৰ অধ্যাপিকা মই। আৰু আজিৰ মোৰ এই পৰিচয় কাৰ বাবে সম্ভৱ হৈ উঠিল??

 হয় মোৰ স্বামী সাজু হৈছে মোক বিদায় দিবলৈ, এই যে কলেজত কাইলৈ মই যোগদান কৰিম গৈ, তেওঁ মোক হয়তো একেবাৰে এক নতুন পৰিচয় দিবলৈ সাজু হৈছে, মোৰ পছন্দক তেওঁ সন্মান জনাব , তাতোকৈ বেছি হেনো তেওঁ সুখী হ’ব। সকলো কৈছে মোক তেওঁ। মই সকলো বুজিছোঁ। তেওঁক নুসুধিলোঁ এবাৰো আপোনাৰ জানো দুখ নালাগিব মই গুচি গ’লে?? আকৌ জানো এনেদৰে আহিব পাৰিম মই এইখন ঘৰলৈ? সৰু সৰু কথাবোৰত জানো হাঁহিব পাৰিম দুয়ো একেলগ কান্দিব পাৰিম নে??

 আজি ৰাতি টোপনি নাহিব মোৰ। কাইলৈ তেওঁ আহিব মোক হয়তো একেবাৰে বিদায় দিম বুলি। বুকুখন সঁচাই মোচৰ খাই যোৱাৰ দৰে লাগিছে। উফ কষ্ট পাইছোঁ মই আকৌ।

 অথচ এখন মুকলি পৃথিৱীৰ দিশে মোক তেওঁ আগবঢ়াই দিছে।

 পাম নে এনে এজন দ্বিতীয় পুৰুষ মই!!

 ৰাতিপুৱা খুব সোনকালে সাৰ পালোঁ মই। লৰালৰিকৈ যাৱতীয় কামখিনি কৰি ল’লোঁ। তেওঁ দিয়া কাপোৰযোৰ চাই ৰ’লো মই। সকলো বস্তু সাজু কৰি মই কাপোৰ সাজ পিন্ধি ওলাই ল’লোঁ। তেওঁৰ আহি পাবহি হৈছেই।

 আৰু কেইদিনমান পাছতে হোষ্টেল খালি কৰি দিম মই। কলেজৰ ওচৰতে তেওঁ আজি এটা ঘৰ চাই আহিব বুলি কৈছিল।

 আকৌ চোন কষ্ট পাইছোঁ মই, কিয়??

 হয় সেয়া তেওঁ আহি পাইছে হোষ্টেলৰ গেট। মই আইনাখন এবাৰ চাই ল’লোঁ। হঠাতে কি মন গ'ল মই কপালৰ চুলিখিনিৰ মাজৰ সেউতাত আগতকৈও দীঘলকৈ দগমগীয়া কৈ সেন্দুৰ আঁকি ল’লোঁ, অলপো হাত নকপিল বিপৰীতে আৰু বেছি হে আত্মবিশ্বাস গঢ়ি উঠিল। ওলাই আহিলো মই এখুজি দুখুজিকৈ , বাহিৰৰ ৰ’দ জাক মোৰ বাবে নতুন জীৱনৰ দৰে হৈ পৰিল।

 তেওঁৰ কথা খিনি আকৌ ভাহি আহিছে

 : “ কৈছিলোঁ নহয় তুমিয়েই পাবা এই চাকৰিটো! দেখিলা? আৰু এতিয়া তোমাৰ নিজৰ পৰিচয় হ’ল। আৰু মই যে কৈছিলোঁ এদিন তোমাক আকৌ নতুন জীৱন আৰম্ভণি কৰিবলৈ। বহুত সুখী হ’ম জানা সেইদিনা। ভাল লাগিব মোৰ বহুত!! আচলতে বিয়াৰ বয়স হৈছে হে তোমাৰ, মই সকলো পাতিম কথা চিন্তা নকৰিবা তুমি’’

 তেওঁৰ মনৰ স্থিতিৰ অনুমান কৰিবলৈ চেষ্টা কৰিছিলোঁ মই , সঁচাই তেওঁ মোক ইমান সহজ কৈ আনৰ হাতত গতাই দিব পাৰিবনে? ইমান দিনে আমি বন্ধু হ'ব পৰা নাছিলোঁ নি?? ইমান সহজ নে তেওঁৰ বাবে আঠোটা বছৰ আমি দূৰে দূৰে হ’লেও একেলগে কতাইছোঁ এজনে সিজনক লগ দিছিলোঁ।

 নিজক প্ৰশ্ন কৰিছিলোঁ মই,

 কোনোবাদিনা ময়ো বাৰু আন কাৰোবাক কল্পনাত সঁজাইছিলোঁ নেকি পতি হিচাবে??

 ওহো... তেওঁৰ প্ৰতি থকা মোৰ অগাধ শ্ৰদ্ধাই মোৰ মনলৈ একো বেলেগ চিন্তা আহিবলৈ দিয়া নাছিল। তেওঁ গতাই দিব আনৰ হাতত মোক, সেইষাৰ কথাৰে মোক বেলেগৰ কাষলৈ নিয়াটো দূৰৰ কথা তেওঁৰ কাষলৈ আৰু বেছিকৈহে টানি আনিছিল... ... সকলো জানিও মই...তেওঁৰ কাষত থাকিব খুজিছিলোঁ। মই কি বিচাৰিছিলোঁ?

 সঁচাই নাৰীয়ে বিচাৰে কি এজন পুৰুষৰ পৰা!! সঁচাই নাৰী ৰহস্যময়ী!!

 হাঁহি মুখেৰে তেওঁৰ ফাললৈ আগুৱাই গ’লো। তেওঁ আকৌ চাই ৰ’ল মোৰ সেন্দুৰখিনিলৈ।

 তেওঁৰ মনটোক পঢ়িবলৈ যৎপৰোনাস্তি মই চেষ্টা কৰিলোঁ।

 কিন্তু একো প্ৰশ্ন নকৰিলে তেওঁ মাথোঁ কৈ গ’ল তেওঁ নতুন চাকৰি জীৱন কেনেকৈ আৰম্ভণি কৰিম।

 মোৰ অভিভাৱক, মোৰ সাহস, মোৰ জীৱন দাতা ,মোৰ স্বামী এইজনেই আৰু আজি তেওঁ মোক পিতৃয়ে কন্যাদান

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড