পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৫

 এম এ ফাইনেল পৰীক্ষাত মোক পাছ পেলাব পৰা কোনো নাছিল আৰু ইউনিভাৰ্চিটিৰ স্কলাৰশ্বিপ লৈ মই পি এইছ দিত নাম ভৰ্তি কৰিছিলোঁ। সেইবাৰ ব্যক্তিগত হোষ্টেল এৰি ইউনিভাৰ্চিটিৰ হোষ্টেলত প্ৰৱেশ কৰিছিলোঁ। সফলতাই মানুহক সাহসী কৰি তোলে বুজিবলৈ বেছি সময় নালাগিছিল।

 তেওঁ আহিছিল সেইদিনাও মোক হোষ্টেলত থ’বলৈ। আনন্দ প্ৰবাহ তেওঁৰ মুখমণ্ডলত স্পষ্ট আছিল।

 ক্ষিপ্ৰতাৰে মোৰ গৱেষণাৰ কাম আৰম্ভ হৈছিল। আগতকৈও ব্যস্ত হৈ পৰিছিলো মই। আৰু আচৰিত ধৰণেৰে মোৰ বৌ মোৰ প্ৰতি মোলায়েম হৈ পৰিছিল আগতকৈ। মানুহৰ মুখাবোৰ খোল খাইছিল লাহেকৈ। মা কো মই বহুত মুকলি দেখিছিলোঁ। মাহৰ আৰম্ভণিত মোৰ স্কলাৰশ্বিপৰ পইচা সোমোৱাৰ যদি কেতিয়াবা হেৰফেৰ হৈছিল কিন্তু মোৰ স্বামীয়ে মোক দিয়া সেই হাতখৰচৰ কেতিয়াও হেৰফেৰ হোৱা নাছিল। বাধা দিব খোজা নাছিলোঁ মই তেওঁক কিজানি তেওঁৰ স্বাভিমানত আঘাত লাগে!! আৰু মই মাৰ ঘৰ যোৱাৰ সলনি তেওঁৰ ঘৰ যাবলৈ বেছি ভাল পাইছিলোঁ, কাৰণ সেইখনেই মোৰ ঘৰ আছিল। তেওঁ ও মোক বাধা দিয়া নাছিল আমি খুব ভাল বন্ধু হৈ পৰিছিলোঁ। হাঁহিছিলোঁ একেলগে, কেতিয়াবা কান্দিছিলোঁও দুয়োজনে।

 মোক পঢ়াৰ ক্ষেত্ৰত ইমান সাহস দিছিল তেওঁ হয়তো সেয়া মোৰ নিজ মা দেউতাইও দিব নোৱাৰিলেহেঁতেন কাহানিও।

 দুবাৰ চেষ্টা কৰি মই নেট পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিলোঁ, ভাগি পৰিছিলোঁ মই। তিনি নম্বৰবাৰ পৰীক্ষাৰ এমাহ মান আগতে আহি তেওঁ মোক লৈ গৈছিলহি ঘৰলৈ। মোৰ লগত দুভাগ ৰাতিলৈ তেওঁ সাৰে আছিল মোৰ পঢ়াৰ টেবুলত। আৰু সেইবাৰেই মই উত্তীৰ্ণ হৈছিলোঁ। ফলাফল পোৱাৰ দিনা উল্লাহত মই নাচি উঠিছিলোঁ, তেওঁ আহিছিল আকৌ আৰু মই গৈ তেওঁক একো নাভাবি জোৰত সাৱটি লৈছিলোঁ।

 মোৰ মনটো লাহে লাহে মুকলি হ’বলৈ আৰম্ভণি কৰিছিল, ভৱিষ্যতৰ পথ একো নাজানিছিলোঁ কিন্তু তেওঁক কাষত পাই মই সাহস পাইছিলোঁ। সেইদিনা তেওঁ মোক এক অনাকাংক্ষিত প্ৰস্তাৱ দিছিল, প্ৰস্তাৱ বুলি ক’লে ভুল হ’ব কিজানি।

 : “আৰু ভালকৈ পঢ়া তুমি। সৰু হৈয়ে আছা এতিয়াও আৰু এদিন তুমি আকৌ নিজৰ জীৱনটো আৰম্ভণি কৰিবা নতুনকৈ। মই আগবঢ়াই দিম তোমাক, আৰু অলপো কষ্ট নাপাবা তুমি। বছ নিজৰ ভৰিত নিজে থিয় দিয়া তুমি মই সদায় কাষত থাকিম সেইদিনালৈ।”

 মই মূক হৈ পৰিছিলোঁ, জীৱনৰ প্ৰতি মোহ আছিল নে নাই তেতিয়া আজি ক’ব নোৱাৰিম মই। বৰ চাকনৈয়াত সোমাই পৰিছিলোঁ মই। ৰাতি ৰাতি টোপনি নাহিছিল মোৰ।

 হয় আন দহ জনীৰ দৰে মই ও ছোৱালীয়ে আছিলোঁ, মোৰো সপোন আছিল যিবোৰ ভগ্নস্তুপলৈ পৰিবৰ্তন হৈছিল বিয়া হৈ আহিয়েই, এজন অস্বাভাৱিক পুৰুষ স্বামীৰ লগত সেয়া সম্ভৱ নাছিল। একো মতা নাছিলোঁ মই মুখেৰে।

 মোৰ কপালৰ চুলিতাৰিৰ মাজৰ সেন্দুৰ খিনিলৈ তেওঁ চাইছিল সেইদিনা যাবৰ সময়ত। হাঁহি মুখেৰে মোৰ গালত হাত ফুৰাই গৈছিল তেওঁ। মোৰ হোষ্টেলৰ বান্ধৱীবোৰৰ চকুত মই আটাইতকৈ সুখী দম্পতী বুলি প্ৰচাৰ হৈ গৈছিল কাৰণ আছিল আমাৰ বন্ধুত্বখিনি। কিন্তু কোনেও ঘুনাক্ষৰেও নাজানিছিল আঁৰৰ সত্যখিনি।

 সময়ে গতি কৰিছিল লগতে মোৰ কামেও ক্ষিপ্ৰতাৰে গতি কৰিছিল।

 সেই আঠোটা বছৰৰ আগতে এৰি অহা মইজনী আজি চোন বহুত বেলেগ হৈ পৰিলোঁ।

 যোৱা পোন্ধৰ দিনৰ আগতে এখন কলেজত অধ্যাপকৰ পদৰ বাবে ইণ্টাৰভিউ দি আহিছিলোঁ, তেওঁ আগতেই পাৰ্টি খুৱাইছিল মোক, কাৰণ মোতকৈও বেছি তেওঁ নিশ্চিত আছিল মোৰ সফলতাক লৈ। তেওঁৰ কথাই সঁচা হ’ল কালি , মই যোগ্য ঘোষিত হলো।

 কাইলৈ চাকৰিত যোগদান কৰিম গৈ। তেওঁ মোক এযোৰ কাপোৰ উপহাৰ দি গৈছিল। লগতে মোক আকৌ সোঁৱৰাই গৈছিল সেই প্ৰস্তাৱটোৰ কথা। কাৰণ তেওঁ সাজু হৈছিল মোক নতুনকৈ জীৱনটো গঢ়িবলৈ আগবঢ়াই দিবলৈ।

 ফোনটো বাজি উঠিল লাহেকৈ। আন কোনো নহয় সেয়া মোৰ স্বামী

 “কি কৰি আছা?” একেই সেই শান্ত মাতষাৰ

 : “উম আছোঁ... আপুনি?”

 : “কাইলৈ সোনকালে উলাবা মই ৰাতিপুৱাই পাই যাম। আজি সোনকালে শুই যাবা।”

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড