পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৫

 আশীষৰ স্মৃতি সামৰি নতুন জীৱন এটালৈ বাট বোলাৰ কিঞ্চিত হেঁপাহো মোৰ নাছিল। অথচ শেহান্তৰত মই নোঁৱাৰিলোগৈ। মা-দেউতাই সমাজত মূৰ ডাঙি থিয় হৈ জীয়াই থাকিবলৈ বিচাৰিছিল। বহু খবৰৰ প্ৰান্তত অনুপ যেতিয়া এটা জীয়া খবৰ হৈ মোক চাবলৈ আহিছিল, মা-দেউতাই মোক হাত যোৰ কৰি মোৰ জীৱন আৰু ঘৰখনৰ সন্মান ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছিল।

 অনুৰোধ কৰিছিল অনুপেও। প্ৰথম সাক্ষাততে মোৰ মুখেৰে আশীষৰ বিষয়ে জানিব পাৰি আশীষক বুকুত ভৰাই লৈ নতুনকৈ জীৱনটো যাপন কৰিবলৈ অনুৰোধ জনাইছিল মোক।

 : চোৱা জুপিতৰা। তোমাক লগ পোৱাৰ আগতেই ইতিমধ্যে তোমাৰ বিষয়ে মই শুনিছো। হয়তো বেছিকৈয়ে শুনিছো। কিন্তু শুনা কথাক বিশ্বাস কৰা মানুহ মই নহয়। মোৰ বিশ্বাস আছিল অভিজাত বংশৰ উচ্চশিক্ষিতা ছোৱালী এগৰাকী ইমান তৰল চিন্তাৰ নিশ্চয় নহয়। সেয়ে সকলো বাধা নেওচি মই তোমাক লগ কৰিবলৈ আহিলোঁ। তুমি নিজেই সকলোবোৰ খোলাখুলিকৈ কোৱাই মই নথৈ সুখী হ’লো। মোৰ বিশ্বাস গাঢ় হ’ল। প্ৰেম কাৰ জীৱনত নাহে জুপিতৰা? সেই প্ৰেম হেৰাই যোৱা মানেইতো জীৱন শেষ হৈ নাযায়। মোৰ সৈতে কথা পাতা। মোক পঢ়া। আৰু যদি মোৰ ওপৰত মোৰ কথাৰ ওপৰত তোমাৰ আস্থা জন্মে, তেন্তে মাতিবা মোক। মই আগ্ৰহেৰে আহিম আৰু আশীষৰ সৈতে তোমাক লৈ যাম। জানো মই, আশীষক এৰি যে তুমি নোযোৱা। তোমাৰ মতামত লৈহে মোৰ সিদ্ধান্ত হ’ব।

 আশীষৰ মৃত্যুৰ পিছত প্ৰথমবাৰলৈ চিঞৰি চিঞৰি কান্দিছিলো মই। অৱশেষত অনুপৰ পত্নীৰ আসনখনত মই অধিষ্ঠিত হৈছিলোঁ। অন্তঃকৰণেৰে তেওঁৰ জীৱনলৈ নিমন্ত্ৰণ জনাইছিল মোক। আৰু তেওঁৰ হৃদয়লৈ?

 জোন গলা সময় আছিল সেয়া। অনুপৰ অসাধাৰণ ব্যক্তিত্ব, সুগভীৰ আশ্বাস আৰু অনিন্দ্য প্ৰেমৰ সুতীব্ৰ উত্তাপত ময়ো গলি গলি বৈ গৈছিলো তেওঁৰ হৃদয়লৈ...

“যেন এক উদাস সন্ধ্যাৰ নাম বাসৱী.....”

 বাসৱী কোন? সঁচাকৈয়ে মই নাজানিছিলোঁ। সুদীৰ্ঘ বছৰ অনুপৰ গাৰ ছাঁ হৈয়ো মই বাসৱীৰ নাম পৰ্যন্ত শুনিবলৈ পোৱা নাছিলোঁ। অৰ্ধমৃত অনুপক মই মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰাই আনিলোঁ। অথচ মৃত্যুৰ দুৱাৰডলিত অনুপে উচ্চাৰণ কৰা নাৰীগৰাকী মই অথবা অনুপৰ স্বৰ্গৰ্গত মাতৃ নাছিল সেয়া আছিল অন্য নাৰী। এৰা, বাসৱীয়েইতো আছিল সেই অন্য নাৰী। অথচ সেই মুহূৰ্ততো সন্দেহৰ চাদৰখন দলিয়াই ঝৰ্ণা আৰু অভিক বাসৱীৰ সন্ধান কৰিবলৈ মই কিয় জানো কাকূতি কৰিছিলোঁ?

 বাসৱী অনুপৰ হৃদয়ৰ অধিকাৰিণী। শৈশৱৰ সংগিনী। ভঙা-চিঙা কলিজাটো হাতত লৈ অনুপ কিছু সুস্থিৰ হোৱালৈ বাট চাই ৰ’লোঁ। তেওঁৰ পৰা বাসৱীৰ সবিশেষ লাগে মোক। কিয় তেওঁ অনুপৰ হৃদয় হৈও তেওঁৰ পত্নী হ’ব নোৱাৰিলে? কিয় মই পত্নী হৈও অনুপৰ হৃদয় জয় কৰিব নোৱাৰিলো? নাঃ আক্ষেপ নাই মোৰ। তেওঁৰ লগত কোনোপধ্যেই মোৰ জীৱনৰ তুলনা নহয়। প্ৰজ্ঞাৰ সুউচ্চ আসনত অধিস্থিত হৈও তেওঁ যে একেবাৰেই ৰিক্ত। সেই নাৰীক ঈৰ্ষা কৰা যায়নে?

 বৰ্ষাগধূৰ সন্ধ্যা এটা অনুপে নিজেই বন্ধ কোঠাৰ দুৱাৰখন খুলিছিল...

 : বাসৱীৰ বিষয়ে তোমাৰ একো জানিব লগা নাই নে জুপি?

 : ক’বা জানো হৃদয় খুলি সকলোবোৰ? অথচ মোক আশ্বস্ত কৰিবলৈ তুমি ব্যৰ্থ প্ৰয়াস কৰাৰ প্ৰয়োজন নাই।

 : জানো মই তুমি যে অভিমান কৰিবা।

 : ওহোঁ। সেই ভুল আৰু নকৰোঁ।

 : বাসৱীয়ে তোমাক খুব শ্ৰদ্ধা কৰে জুপি।

 : মই কোন তেওঁৰ বাবে? তেওঁ কি কাৰণে মোক শ্ৰদ্ধা কৰিব?

 : বাসৱীৰ মন কিমান স্বচ্ছ! তাই কিমান দুৰ্ভগীয়া তুমি নুবুজিবা জুপি।

 : সেই দুৰ্ভাগ্যৰ কাৰণ তুমি নহয়তো?

 : নহয় বুলিতো ক’ব নোৱাৰোঁ। কিন্তু তুমি যে তাইৰ বিষয়ে একোৱেই নাজানা!

 : যিগৰাকী নাৰীক অতবছৰে মোৰ অজ্ঞাতে তোমাৰ বুকুত কঢ়িয়াই ফুৰিছা, জানিব পাৰোনে সেই নাৰী তোমাৰ পত্নী হ’ব কিয় নোৱাৰিলে?

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড