পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৪

 “ বহুত ক’লো ন? আৰু নকওঁ দে। অহাবছৰলৈ শুক্লেশ্বৰলৈ আহিয়েই আশীৰ্বাদ এটা লৈ ঘৰ এখন সাজিম দে। ইমানবোৰ যুক্তি-দ্বন্দ্বৰ এটাইটো অন্ত, তোক এৰি যে মই জীয়াই থাকিব নোৱাৰোঁ। আচলতে তই মোৰ হৃদয় নহৱ, মোৰ প্ৰাণ তই। মোৰ উশাহ। এতিয়া নুবুজিবি এইবোৰ। একেবাৰেই নুবুজিবি। বুজিবি সিদিনা, যিদিনা তোৰ এই চকুপানী সহ্য কৰিব নোৱাৰি বহু দূৰলৈ গুচি যামগৈ মই।”

 প্ৰথমবাৰলৈ তাৰ বুকুত মুখ গুজি হুকহুকাই কান্দিছিলোঁ মই। মোৰ অশ্ৰক মহাবাহুৱে সাৱটি লৈছিল চাগৈ। কিছুপৰ আগলৈকে মোৰ মন উদ্বেলিত কৰা সংশয় এতিয়া আৰু নাই। প্ৰান্তত: আশীষে মোক বুজি পালে। চৰ্তহীন, চুক্তিহীন আমাৰ সম্পৰ্কক সি প্ৰাণেৰে আদৰিলে। কিন্তু আমাৰ ভালপোৱাক বুজিবনে মোৰ দেউতাই? আমাৰ সম্পৰ্কক আদৰিবনে মোৰ ঘৰখনে?

 আলফুলে মোৰ মুখখন তুলি ধৰিব খুজিলে সি। কুচিমুচি তাৰ বুকুত মুখখন লুকুৱাই মহাবাহুলৈ চাই ৰ’লোহি মই। মহাবাহুৰ দৰে বিশাল কিয় হ’ব নোৱাৰে সমাজখন? কেৱল অন্য সম্প্ৰদায় বুলিয়েই আশীষৰ দৰে তীক্ষ্ণ বুদ্ধিসম্পন্ন সুচৰিত্ৰবান ল'ৰাটোক কিদৰে হৃদয়ৰ পৰা মচি পেলাওঁ? আস্! হৃদয় নিৰূপায়।

 ও চাওঁ উঠ। কি কৰিছ? মানুহে ক’ব কি? ইমান দুৰ্বল নহ’বি জুপি। আমি কাঁইটৰ বাটত খোজ থৈছো যেতিয়া সৰু-সুৰা আঁচোৰ খামেই। সেইবুলিয়ে আগবাঢ়ি নাযামনে? তথাকথিত সমাজ ব্যৱস্থাৰ ভুৱা নীতি-নিয়ম পৰিহাৰ কৰি আমি আগুৱাই যাব লাগিব। এইখিনি বিশ্বাস আছেনে তোৰ মোৰ ওপৰত? মোৰ ভালপোৱাৰ ওপৰত?

 নিজতকৈও বেছি বিশ্বাস কৰিছিলোঁ তাক। আমাৰ প্ৰেমৰ দোহাই দি ঘৰৰ মানুহৰ লগত তৰ্কও কৰিছিলোঁ। দেউতাই কোনোপধ্যেই মানিবনুখুজিছিল আমাৰ সম্পৰ্কক। আশীষক মতাই আনি মোৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি যাবলৈ সতৰ্ক কৰি দিছিল। তৰ্ক-যুদ্ধৰ সেই অথিৰ-অবিৰ দিনবোৰতেই মোক নিচৰ্তে আপোন কৰি ল’ব খোজা ল’ৰাটোৱে মোৰ ভালপোৱা নেওচি দেউতাৰ কথামতেই বহু দূৰলৈ গুচি গৈছিল।

 এৰা, হঠাতেই এদিন মোৰ হাতৰ এমুঠি ছাই হৈ পৰিছিল আশীষ। কিয় কেনেকৈ কি কাৰণে সি অদৃশ্য হৈ পৰিছিল। মই নাজানিছিলোঁ। ৰেল আলিত তাৰ শৰীৰটো কেইবাটুকুৰা হোৱা খবৰটো পাওঁতেও মই বিশ্বাস কৰা নাছিলোঁ। ঘৰৰ অসীম বাধা নেওচি লৰি গৈছিলো তাৰ ঘৰৰ চোতাললৈ, য’ত সি এবাগিছা ফুল হৈ সপোন গুঠি আছিল। উভতিবলৈ মোৰ বাট নাছিল। তথাপি হাতৰ মুঠিত তাক ভৰাই লৈ মোৰ আছুতীয়া কোঠাত সোমাইছিলোঁহি মই। আঁকুহিবাঁকুহি নিজকে সুধিছিলো, “তোৰ সুখৰ বাবেই সি বাট মোকোলাই দিয়া নাই?” অথচ মই জানিছিলোঁ, সি কাপুৰুষ নাছিল। কাহানিও নাছিল।

 মোৰ প্ৰেম অকালতে অত্যন্ত নিষ্ঠুৰভাৱে হাৰি গৈছিল। শুক্লেশ্বৰ ঘাটত হোৱা আমাৰ কথোপকথনৰ পিছত তাক এবাৰো মই নিজাকৈ লগ পোৱা নাছিলোঁ। আমাৰ ঘৰলৈ আহিও সি দেউতাৰ তীব্ৰ সকীয়নিক অশ্ৰদ্ধা কৰা নাছিল। “আপুনি যে তাইৰ পিতৃ। আপোনাৰ স্থিতি সম্পূৰ্ণ স্বাভাৱিক। কিন্তু আমাকো অলপ সময় দিয়ক চোন।” দেউতাক সময় খোজা ল’ৰাটো সময়ৰ সোঁততেই এদিন হেৰাই গৈছিল।ম’ৰা শৰীৰ এটালৈ পৰ্যবসিত হৈছিলোঁহি মই। অহা বছৰলৈ তাৰ নামৰ সেন্দুৰ পিন্ধিম বুলি ৰৈ থকা ছোৱালীজনীৰ সেওঁতা তাৰ মৃত শৰীৰৰ ছাইৰে পূৰ্ণ হৈছিল। হয় হয়। ছাই বৰণীয়া সেওঁতাৰে মই তাৰ পত্নী হৈছিলোঁহি।

 ইতিমধ্যে ঘৰখনত হাহাকাৰ লাগিছিল। মোক লৈ চিন্তাৰ অন্ত নাছিল। কোনোবাই দিহা দিছিল, “যিমান সোনকালে পৰা যায়, তাইক বিয়া দিব লাগে। তাইক বিয়া দিব লাগে।” পছোৱাৰ নিচিনাকৈ খবৰবোৰ আহিছিল আৰু মোৰ ঘৰৰ পদূলিত খোজ নেপেলোৱাকৈয়ে উভতি গৈছিলগৈ। নাযাবনো কিয়? সমাজৰ দৃষ্টিত সম্ৰান্ত পৰিয়ালটোৰ নাম মাটি কৰা উচ্চশিক্ষিতা এগৰাকী উতনুৱা জীয়ৰীহে মই। আলাসতে দিল্লীলৈ পঢ়িবলৈ গৈ ৰসাতলে যোৱা মই এজনী দুঃশ্চৰিত্ৰা।

 সমাজৰ শালীনতা অতিক্ৰমি যোৱাকৈ আমাৰ কোনো সম্পৰ্ক আছিল নেকি? অ’ সি মোৰ হাতত ধৰিছিল। তাৰ বুকুত মুখ গুজি এদিন মাত্ৰ মই কান্দিছিলোঁ। সেয়াই অসংযত প্ৰেমৰ সংজ্ঞাতো হ’ব নোৱাৰে। হ’লেও মই স্বীকাৰ নকৰোঁ। সত্য এটাই, সি মোৰ উশাহত আছে আৰু চিৰদিন থাকিব। থাকিল নে সি মোৰ উশাহত চিৰদিন? থাকিলনে?

 কেনেকৈ যে অনুপ মোৰ উশাহ হৈ পৰিল, মই নিজেই দেখোন নাজানিলোঁ। এৰা, আশীষক আলফুলে কলিজাত শুৱাই থৈ অনুপেকইতো চিৰদিনলৈ উশাহত ভৰাই ল’লোঁ। মোৰ অজানিতেই মোৰ প্ৰাণ হৈ পৰিল অনুপ। মোৰ বিধ্বস্ত

জীবনৰ পয়গম্বৰ....

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড