পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৩

 খঙত ফোপাইছিলো মই। কঁপি উঠিছিল মোৰ অভ্যন্তৰ। উঠিবৰেই কথা। আমাৰ ভালপোৱা নিৰ্মেঘ আকাশৰ বেলিৰ দৰে সত্য,সুতীব্ৰ আৰু পবিত্ৰ আছিল। চৰ্তহীন মৰমেৰে উচ্চাৰিত সঞ্জীৱনী মন্ত্ৰ আছিল আমাৰ ভালপোৱা। সেই ভালপোৱাত হঠাৎ চৰ্ত কিয় আহিল? ক’ৰ পৰা আহিল? আমাৰ কাৰণে কিমান এৰা ধৰা কৰিলোঁ জীৱনত। আৰু কৰিম। প্ৰয়োজন হ’লে নিজৰ জীৱনৰ সৈতেও, ঘৰৰ মানুহৰ সৈতেও এৰা-ধৰা কৰিম। কিন্তু সেয়া হ’ব লাগিব একান্ত মোৰ ইচ্ছা। কোনো চৰ্তসাপেক্ষে নহয়। আমাৰ প্ৰেম হ’ব লাগিব এখন নৈৰ সোঁতৰ দৰে। যি নিৰকুংশ। যি নিৰবধি।

 : আমাৰ সম্পৰ্কৰ মাজত চৰ্ত কিয় আনিলি? কোনো জটিলতা নোহোৱাকৈ এক জটিল সম্পৰ্ক যোৱা তিনি বছৰে এটা ফুল পুলিৰ দৰে লালন কৰিছো মই। তই নাজানে? তইতো সকলো জান আশীষ। মোৰ আভিজাত্য মোৰ অহংকাৰ নহয়। মোৰ বংশ-পৰম্পৰা মোৰ বাবে গৌৰৱ। অহেতুক সন্ত্ৰমৰ পোছাক কেতিয়াও মই গাত সুমুৱাই লোৱা নাই। ধন-বিলাসৰ প্ৰতি মই লালায়িত নহওঁ। তৃষিত নহওঁ। কিন্তু তোক ভাল পালোঁ বুলিয়েই মোৰ পিতৃ পৰিচয় অস্বীকাৰ কৰিবতো নোৱাৰোঁ। বহু পুৰুষীয়া বংশৰ তেজ মোৰ শৰীৰত বিয়পি আছে। সেই তেজকতো মই অসন্মান কৰিব নোৱাৰোঁ। আমাৰ প্ৰেম নিচৰ্ত আছিল। তই ইয়াৰ মাজত চৰ্ত আনিলি। যদি এনেকুৱাই হয়, তেন্তে মোৰৰ চৰ্ত থাকিব পাৰে। মোৰো সামাজিক, ৰাজনৈতিক দৃষ্টিকোণ থাকিব পাৰে। তোৰ বিচাৰক মই শ্ৰদ্ধা কৰোঁ। সন্মান কৰোঁ। কিন্তু সেয়াই মোৰো বিচাৰ হ’ব বুলি তই কিয় ভাবিলি? মোৰ নিজস্ব বিচাৰকোণ থকাটো উচিত নহয় নে? অন্তত তোৰ পৰা এনে কথা মই আশা কৰা নাছিলো।

 : চা জুপি। মই কেতিয়াও তোৰ স্বাভিমানত আঘাত কৰাৰ কথা ভবা নাই। তোৰ স্বকীয়তাক মই গভীৰভাৱে সন্মান কৰোঁ। আৰু সেইবাবেই আমাৰ সম্পৰ্কটো সামাজিক কৰাৰ আগতে তোক সূক্ষ্মভাৱে চিন্তা কৰিবলৈ কৈছো। তোৰ বিবেকক কষ্ট দি মই কেতিয়াও সুখী হ’ব নোৱাৰিম।

 : তেন্তে এই চুক্তিৰ অৱতাৰণা নিৰৰ্থক বুলি তই নাভাবনে?

 : নাভাবো। তই মোৰ প্ৰেম। তই মোৰ উৎসাহ। কিন্তু তই কোৱাৰ দৰে মোৰো নিজস্ব চিন্তাধাৰা আছে। তোৰ যি জীৱনশৈলী, তাৰ বিপৰীত মেৰুত বাস কৰোঁ মই। এই বৈপৰীত্যৰ বিপৰীতে সমিলমিল সহধৰ্মীতাৰে জীৱন উদযাপন কৰাৰ কথা অৱশ্যে আমি ভাবিব পাৰোঁ।

 : তেন্তে সেয়াই হওক। এৰাধৰা, পাৰস্পৰিক বুজাবুজিৰ মাজেৰে আমাৰ সম্পৰ্কটোক আতোলতোলকৈ আগুৱাই। নিওঁ ব’ল। তইতো জান,মোৰ ঘৰখনে কেতিয়াও আমাৰ সম্পৰ্কটো মানি নলয় বুলি জানিও তোৰ সংগ মই এৰা নাই। এৰিব নোৱাৰোঁ। কাৰণ তই মোৰ এই ক্ষুদ্ৰ জীৱনটোৰ বাবে মহাৰ্ঘ্য। কিন্তু সেইবুলিয়ে মোৰ আদৰ্শ, মোৰ পৰিচয় ত্যাগ কৰিবলৈ মই কোনোপধ্যেই মান্তি নহওঁ। অথচ তই নুবুজ কথাবোৰ!

 বুজোঁ। কিয় নুবুজিম জুপি? সম্ৰান্ত পৰিয়ালৰ হৈও তই মোৰ দৰে নিঃকিন বঙালী ল’ৰা এটাক বুকুত থিতাপি ল’বলৈ দিছ। সম্ভ্ৰমৰ স্বচ্ছ চাদৰখন উৰি লৈ আলফুল উশাহত ভৰাই লৈছহি মোক। জানোঁ মই সেই কথা। তোৰ হিয়াৰ স্পন্দন মই শুনো। কণ্টকাকীৰ্ণ বুলি জানিওতো স্ব-ইচ্ছাই উছাহেৰে তই সেই বাটতেই খোজ দিছহি। তেনে আজি মোৰ কথাত ইমান আৱেগিক হৈ পৰিলি কিয়? মই তোক চুক্তিৰ শিকলিৰে বান্ধিবলৈ যাব পাৰোনে? এয়া অসম্ভৱ। তোক কষ্ট দিবলৈ নোৱাৰোঁ বাবেই কথাখিনি খোলাখুলিকৈ ক’লো। তই বুজিব নুখুজিলি। কিন্তু এয়াও সঁচা, যিদৰে মাথো তোক ভাল পাওঁ বাবেই বৈপৰীত্যৰ সৈতে তোক আকোৱালি ল’লোঁ বুলি আজি কথা দিলোঁ, তেনেদৰেই মোৰ আদৰ্শকো মই মোৰ মাজতেই আজীৱন জীয়াই ৰাখিম। বিয়াৰ পিছতো তই এই ক্ষেত্ৰত হকাবাধা কৰিব নোৱাৰিবি। আমাৰ মতানৈক্যই যাতে আমাৰ সম্পৰ্কটোত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। বাকীখিনি তই ভাবি চা। কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰোঁতে নিজৰ বিবেকক প্ৰশ্ন কৰিবি। যদিহে সেই সিদ্ধান্তই তোলৈ সুখ কঢ়িয়াই আনিব পাৰে বুলি ভাব, তেতিয়াহে সেই সিদ্ধান্তক আকোৱালি লবি। কাৰণ তোক নিজৰ কৰি পোৱাতকৈ তোৰ সুখহে মোৰ বাবে অধিক গুৰুত্বপূৰ্ণ। মানসিকভাৱে কিমান সৱল মই সেয়া তই জান। কিন্তু সেই সৱল মনটো তোৰ ওচৰত কিমান যে দুৰ্বল হৈ পৰে! তথাপিও চম্ভালিম মই। নিজক চম্ভালিম। নিজৰ মনটোক চম্ভালিম। যদিহে তই মোৰ পৰা আঁতৰি থাকিলে তোৰ কল্যাণ হ’ব বুলি ভাব, সেয়াও কৰিবলৈ পাৰিম মই। মাথোঁ তই মোক ভুল নুবুজিবি।

 শুক্লেশ্বৰ ঘাটৰ চিৰিত বহি মহাবাহুৰেই নৈসৰ্গ উপভোগ কৰি আছিলোঁ মই। কৰ্ণকুহৰত বাজি আছিল আশীষৰ দৃঢ়

কথাবোৰ। কি জানো বুজিছিল সি, এটা সময়ত মোৰ নিচেই কাষত বহি সোঁহাতৰে মোৰ চকুপানী মচি মচি কাণত ফুচফুচাইছিল

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড